--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো কৰ্মচাৰীয়ে মাহৰ শেষত দৰমহালৈ বৰ আশাৰে ৰৈ থাকে। মাহৰ শেষত বা নতুন মাহটোৰ আৰম্ভণিতে মোবাইলত অহা দৰমহাৰ মেছেজটোৱে সকলোৰে মনত বৰ আনন্দ দিয়ে। বহু মানুহেই সেই মেছেজটো আহিব আহিব বুলি ঘনে ঘনে মোবাইলটোলৈ চাই থাকে। দৰমহা পোৱাৰ দিনা যেতিয়া আপোনাৰ দৰমহা ২৮৬ গুণ বৃদ্ধি হ’ব আৰু আপোনাৰ একাউণ্টত ক্ৰেডিট হ’ব তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব। 

হয়, আপুনি ঠিকেই শুনি আছে। একেবাৰে বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা বাস্তৱত সংঘটিত হৈছে। দৰমহা সম্পৰ্কীয় এটা অনন্য ঘটনা পোহৰলৈ আহিছে য'ত এটা কোম্পানীয়ে ভুলতে নিজৰ কৰ্মচাৰীৰ একাউণ্টত ৪৩ হাজাৰ টকাৰ সলনি ১.৪ কোটি টকা দৰমহা হিচাপে ট্ৰেন্সফাৰ কৰিলে।  এই ঘটনা চিলিৰ। কৰ্মচাৰীজনে চিলিৰ এটা সুপৰিচিত কোম্পানীত কাম কৰিছিল। 

যাৰ দৰমহা মাহে ৪৩ হাজাৰ টকা আছিল, কিন্তু কোম্পানীটোয়ে কৰিলে এক বৃহৎ ভুল। ভুলতে কোম্পানীটোৱে কৰ্মচাৰীজনৰ একাউণ্টত ক্ৰেডিট কৰিলে তেওঁৰ প্ৰকৃত দৰমহাৰ ২৮৬ গুণ। কৰ্মচাৰীজনৰ একাউণ্টত ৪৩ হাজাৰ টকাৰ সলনি সোমাইছিল ১ কোটি ৪২ লাখ টকা। এই বিশাল ধনৰাশি লাভ কৰি কৰ্মচাৰীজনে অন্য এটা কাৰণ উল্লেখ কৰি চাকৰিৰ পৰা লগেলগে পদত্যাগ কৰে। 

কোম্পানীয়ে যেতিয়া তেওঁক টকা ঘূৰাই বিচাৰিছিল তেতিয়া তেওঁ কোম্পানীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সোনকালে টকা ঘূৰাই দিব। অৱশ্যে টকা ঘূৰাই দিয়াৰ পূৰ্বেই তেওঁ নিৰুদ্দেশ হয়। এতিয়া এই ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম