--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা নানা পাটেকাৰৰ চৰ মৰাৰ কাণ্ডক লৈ এতিয়া চৰ্চা চলিছে আৰু এতিয়া এই বিষয়ত চৰ খোৱা ল’ৰাটোৰ স্পষ্টীকৰণো চৰ্চালৈ আহিছে। দৰাচলতে বাৰাণসীত ‘জাৰ্ণি’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত নানা পাটেকাৰৰ লগত ফটো উঠিবলৈ আহিছিল এটা ল’ৰা। সেই ল’ৰাজনকে চৰ মাৰি খেদায় নানা পাটেকাৰে। এই ঘটনা কেমেৰাত বন্দী হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছত মানুহে নানাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কয়। 

অৱশ্যে নানা পাটেকাৰে টুইটাৰৰ জৰিয়তে অনুৰাগীসকলৰ আগত নিজৰ মতামত প্ৰকাশ কৰে। ক্ষমা খুজি তেওঁ কয় যে ফটো তোলা ল’ৰাটো যে বাহিৰৰ মানুহ সেই কথা তেওঁ জনা নাছিল। য’ত তেওঁ কৈছিল যে তেওঁৰ উদ্দেশ্য একেবাৰেই এনেকুৱা নাছিল। ছবিখনতো একেধৰণৰ এটা দৃশ্য আছিল য’ত এজন ল’ৰা ফটোৰ বাবে বাবে আহে আৰু তেওঁক চৰ মাৰিব লগা হয়। চিনেমাখনৰে দৃশ্য বুলি ভাবি তেওঁ সেই ল’ৰাজনক চৰ মাৰি দিয়ে। কথাটো গম পোৱাৰ পাছত সেই ল'ৰাজনক মাতিবলৈ শ্বুটিং ক্ৰুৰ লোকসকল গ'ল তেতিয়ালৈকে ল'ৰাজন তাৰ পৰা গুচি গৈছিল। 

অৱশ্যে এই সমগ্ৰ ঘটনাৰ বাবে নানা পাটেকাৰে ক্ষমা বিচাৰি কয় যে তেওঁ বাৰাণসীক সদায় ভাল পাই আহিছে।

এতিয়া এই ঘটনাটোৰ সন্দৰ্ভত মুখ খুলিছে চৰ খোৱা ল’ৰাজনে। তেওঁ কয় যে বাৰাণসীৰ ঘাটত গা ধুবলৈ আহি তেওঁ নানা পাটেকাৰক দেখা পাইছিল। প্ৰিয় অভিনেতাগৰাকীক চকুৰ সন্মুখত দেখি আনন্দিত হৈ উঠে ল’ৰাজন। তেওঁ নানাৰ লগত ফটো উঠিবলৈ কাষ চাপি যায় আৰু তেতিয়াই সেই ল’ৰাজনক চৰ মাৰি খেদাই দিয়ে নানা পাটেকাৰে।

ল’ৰাজনে ভিডিঅ’ যোগে নিজ মত প্ৰকাশ কৰি কয় যে ‘‘মই নানা পাটেকাৰৰ ডাঙৰ অনুৰাগী। ‘মোৰ নাম ৰাজ সুংকৰ। মই বানাৰসীৰ তুলসীপুৰত বাস কৰো। নানা পাটেকাৰে মোক চৰ মাৰিছিল। মই গা ধুবলৈ তালৈ গৈছিলোঁ আৰু সেই সময়ত মোৰ চকু শ্বুটিঙৰ ওপৰত পৰে। তাতে কিছু সময় মই ৰৈ থাকিলোঁ আৰু তাৰপাছত নানা পাটেকাৰৰ ওচৰলৈ গৈ ফটো এখন উঠিব বিচাৰিলোঁ। কিন্তু ফটো উঠিবলৈ তেওঁ অস্বীকাৰ কৰিলে আৰু মোক চৰ মাৰি পঠিয়াই দিলে।’’

ল’ৰাজনে কয়, ‘‘চিনেমাখনত মই একো ৰ’ল কৰা নাছিলো৷ এই ঘটনাৰ বাবেই সমগ্ৰ স্থানীয় অঞ্চলত মোক বহুত অপমান কৰা হৈছে। মাৰ খোৱাৰ পাছত শ্বুটিঙৰ কোনো লোকে মোক মাতিবলৈ অহা নাছিল। অপমানিত হৈ মই তাৰ পৰা আঁতৰি আহিলোঁ।’’

ৰাজ সুংকৰে লগতে কয় ‘‘মই তেওঁৰ ডাঙৰ অনুৰাগী৷ মই তেওঁক ভাল পাওঁ আৰু তেওঁ ইমান ডাঙৰ ষ্টাৰ গতিকে তেওঁৰ লগত ফটো এখন তোলাৰ কথা ভাবিলোঁ কিন্তু মই যাওঁতে মোক চৰ মাৰি পঠিয়াই দিলে। প্ৰথমে সন্মুখৰ পৰা দেখাত বিশ্বাস কৰিব পৰা নাছিলো যে তেওঁহে, তাৰ পিছত অলপ ওচৰলৈ গৈ চাওঁতে বিশ্বাস হ’ল যে সেইজনেই নানা পাটেকাৰ। মই নানা পাটেকাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাটো নিবিচাৰোঁ।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান