--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ হ’বলৈ গৈ আছে সোণম কাপুৰ। প্ৰথমবাৰৰ বাবে ককায়েক হ’বলৈ গৈ আছে অনিল কাপুৰ। মুঠতে কাপুৰ পৰিয়ালত এতিয়া উলাহে নধৰা হিয়া। নিজৰ জীয়েকৰ বেবী শ্বাৱাৰ অনুষ্ঠান অতি ধুমধামেৰে উদযাপন কৰিছিল অনিল আৰু সুনীতা কাপুৰে। পিছে, দীঘলীয়া নহ’ল এই কাৰ্যসূচী। হঠাত্‍ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ’ল কাপুৰ পৰিয়ালে।

১৭ জুলাই অৰ্থাৎ দেওবাৰে মুম্বাইত সোনম কাপুৰৰ  বেবী শ্বাৱাৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল। সোণম আৰু আনন্দৰ বিয়া হোৱা বাংলোটোতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অতিথিসকললৈ আমন্ত্ৰণ পত্ৰও প্ৰেৰণ কৰা হৈছিল। দীপিকা পাডুকন, কৰীণা কাপুৰ খান, আলিয়া ভাট, মলাইকা অ’ৰোৰা, মছবা গুপ্তা, অমৃতা অ’ৰোৰা, ৰাণী মুখোপাধ্যায়, স্বৰা ভাস্কৰ আদি বহুকেইজনক আমন্ত্ৰণ জনোৱাৰ লগতে সমগ্ৰ কাপুৰ পৰিয়ালৰ সৈতে আমন্ত্ৰণ জনোৱা হয়। সোণমেও লণ্ডন এৰি ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে। সোনমৰ বন্ধু মছাবা গুপ্তাইও তেওঁৰ সাজ-পোছাক ডিজাইন কৰিছিল। কিন্তু কিয় বন্ধ কৰা হৈছে এই হাই প্ৰফাইল গ্ৰেণ্ড চেলিব্ৰেচন? 

প্ৰাপ্ত তথ্য অনুসৰি, বৰ্ধিত কৰ’না সংক্ৰমণৰ বাবে কাপুৰ পৰিয়ালে তেওঁলোকৰ কন্যাৰ বেবী শ্বাৱাৰ অনুষ্ঠান বাতিল কৰিছে। শেহতীয়াকৈ, সমগ্ৰ দেশতে লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে কৰ’নাক্ৰান্তৰ সংখ্যা। কৰ’নাৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি হোৱা বাবে ৰিস্ক ল’ব বিচৰা নাই কাপুৰ পৰিয়ালে। অৱশ্যে, তেওঁলোকে বান্দ্ৰাৰ বাসগৃহতে আছুতীয়াকৈ ঘৰুৱা অনুষ্ঠানৰ আয়োজন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ