--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো কৰ্মচাৰীয়ে মাহৰ শেষত দৰমহালৈ বৰ আশাৰে ৰৈ থাকে। মাহৰ শেষত বা নতুন মাহটোৰ আৰম্ভণিতে মোবাইলত অহা দৰমহাৰ মেছেজটোৱে সকলোৰে মনত বৰ আনন্দ দিয়ে। বহু মানুহেই সেই মেছেজটো আহিব আহিব বুলি ঘনে ঘনে মোবাইলটোলৈ চাই থাকে। দৰমহা পোৱাৰ দিনা যেতিয়া আপোনাৰ দৰমহা ২৮৬ গুণ বৃদ্ধি হ’ব আৰু আপোনাৰ একাউণ্টত ক্ৰেডিট হ’ব তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব। 

হয়, আপুনি ঠিকেই শুনি আছে। একেবাৰে বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা বাস্তৱত সংঘটিত হৈছে। দৰমহা সম্পৰ্কীয় এটা অনন্য ঘটনা পোহৰলৈ আহিছে য'ত এটা কোম্পানীয়ে ভুলতে নিজৰ কৰ্মচাৰীৰ একাউণ্টত ৪৩ হাজাৰ টকাৰ সলনি ১.৪ কোটি টকা দৰমহা হিচাপে ট্ৰেন্সফাৰ কৰিলে।  এই ঘটনা চিলিৰ। কৰ্মচাৰীজনে চিলিৰ এটা সুপৰিচিত কোম্পানীত কাম কৰিছিল। 

যাৰ দৰমহা মাহে ৪৩ হাজাৰ টকা আছিল, কিন্তু কোম্পানীটোয়ে কৰিলে এক বৃহৎ ভুল। ভুলতে কোম্পানীটোৱে কৰ্মচাৰীজনৰ একাউণ্টত ক্ৰেডিট কৰিলে তেওঁৰ প্ৰকৃত দৰমহাৰ ২৮৬ গুণ। কৰ্মচাৰীজনৰ একাউণ্টত ৪৩ হাজাৰ টকাৰ সলনি সোমাইছিল ১ কোটি ৪২ লাখ টকা। এই বিশাল ধনৰাশি লাভ কৰি কৰ্মচাৰীজনে অন্য এটা কাৰণ উল্লেখ কৰি চাকৰিৰ পৰা লগেলগে পদত্যাগ কৰে। 

কোম্পানীয়ে যেতিয়া তেওঁক টকা ঘূৰাই বিচাৰিছিল তেতিয়া তেওঁ কোম্পানীক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ সোনকালে টকা ঘূৰাই দিব। অৱশ্যে টকা ঘূৰাই দিয়াৰ পূৰ্বেই তেওঁ নিৰুদ্দেশ হয়। এতিয়া এই ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন