--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনতুন দিল্লীত চলি থকা জি ২০ শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় তথা অন্তিম দিন। ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কনভয়ৰ এজন গাড়ী চালকক  দিল্লীত অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে আটক কৰা হৈছে।অৱশ্যে   সোধা-পোছাৰ পিছত তেওঁক মুক্তি দিয়া হৈছে।

 জানিব পৰা মতে মাৰ্কিন ৰাষ্ট্ৰপতিৰ কনভয়ৰ এখন গাড়ীয়ে হঠাতে  তাজ হোটেলত প্ৰৱেশ কৰাৰ পিছতে হুৱা-দুৱা লাগে।  তাজ হোটেলত সংযুক্ত আৰৱ গণৰাজ্যৰ   ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান আছিল। সংযুক্ত আৰৱ গণৰাজ্যৰ   ৰাষ্ট্ৰপতিৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি ধাৰণা কৰিয়েই আৰক্ষীয়ে বাইডেনৰ কনভয়ৰ গাড়ী চালক জনক আটক কৰে। বাইডেনৰ কনভয়ৰ গাড়ী চালকজনে ভুলতে নে আন কিবা কাৰণত হোটেল খনৰ ভিতৰলৈ অনুমতি অবিহনে গাড়ী প্ৰৱেশ কৰোৱাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

 যিহেতু নতুন দিল্লীত জি-২০ সন্মিলন চলি আছে, সেয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা অৱসম্বন কৰা হৈছে।  ইপিনে গাড়ীখনৰ চালকজনে কৈছিল যে তেওঁ পুৱা ৯.৩০ বজাত আইটিচি মৌৰ্যত উপস্থিত হোৱাৰ কথা আছিল, য'ত বাইডেন আছিল। অৱশ্যে, তেওঁ প্ৰথমে  তাজত উপস্থিত হৈছিল। কাৰণ  তেওঁ লোধি ইষ্টেট এলেকাৰ পৰা তেওঁৰ গাড়ী খনতে অহা  এজন ব্যৱসায়ীক তাজত নমাই  দিবলগীয়া  হৈছিল।

 চালকজনে কৈছে যে তেওঁ প্ৰটোকলৰ  বিষয়ে অৱগত নহয়। নিৰাপত্তা বিষয়াসকলে তেওঁক সোধা-পোছা কৰাৰ পিছত তেওঁক  মুকলি কৰি দিয়া হয়। উল্লেখ্য  দুদিনীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বাইডেনে শুকুৰবাৰে নতুন দিল্লীত  উপস্থিত হৈছিল আৰু একেদিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰিছিল। দেওবাৰে পুৱা দিল্লীত মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰ  ৰাজঘাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ ভিয়েটনামলৈ ৰাওনা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক