--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বি-টাউনত কৰবা চৌথ উদযাপনৰ আনন্দ বিয়পি পৰিছে। বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু বিকি কৌশলক শেহতীয়াকৈ দেখা পোৱা গৈছে মুম্বাই বিমানবন্দৰত। ৰণবীৰে পত্নী দীপিকা পাডুকন আৰু বিকিয়ে পত্নী কেটৰিনা কাঈফৰ সৈতে কৰবা চৌথ উদযাপন কৰিবলৈ কামৰ পৰা বিৰতি লৈ ঘৰলৈ উভতি অহা বুলি অনুমান কৰা হৈছে।

মুম্বাই বিমানবন্দৰত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰে ৰণবীৰ সিঙক। এই সময়ছোৱাত অভিনেতাগৰাকীক ৰকিং ষ্টাইলত দেখা দিছিল। ৰণবীৰ সিঙক সদায়ৰ দৰেই ইয়াতো অতি ৰঙীন ৰূপত দেখা গৈছিল। কাণত হেডফোন লগাই, চকুত ডাঙৰ ডাঙৰ ছানগ্লাছ পিন্ধি ৰণবীৰ সিঙে কৰবা চৌথ উপলক্ষে পত্নী দীপিকাৰ সৈতে সময় কটাবলৈ অতি উত্ৰাৱল হৈ থকা বুলি অনুমান কৰা হৈছে।

ইয়াৰ লগতে অভিনেতা বিকি কৌশলকো মুম্বাই বিমানবন্দৰত পাপাৰাজীয়ে প্ৰত্যক্ষ কৰিছিল। বিকিয়েও সকলো কাম এৰি কৰৱা চৌথত পত্নী কেটৰিনাৰ সৈতে স্মৰণীয় মুহূৰ্ত কটাবলৈ আহিছে বুলি ধাৰণা কৰা হৈছে। বিয়াৰ পাছত এয়া বিকি কৌশল আৰু কেটৰিনা কাইফৰ প্ৰথম কৰবা চৌথ। 

ৰণবীৰ সিং আৰু বিকি কৌশল দুয়োজনেই বি-টাউনৰ এনে আদৰ্শৱান স্বামী যিয়ে নিজৰ পত্নীক বিশেষ অনুভৱ কৰাবলৈ কেতিয়াও কোনো সুযোগ এৰি নিদিয়ে। ৰাজহুৱা জীৱনতে হওক বা ব্যক্তিগত জীৱনতেই হওক ৰণবীৰ আৰু বিকিয়ে দীপিকা আৰু কেটৰিনাক সদায় স্পেচিয়েল অনুভৱ কৰোৱাই থাকে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি