--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ হ’বলৈ গৈ আছে সোণম কাপুৰ। প্ৰথমবাৰৰ বাবে ককায়েক হ’বলৈ গৈ আছে অনিল কাপুৰ। মুঠতে কাপুৰ পৰিয়ালত এতিয়া উলাহে নধৰা হিয়া। নিজৰ জীয়েকৰ বেবী শ্বাৱাৰ অনুষ্ঠান অতি ধুমধামেৰে উদযাপন কৰিছিল অনিল আৰু সুনীতা কাপুৰে। পিছে, দীঘলীয়া নহ’ল এই কাৰ্যসূচী। হঠাত্‍ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ’ল কাপুৰ পৰিয়ালে।

১৭ জুলাই অৰ্থাৎ দেওবাৰে মুম্বাইত সোনম কাপুৰৰ  বেবী শ্বাৱাৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল। সোণম আৰু আনন্দৰ বিয়া হোৱা বাংলোটোতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অতিথিসকললৈ আমন্ত্ৰণ পত্ৰও প্ৰেৰণ কৰা হৈছিল। দীপিকা পাডুকন, কৰীণা কাপুৰ খান, আলিয়া ভাট, মলাইকা অ’ৰোৰা, মছবা গুপ্তা, অমৃতা অ’ৰোৰা, ৰাণী মুখোপাধ্যায়, স্বৰা ভাস্কৰ আদি বহুকেইজনক আমন্ত্ৰণ জনোৱাৰ লগতে সমগ্ৰ কাপুৰ পৰিয়ালৰ সৈতে আমন্ত্ৰণ জনোৱা হয়। সোণমেও লণ্ডন এৰি ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে। সোনমৰ বন্ধু মছাবা গুপ্তাইও তেওঁৰ সাজ-পোছাক ডিজাইন কৰিছিল। কিন্তু কিয় বন্ধ কৰা হৈছে এই হাই প্ৰফাইল গ্ৰেণ্ড চেলিব্ৰেচন? 

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্ধিত কৰ’না সংক্ৰমণৰ বাবে কাপুৰ পৰিয়ালে তেওঁলোকৰ কন্যাৰ বেবী শ্বাৱাৰ অনুষ্ঠান বাতিল কৰিছে। শেহতীয়াকৈ, সমগ্ৰ দেশতে লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। কৰ’নাৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি হোৱা বাবে ৰিস্ক ল’ব বিচৰা নাই কাপুৰ পৰিয়ালে। অৱশ্যে, তেওঁলোকে বান্দ্ৰাৰ বাসগৃহতে আছুতীয়াকৈ ঘৰুৱা অনুষ্ঠানৰ আয়োজন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু