--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইমাহমানৰ পৰা এই উৰাবাতৰি চলি আহিছে যে বচ্চন পৰিয়ালত বিভাজন হৈছে। মূলতঃ অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজৰ দূৰত্ব বাঢ়িছে। চলিত মাহৰ আৰম্ভণিতে পূৰ্বৰ মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰীয়াকৈ ৫০ বছৰীয়া জন্মদিন উদ্‌যাপন কৰিছিল। ১ নৱেম্বৰত স্বামী অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ আন কোনো সদস্যক ঐশ্বৰ্যৰ কাষত দেখা পোৱা নগ’ল। কেৱল কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে ঐশ্বৰ্যই তেওঁৰ বিশেষ দিনটো উদ্‌যাপন কৰে। অভিষেকও আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ শুভেচ্ছা দিয়ে। ঐশ্বৰ্যৰ জন্মদিনত বচ্চন পৰিয়ালৰ আন কোনো সদস্যই তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত  জন্মদিনৰ শুভ বাৰ্তা শ্বেয়াৰ কৰা নাছিল। এইবাৰ অমিতাভৰ নাতিনীয়েক আৰাধ্যা বচ্চনৰ লগতো একে ব্যৱহাৰ বচ্চন পৰিয়ালৰ৷

অভিষেক-ঐশ্বৰ্যৰ একমাত্ৰ কন্যা আৰাধ্যাৰ বয়স ১৩ বছৰ। কন্যা আৰাধ্যাক জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি ঐশ্বৰ্যই ছ’চিয়েল মিডিয়া পেজত লিখিছে। অভিষেকে জীয়েকক পৃথিৱীৰ সকলোতকৈ বেছি ভাল পায়। কিন্তু আৰাধ্যাৰ মাক-দেউতাকৰ বাহিৰে বাকী বচ্চন পৰিয়ালটো আৰাধ্যাৰ জন্মদিনক লৈ নিমাত৷

ছচিয়েল মিডিয়াত অতি সক্ৰিয় অমিতাভ বচ্চন। তেওঁ প্ৰায় প্ৰতিদিনে বিশ্বকাপৰ বিষয়ে কিবা নহয় কিবা এটা পোষ্ট কৰি আছে। কিন্তু নাতিনীয়েকৰ জন্মদিনত অমিতাভে এটা বাক্যও খৰচ নকৰিলে। অৱশ্যে ছ’চিয়েল মিডিয়া মানে জীৱনৰ সকলো কথা নহয়। মুকলিকৈ শুভেচ্ছা প্ৰকাশ নকৰিলেও আজিৰ দিনটোত ককাক আৰু নাতিনীয়েকৰ মাজত প্ৰকৃততে সাক্ষাৎ হৈছিল নে নাই সেয়া জনা নাযায়। নাতিনীয়েক ককাকৰ বৰ স্নেহৰ। ইয়াৰ পূৰ্বে জন্মদিনত আৰাধ্যাক ককাকৰ তৰফৰ পৰা বহু উপহাৰ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান