--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘লিজেণ্ড অৱ মৌলা জাট’ ভাৰতত অতি সোনকালে মুক্তি পাবলৈ ওলাইছে। ইফালে মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰে এই ছবিখন কোনো কাৰণতে মহাৰাষ্ট্ৰত মুক্তিৰ অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিছে। তেওঁ কয় যে পাকিস্তানী শিল্পীৰ ছবি ভাৰতত কিয় মুক্তি দিয়া হয়?

তেওঁ নিজৰ ছ’চিয়েল মিডিয়া  এক্সত লিখিছে, ‘‘শিল্পৰ কোনো ৰাষ্ট্ৰীয় সীমা নাই, যিটো আন ক্ষেত্ৰত ঠিকেই আছে, কিন্তু পাকিস্তানৰ বাবে ই একেবাৰেই অচল ৷ ভাৰতৰ প্ৰতি থকা ঘৃণাৰ বিষয়টোক লৈ দেশৰ অভিনেতাসকলক বিভাজিত কৰি নৃত্য, গান আৰু নিজৰ ছবি প্ৰদৰ্শন কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে? চৰকাৰে এই ছবিখন দেশৰ কোনো ৰাজ্যত মুক্তি দিবলৈ দিয়া উচিত নহয়, মহাৰাষ্ট্ৰৰ কথা বাদেই দিয়ক।’’

Trailer Review: The Legend of Maula Jatt (2022) – Amna R. Ali

লগতে তেওঁ প্ৰশ্ন কৰে -"বাকী ৰাজ্যসমূহে কি কৰা উচিত? বৰ্তমান সময়ত এই ছবিখন যে মহাৰাষ্ট্ৰত মুক্তি পাবলৈ দিয়া নহ'ব সেয়া নিশ্চিত। ইয়াৰ আগতেও যেতিয়া এনে ঘটনা সংঘটিত হৈছিল, তেতিয়াও মহাৰাষ্ট্ৰই দিয়া আঘাতৰ কথা সকলোৰে মনত আছে।" নৱনিৰ্মান সেনাৰ তৰফৰ পৰা এতিয়া ছবিগৃহৰ মালিকসকললৈ বিনম্ৰ অনুৰোধ যে ছবি প্ৰদৰ্শনৰ বাবে অনুমতি নিদিয়ে যেন।"

The Legend of Maula Jatt: Fawad Khan, Mahira Khan film to only release in  Punjab in India - India Today


তেওঁ কয় যে, "এই ছবিখন মুক্তিৰ সময়ত নৱৰাত্ৰি উৎসৱ আৰম্ভ হ'ব। মই মহাৰাষ্ট্ৰত কোনো ধৰণৰ সংঘাত নিবিচাৰো আৰু এইটো ৰাজ্যৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু আমাৰ লক্ষ্য। গতিকে আমি সময়মতে ব্যৱস্থা গ্ৰহণ কৰিম যাতে এই ছবিখন আমাৰ দেশত মুক্তি নহয়।"


The Legend of Maula Jatt' becomes highest grossing Punjabi film


উল্লেখ্য যে ফাৱাদ খানৰ ‘লিজেণ্ড অৱ মৌলা জাট’ পাকিস্তানৰ লগতে আন দেশত মুক্তি লাভ কৰি পাকিস্তানৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ গঢ়িছে । শেহতীয়াকৈ ভাৰতত জি ষ্টুডিঅ’ই ইয়াৰ কপি ৰাইট ক্ৰয় কৰিছে, ছবিখন আনুষ্ঠানিকভাৱে ২ অক্টোবৰত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক