--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিতৰ্কৰ মাজেৰে সততেই চৰ্চাৰ শীৰ্ষত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱত অভিনীত জৱনীমূলক বোলছবি ‘ইমাৰ্জেন্সি’ মুক্তিৰ অপেক্ষাত। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’!
  
কংগনা ৰানাৱতৰ ইমাৰ্জেন্সি ছবিখনত শিখ সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰাৰ লগতে ঐতিহাসিক তথ্য বিকৃত কৰা বুলি শিখ সংগঠনে অভিযোগ উত্থাপন কৰাৰ পাছতে বিতৰ্কৰ মাজত সোমাই পৰিছে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’। বলিউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদগৰাকীয়ে সদৰি কৰা অনুসৰি বোলছবি খনৰ লগত জড়িত লোকসকলক মৃত্যুৰ ভাবুকি লাভ কৰা পাছতে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনে ইমাৰ্জেন্সিৰ মুক্তিত বাধা প্ৰদান কৰে৷ ইয়াৰ পাছতে বোলছবিখনৰ নিৰ্মাতাসকলে ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ মানপত্ৰ লাভ কৰিবৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

ইতিমধ্যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে চিবিএফচিক মানপত্ৰ প্ৰদান কৰা আগতে উত্থাপিত অভিযোগসমূহ পুনৰবিবেচনা কৰিবলৈ নিৰ্দেশ দিছে৷আজি বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি পি কোলাবাৱালা আৰু ফিৰদোষ পুনিৱালা বিচাৰপীঠে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ কথা উল্লেখ কৰি কয় ‘আমি অন্য নিৰ্দেশনা জাৰি কৰিব নোৱাৰো৷’ বোম্বে উচ্চ ন্যায়ালয়ে চিবিএফচিক ছবিখনৰ বিৰুদ্ধে উত্থাপিত আপত্তিসমূহ বিবেচনা কৰি তাৰ পিছত ১৮ ছেপ্টেম্বৰৰ ভিতৰত এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে ১৯ ছেপ্টম্বৰ ইয়াৰ পিছৰ শুনানিৰ দিন ধাৰ্য কৰিছে
   
চৰকাৰী সূত্ৰই ধৰ্মীয় অনুভুতিত আঘাত কৰিব নোৱাৰি বুলি সদৰি কৰি কয় কিছুমান ধৰ্মীয় সংগঠনে বোলছবিখনে ধৰ্মীয় অনুভুতিত আঘাত কৰিছে বুলি উদ্দেগ প্ৰকাশ কৰিছে৷ সূত্ৰই বোলছবিখনত কিছুমান স্পৰ্শকাতৰ বিষয় থকা বুলি সদৰি কৰিছে৷ 

উল্লেখযোগ্য যে বোলছবিখন ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰে ১৯৭৫ ত ঘোষনা কৰা জৰুৰীকালীন সময়ৰ ঐতিহাসিক কাহিনীৰ আধাৰত আধাৰিত৷ বোলছবিখনে শিখ সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰাৰ লগতে ঐতিহাসিক তথ্য বিকৃত কৰি উপস্থাপন কৰাৰ অভিযোগৰ বাবে চিবিএফচিয়ে প্ৰমানপত্ৰ প্ৰদানৰ পৰা বিৰত আছে৷ সেয়ে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’ ছবিগৃহত মুক্তি লাভৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ