--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু হুমা কুৰেশ্বীক অতি শীঘ্ৰে 'Double XL' চিনেমাত দেখা যাব। নামটোৰ পৰা স্পষ্ট হৈ পৰিছে যে ছবিখনত শকত মানুহৰ কাহিনী দেখুওৱা হব। বলীউডৰ শ্লিম ট্ৰিম হিৰোইনৰ শ্ৰেণীৰ বাহিৰত থকা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বী। 

প্ৰথমখন চিনেমা 'দাবাংগ'ত সোণাক্ষীৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ বিষয়ে যিমান চৰ্চা হৈছিল তাতকৈ বেছি চৰ্চা হৈছিল তেওঁৰ দেহৰ ওজনৰ বিষয়ে। কাৰণ বলীউডত অভিনেত্ৰী হোৱা মানেই সম্পূৰ্ণ ফিট আৰু শ্লিম হোৱা। কিন্তু সকলোৰে সেই চিন্তাধাৰাক বুঢ়া আঙুলি দেখুওৱা সোণাক্ষীয়ে এতিয়া 'Double XL' ৰ সহায়ত সকলোকে উপযুক্ত উত্তৰ দিবলৈ আগবাঢ়িছে।
Fatshamed Sonakshi, Huma come together for Double XL, watch | Bollywood -  Hindustan Times
'Double XL'ৰ বাবে সোণাক্ষীয়ে প্ৰায় ১৭ কেজি ওজন বৃদ্ধি কৰিছে। এক সাক্ষাৎকাৰত হুমা কুৰেশ্বীয়ে কয় যে তেওঁ পাঁচ কিলো ওজন বৃদ্ধি কৰিলেও সোণাক্ষীয়ে ছবিখনৰ বাবে ১৭ কিলো ওজন বৃদ্ধি কৰিব লগা হ’ল। শ্বুটিঙৰ সময়ত দুয়োজনে ফিটনেছৰ চিন্তা এৰি তীব্ৰভাৱে খাইছিল। চাওমিন আৰু ম'ম' খাই সম্পূৰ্ণ মজাৰে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলে সোণাক্ষী আৰু হুমাই।

সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বীৰ এই ছবিখন ৪ নৱেম্বৰত মুক্তি পাব। সেয়ে ছবিখনৰ প্ৰচাৰত বৰ্তমান ব্যস্ত হৈ পৰিছে ষ্টাৰ কাষ্ট। এই দুগৰাকীৰ বাহিৰেও চিনেমাখনত অভিনয় কৰিছে জাহিৰ ইকবালে। জাহিৰ ইকবালৰ সৈতে সোণাক্ষী সিনহাৰ নাম বহুদিনৰে পৰা জড়িত হৈ আছে। জানিব পৰা মতে দুয়োজনে ডেটিং কৰি আছে আৰু হয়তো সোনকালেই বিবাহপাশত আবদ্ধ হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি