--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিতৰ্কৰ মাজেৰে সততেই চৰ্চাৰ শীৰ্ষত থকা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱত অভিনীত জৱনীমূলক বোলছবি ‘ইমাৰ্জেন্সি’ মুক্তিৰ অপেক্ষাত। মুক্তিৰ পূৰ্বেই বিতৰ্কৰ মাজত সোমাই পৰিছে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’!
  
কংগনা ৰানাৱতৰ ইমাৰ্জেন্সি ছবিখনত শিখ সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰাৰ লগতে ঐতিহাসিক তথ্য বিকৃত কৰা বুলি শিখ সংগঠনে অভিযোগ উত্থাপন কৰাৰ পাছতে বিতৰ্কৰ মাজত সোমাই পৰিছে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’। বলিউডৰ অভিনেত্ৰী তথা বিজেপিৰ সাংসদগৰাকীয়ে সদৰি কৰা অনুসৰি বোলছবি খনৰ লগত জড়িত লোকসকলক মৃত্যুৰ ভাবুকি লাভ কৰা পাছতে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনে ইমাৰ্জেন্সিৰ মুক্তিত বাধা প্ৰদান কৰে৷ ইয়াৰ পাছতে বোলছবিখনৰ নিৰ্মাতাসকলে ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশনৰ মানপত্ৰ লাভ কৰিবৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

ইতিমধ্যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে চিবিএফচিক মানপত্ৰ প্ৰদান কৰা আগতে উত্থাপিত অভিযোগসমূহ পুনৰবিবেচনা কৰিবলৈ নিৰ্দেশ দিছে৷আজি বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি পি কোলাবাৱালা আৰু ফিৰদোষ পুনিৱালা বিচাৰপীঠে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ কথা উল্লেখ কৰি কয় ‘আমি অন্য নিৰ্দেশনা জাৰি কৰিব নোৱাৰো৷’ বোম্বে উচ্চ ন্যায়ালয়ে চিবিএফচিক ছবিখনৰ বিৰুদ্ধে উত্থাপিত আপত্তিসমূহ বিবেচনা কৰি তাৰ পিছত ১৮ ছেপ্টেম্বৰৰ ভিতৰত এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে ১৯ ছেপ্টম্বৰ ইয়াৰ পিছৰ শুনানিৰ দিন ধাৰ্য কৰিছে
   
চৰকাৰী সূত্ৰই ধৰ্মীয় অনুভুতিত আঘাত কৰিব নোৱাৰি বুলি সদৰি কৰি কয় কিছুমান ধৰ্মীয় সংগঠনে বোলছবিখনে ধৰ্মীয় অনুভুতিত আঘাত কৰিছে বুলি উদ্দেগ প্ৰকাশ কৰিছে৷ সূত্ৰই বোলছবিখনত কিছুমান স্পৰ্শকাতৰ বিষয় থকা বুলি সদৰি কৰিছে৷ 

উল্লেখযোগ্য যে বোলছবিখন ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰে ১৯৭৫ ত ঘোষনা কৰা জৰুৰীকালীন সময়ৰ ঐতিহাসিক কাহিনীৰ আধাৰত আধাৰিত৷ বোলছবিখনে শিখ সম্প্ৰদায়ক ভুলকৈ উপস্থাপন কৰাৰ লগতে ঐতিহাসিক তথ্য বিকৃত কৰি উপস্থাপন কৰাৰ অভিযোগৰ বাবে চিবিএফচিয়ে প্ৰমানপত্ৰ প্ৰদানৰ পৰা বিৰত আছে৷ সেয়ে কংগনা ৰানাৱতৰ ‘ইমাৰ্জেন্সি’ ছবিগৃহত মুক্তি লাভৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু