--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ স্বৰ্ণিল লোকশিল্প ওজাপালি-দেওধনীৰ প্ৰসাৰৰ বাবে অধ্যাপক-পৰিচালক ৰাজেন দাসে পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ ‘আইৰন গাৰ্লছ’ সুদুৰ নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে৷ নাইজেৰিয়াৰ গুৰুত্বপূৰ্ণ ৰিভাৰ্চ ষ্টেটৰ ৰাজধানী চহৰ পোৰ্ট হাৰকোৰ্টত এই চলচ্চিত্ৰ মহোৎসৱ অহা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷

নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট চৰকাৰৰ সৌজন্যত আৰু নাইজেৰিয়াৰ কৰ্প’ৰেচন এফেয়াৰ্ছ ক’মিছনৰ পঞ্জীয়নভুক্ত খিলঞ্জীয়াৰ ঐক্যবদ্ধ সন্মিলন ডেচগ’ল এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডৱাইডৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শিপাৰ সন্ধান কৰা, বিনিময় কৰা আৰু নৱপ্ৰজন্মৰ চিনে নিৰ্মাতাক শৈক্ষিক উত্তৰণেৰে সবল কৰা৷

সেই উদ্দেশ্যৰে মহোৎসৱলৈ প্ৰেৰণ কৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰেৰণ কৰা ২০৩০খন চলচ্চিত্ৰৰ মাজৰ পৰা ১২৭ খন চলচ্চিত্ৰ  মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমৰ পৰা ৰাজেন দাস পৰিচালিত ‘আইৰন গাৰ্লছ’ নিৰ্বাচিত হোৱাটো ৰাজ্যৰ চলচ্চিত্ৰ জগত তথা অসমবাসীৰ বাবে এক আনন্দকৰ খবৰ হিচাপে বিবেচিত হৈছে৷

নাইজেৰিয়াৰ ৰিভাৰচ্‌ ষ্টেটৰ ৰাজধানী চহৰ তথা গাৰ্ডেন চিটি হিচাপে খ্যাত পোৰ্ট হাৰকোৰ্টৰ ৱাবিয়ালি কালচাৰেল চেণ্টাৰ আৰু পোৰ্টলেণ্ড ৰিচ’ৰ্ট লাক্সাৰী চিনেমাত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব৷ ইতিমধ্যেই নাইজেৰিয়া ৰিভাৰ্চ ষ্টেটৰ গৱৰ্ণৰ চিমিনালায়ী ফুবাৰাই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে আয়োজকসকলৰ সৈতে মহোৎসৱৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হোৱাৰ খবৰ ফেষ্টিভেল ডাইৰেক্টৰ কেটে এজাইগবোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷

গৱৰ্ণৰগৰাকীয়ে মহোৎসৱৰ প্ৰতীকপটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখ্য যে চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষৰ সঞ্চালক কেটে এজাইগবোয়ে ‘আইৰন গাৰ্লছ’ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তথ্য জনাই তথা স্ক্ৰীণিঙৰ বাবে আমন্ত্ৰণ জনাই যোগদানৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ পৰিচালক ৰাজেন দাসলৈ প্ৰেৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক