--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা নানা পাটেকাৰৰ চৰ মৰাৰ কাণ্ডক লৈ এতিয়া চৰ্চা চলিছে আৰু এতিয়া এই বিষয়ত চৰ খোৱা ল’ৰাটোৰ স্পষ্টীকৰণো চৰ্চালৈ আহিছে। দৰাচলতে বাৰাণসীত ‘জাৰ্ণি’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত নানা পাটেকাৰৰ লগত ফটো উঠিবলৈ আহিছিল এটা ল’ৰা। সেই ল’ৰাজনকে চৰ মাৰি খেদায় নানা পাটেকাৰে। এই ঘটনা কেমেৰাত বন্দী হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছত মানুহে নানাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথা কয়। 

অৱশ্যে নানা পাটেকাৰে টুইটাৰৰ জৰিয়তে অনুৰাগীসকলৰ আগত নিজৰ মতামত প্ৰকাশ কৰে। ক্ষমা খুজি তেওঁ কয় যে ফটো তোলা ল’ৰাটো যে বাহিৰৰ মানুহ সেই কথা তেওঁ জনা নাছিল। য’ত তেওঁ কৈছিল যে তেওঁৰ উদ্দেশ্য একেবাৰেই এনেকুৱা নাছিল। ছবিখনতো একেধৰণৰ এটা দৃশ্য আছিল য’ত এজন ল’ৰা ফটোৰ বাবে বাবে আহে আৰু তেওঁক চৰ মাৰিব লগা হয়। চিনেমাখনৰে দৃশ্য বুলি ভাবি তেওঁ সেই ল’ৰাজনক চৰ মাৰি দিয়ে। কথাটো গম পোৱাৰ পাছত সেই ল'ৰাজনক মাতিবলৈ শ্বুটিং ক্ৰুৰ লোকসকল গ'ল তেতিয়ালৈকে ল'ৰাজন তাৰ পৰা গুচি গৈছিল। 

অৱশ্যে এই সমগ্ৰ ঘটনাৰ বাবে নানা পাটেকাৰে ক্ষমা বিচাৰি কয় যে তেওঁ বাৰাণসীক সদায় ভাল পাই আহিছে।

এতিয়া এই ঘটনাটোৰ সন্দৰ্ভত মুখ খুলিছে চৰ খোৱা ল’ৰাজনে। তেওঁ কয় যে বাৰাণসীৰ ঘাটত গা ধুবলৈ আহি তেওঁ নানা পাটেকাৰক দেখা পাইছিল। প্ৰিয় অভিনেতাগৰাকীক চকুৰ সন্মুখত দেখি আনন্দিত হৈ উঠে ল’ৰাজন। তেওঁ নানাৰ লগত ফটো উঠিবলৈ কাষ চাপি যায় আৰু তেতিয়াই সেই ল’ৰাজনক চৰ মাৰি খেদাই দিয়ে নানা পাটেকাৰে।

ল’ৰাজনে ভিডিঅ’ যোগে নিজ মত প্ৰকাশ কৰি কয় যে ‘‘মই নানা পাটেকাৰৰ ডাঙৰ অনুৰাগী। ‘মোৰ নাম ৰাজ সুংকৰ। মই বানাৰসীৰ তুলসীপুৰত বাস কৰো। নানা পাটেকাৰে মোক চৰ মাৰিছিল। মই গা ধুবলৈ তালৈ গৈছিলোঁ আৰু সেই সময়ত মোৰ চকু শ্বুটিঙৰ ওপৰত পৰে। তাতে কিছু সময় মই ৰৈ থাকিলোঁ আৰু তাৰপাছত নানা পাটেকাৰৰ ওচৰলৈ গৈ ফটো এখন উঠিব বিচাৰিলোঁ। কিন্তু ফটো উঠিবলৈ তেওঁ অস্বীকাৰ কৰিলে আৰু মোক চৰ মাৰি পঠিয়াই দিলে।’’

ল’ৰাজনে কয়, ‘‘চিনেমাখনত মই একো ৰ’ল কৰা নাছিলো৷ এই ঘটনাৰ বাবেই সমগ্ৰ স্থানীয় অঞ্চলত মোক বহুত অপমান কৰা হৈছে। মাৰ খোৱাৰ পাছত শ্বুটিঙৰ কোনো লোকে মোক মাতিবলৈ অহা নাছিল। অপমানিত হৈ মই তাৰ পৰা আঁতৰি আহিলোঁ।’’

ৰাজ সুংকৰে লগতে কয় ‘‘মই তেওঁৰ ডাঙৰ অনুৰাগী৷ মই তেওঁক ভাল পাওঁ আৰু তেওঁ ইমান ডাঙৰ ষ্টাৰ গতিকে তেওঁৰ লগত ফটো এখন তোলাৰ কথা ভাবিলোঁ কিন্তু মই যাওঁতে মোক চৰ মাৰি পঠিয়াই দিলে। প্ৰথমে সন্মুখৰ পৰা দেখাত বিশ্বাস কৰিব পৰা নাছিলো যে তেওঁহে, তাৰ পিছত অলপ ওচৰলৈ গৈ চাওঁতে বিশ্বাস হ’ল যে সেইজনেই নানা পাটেকাৰ। মই নানা পাটেকাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱাটো নিবিচাৰোঁ।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ