--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু হুমা কুৰেশ্বীক অতি শীঘ্ৰে 'Double XL' চিনেমাত দেখা যাব। নামটোৰ পৰা স্পষ্ট হৈ পৰিছে যে ছবিখনত শকত মানুহৰ কাহিনী দেখুওৱা হব। বলীউডৰ শ্লিম ট্ৰিম হিৰোইনৰ শ্ৰেণীৰ বাহিৰত থকা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বী। 

প্ৰথমখন চিনেমা 'দাবাংগ'ত সোণাক্ষীৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ বিষয়ে যিমান চৰ্চা হৈছিল তাতকৈ বেছি চৰ্চা হৈছিল তেওঁৰ দেহৰ ওজনৰ বিষয়ে। কাৰণ বলীউডত অভিনেত্ৰী হোৱা মানেই সম্পূৰ্ণ ফিট আৰু শ্লিম হোৱা। কিন্তু সকলোৰে সেই চিন্তাধাৰাক বুঢ়া আঙুলি দেখুওৱা সোণাক্ষীয়ে এতিয়া 'Double XL' ৰ সহায়ত সকলোকে উপযুক্ত উত্তৰ দিবলৈ আগবাঢ়িছে।
Fatshamed Sonakshi, Huma come together for Double XL, watch | Bollywood -  Hindustan Times
'Double XL'ৰ বাবে সোণাক্ষীয়ে প্ৰায় ১৭ কেজি ওজন বৃদ্ধি কৰিছে। এক সাক্ষাৎকাৰত হুমা কুৰেশ্বীয়ে কয় যে তেওঁ পাঁচ কিলো ওজন বৃদ্ধি কৰিলেও সোণাক্ষীয়ে ছবিখনৰ বাবে ১৭ কিলো ওজন বৃদ্ধি কৰিব লগা হ’ল। শ্বুটিঙৰ সময়ত দুয়োজনে ফিটনেছৰ চিন্তা এৰি তীব্ৰভাৱে খাইছিল। চাওমিন আৰু ম'ম' খাই সম্পূৰ্ণ মজাৰে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলে সোণাক্ষী আৰু হুমাই।

সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বীৰ এই ছবিখন ৪ নৱেম্বৰত মুক্তি পাব। সেয়ে ছবিখনৰ প্ৰচাৰত বৰ্তমান ব্যস্ত হৈ পৰিছে ষ্টাৰ কাষ্ট। এই দুগৰাকীৰ বাহিৰেও চিনেমাখনত অভিনয় কৰিছে জাহিৰ ইকবালে। জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিনহাৰ নাম বহুদিনৰে পৰা জড়িত হৈ আছে। জানিব পৰা মতে দুয়োজনে ডেটিং কৰি আছে আৰু হয়তো সোনকালেই বিবাহপাশত আবদ্ধ হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?