--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • একপ্ৰকাৰ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাৰ সমগ্ৰ দিশতে এটা বৃহৎ পৰিৱৰ্তন ঘটিছে। এয়া একমাত্ৰ গুৰুজনাৰ জন্মভূমিৰ পৰিৱৰ্তন অথবা উন্নয়ন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ আন এক সংজ্ঞা হ'বলৈ গৈ আছে।

ডিজিটেল ডেস্ক : গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বৰদোৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থান নতুন ৰূপত জিলিকি উঠিব। ন ৰূপত প্ৰাণ পাব বৰদোৱাই। এয়া যেন প্রতিজন অসমীয়াৰ বাবে এক গৌৰৱৰ বিষয়। অসমীয়াৰ স্বাভিমানৰ অনন্য গৌৰৱৰ প্ৰতীক গুৰুজনাৰ পৱিত্ৰ জন্মভূমি। ধর্মীয় পৰম্পৰা আৰু সংস্কৃতিৰ অভিকেন্দ্ৰ স্বৰূপ বটদ্ৰৱাৰ বৃহত্তৰ অঞ্চলটোত দীর্ঘদিন ধৰি চলি অহা এক অশুভ পৰম্পৰা আৰু একাংশ বেদখলকাৰীৰ দপদপনিৰ পাছত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কৃপা দৃষ্টিয়ে আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।


একপ্ৰকাৰ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাৰ সমগ্ৰ দিশতে এটা বৃহৎ পৰিৱৰ্তন ঘটিছে। এয়া একমাত্ৰ গুৰুজনাৰ জন্মভূমিৰ পৰিৱৰ্তন অথবা উন্নয়ন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ আন এক সংজ্ঞা হ'বলৈ গৈ আছে।


কিয়নো এক বৃহৎ বেদখলকৃত ভূমি উচ্ছেদ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বটদ্ৰৱাত স্থাপন কৰা এক অভিলাষী প্রকল্প কাইলৈ মুকলি কৰিব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে। গুৰুজনাৰ পদৰেণুৰে ৰঞ্জিত এই বৈকুণ্ঠধাম সদৃশ বটদ্ৰৱাত আৰম্ভ হৈছিল এক বিশেষ সম্প্ৰদায়ৰ কেঁকোৰা চেপা। আনকি গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বৰদোৱাৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ ভূমিত চলিছিল বৃহৎ বেদখল। হোৰাহোৰে বেদখল বাঢ়ি ঐতিহাসিক বটদ্ৰৱা থানৰ প্ৰতি সৃষ্টি কৰিছিল তীব্ৰ ভাবুকিৰ। অৱশ্যে, ইয়াৰ মাজতে বটদ্ৰৱাৰ স্থানীয় খিলঞ্জীয়া ৰাইজে বটদ্ৰৱা থানক সুৰক্ষিত কৰি আহিছিল। কিন্তু ভূমি বেদখলৰ বিষয়টো আছিল অতি স্পৰ্শকাতৰ। যাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত এই বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰে আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে বটদ্ৰৱাত আৰম্ভ হয় বৃহৎ উচ্ছেদ।


তদানীন্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালৰ পৰা চলা এই নিৰৱচ্ছিন্ন প্রচেষ্টাৰ ফলত আৰু বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতেই বটদ্ৰৱাত চলা বৃহৎ উচ্ছেদৰ যবনিকা পৰে আৰু বিগত পাঁচটা বছৰৰ ভিতৰত বটদ্ৰৱা থানে অনন্য মাত্রা লাভ কৰিবলৈ সক্ষম হয়। আজি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্প মুকলি কৰি বটদ্ৰৱা থানক এক সুকীয়া মাত্রা প্রদান কৰিব। দুশ কোটিৰো অধিক বাজেটেৰে নিৰ্মাণকাৰ্য সম্পূর্ণ হোৱা এই প্রকল্পই গুৰুজনাৰ পৱিত্ৰ জন্মভূমিক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ লগতে গুৰুজনাৰ সৃষ্টি আৰু আদর্শ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সুচল হৈ পৰিব।


উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ১৬৫ বিঘা ভূমি ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত বেদখল মুকলি কৰা হৈছিল আৰু উক্ত ভূমিতে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্রী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱাৰ ঐতিহাসিক সম্পদ স্বৰূপ নাটঘৰটোৰ আন্তঃগাঁথনি নির্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে কেইবা বছৰ পূৰ্বে মজিয়াত মাৰ্বল লগোৱাৰ লগতে অত্যাধুনিক প্রযুক্তিগত চিলিং নির্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেৰে ন ৰূপত সজোৱা হ'ল বটদ্ৰৱা থানৰ নাটঘৰ। তদুপৰি, ২০২৩ চনত বটদ্ৰৱা থানৰ কাৰ্যালয় নিৰ্মাণ, সত্ৰাধিকাৰসকলৰ বহা, দামোদৰ আতা ভৱনৰ নির্মাণ, সভাগৃহ, আকাশীগংগাৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ কাৰ্যক্ৰমণিকা সমাপ্ত কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই। সত্ৰাধিকাৰসকল, ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত মাংগলিক সত্ৰীয়া পৰম্পৰাৰ কার্যক্রমণিকাত কেইবাবাৰো অংশ লৈছিল মুখ্যমন্ত্রী ড° শর্মাই।


উল্লেখযোগ্য যে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্রী অমিত শ্বাহেই বহু প্রত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল। আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্রকল্পত বিশ্বৰ আতাইতকৈ ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্রতিফলিত হোৱা বিভিন্ন কাৰকাৰ্য খটোৱা অতিথি গৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্র (auditorium), খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নির্মাণসমূহ সম্পূৰ্ণ হোৱাৰ পথত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement