--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবল তাৰকা ডেভিদ বেকহাম ভাৰত ভ্ৰমণৰ অন্তিম নিশা 'মান্নাত’লৈ গৈছিল। যদিও তেওঁৰ আগতে অভিনেত্ৰী সোণম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাৰ ঘৰত অতিথি হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁক অম্বানীৰ 'আন্তলিয়া’লৈও নিমন্ত্ৰণ জনাইছিল। কিন্তু অৱশেষত শ্বাহৰুখ খান আৰু গৌৰী খানৰ ঘৰলৈ গ’ল। শ্বাহৰুখৰ আতিথ্যত আপ্লুত হৈছে বেকহাম। তেওঁ দেশলৈ উভতি অহাৰ পাছত শ্বাহৰুখক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনায়।

ইউনিচেফৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ আহিছিল বেকহাম। গুজৰাটত কেইবাদিনো কটায়। বুধবাৰে ৱানখেডেত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰত বনাম নিউজিলেণ্ডৰ খেলো চায়। তাৰ পৰা পোনে পোনে মুম্বাইৰ সোণমহঁতৰ ঘৰলৈ যায়। সেই পাৰ্টিত দেখা গ’ল বলীউডৰ কেইবাজনো তাৰকা। অৱশ্যে শ্বাহৰুখে বেকহামক পৃথকে পৃথকে নিজৰ ঘৰলৈ মাতিলে। ফুটবল তাৰকাগৰাকীৰ বাবে ৰজাই ঘৰতে বিশেষ পাৰ্টিৰো আয়োজন কৰিছিল।

যদিও বৃহস্পতিবাৰে নিশা পাৰ্টি আছিল যদিও শুকুৰবাৰে শ্বাহৰুখে নিজৰ এক্স একাউণ্টত বেকহামৰ সৈতে এখন ছবি পোষ্ট কৰি ফুটবল তাৰকাগৰাকীৰ প্ৰতি প্ৰশংসা প্ৰকাশ কৰে। অলপ শুবলৈও উপদেশ দিলে। শুকুৰবাৰে পুৱা মুম্বাইৰ পৰা ৰাওনা হ’ল বেকহামে। মুম্বাইত থকা কেইটামান দিন প্ৰায় প্ৰতিটো মুহূৰ্ত ব্যস্ততাত পাৰ হৈ গ’ল।

তেওঁক মায়ানগৰীৰ বিখ্যাত ঘৰবোৰলৈ নিমন্ত্ৰণ কৰা হৈছিল। কিন্তু শ্বাহৰুখৰ আতিথ্যই তেওঁৰ ভাৰত ভ্ৰমণ স্মৰণীয় কৰি তুলিছিল। বেকহামে ছ’চিয়েল মিডিয়ালৈ গৈ শ্বাহৰুখৰ বাবে লিখিছে, “আপোনাৰ দৰে মানুহৰ ঘৰত অতিথি হিচাপে নিমন্ত্ৰণ পোৱাৰ বাবে সন্মানিত। প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ সঁচাকৈয়ে বিশেষ আছিল। ধন্যবাদ বন্ধু তুমি আৰু তোমাৰ সকলো পৰিয়ালক মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰা হৈছে।''

শেষত সোণম আৰু আনন্দক টেগ কৰি বেকহামে লিখিছে, "আপুনি মোক আপোনাৰ ঘৰত যিদৰে আদৰণি জনাইছে, আপুনি সঁচাকৈয়ে আচৰিত মানুহ। ইমান ধুনীয়া সন্ধিয়াটো দিয়াৰ বাবে ধন্যবাদ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান