--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ স্বৰ্ণিল লোকশিল্প ওজাপালি-দেওধনীৰ প্ৰসাৰৰ বাবে অধ্যাপক-পৰিচালক ৰাজেন দাসে পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ ‘আইৰন গাৰ্লছ’ সুদুৰ নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে৷ নাইজেৰিয়াৰ গুৰুত্বপূৰ্ণ ৰিভাৰ্চ ষ্টেটৰ ৰাজধানী চহৰ পোৰ্ট হাৰকোৰ্টত এই চলচ্চিত্ৰ মহোৎসৱ অহা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷

নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট চৰকাৰৰ সৌজন্যত আৰু নাইজেৰিয়াৰ কৰ্প’ৰেচন এফেয়াৰ্ছ ক’মিছনৰ পঞ্জীয়নভুক্ত খিলঞ্জীয়াৰ ঐক্যবদ্ধ সন্মিলন ডেচগ’ল এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডৱাইডৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক শিপাৰ সন্ধান কৰা, বিনিময় কৰা আৰু নৱপ্ৰজন্মৰ চিনে নিৰ্মাতাক শৈক্ষিক উত্তৰণেৰে সবল কৰা৷

সেই উদ্দেশ্যৰে মহোৎসৱলৈ প্ৰেৰণ কৰা বিশ্বৰ বিভিন্ন দেশৰ পৰা প্ৰেৰণ কৰা ২০৩০খন চলচ্চিত্ৰৰ মাজৰ পৰা ১২৭ খন চলচ্চিত্ৰ  মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ইয়াৰ ভিতৰত অসমৰ পৰা ৰাজেন দাস পৰিচালিত ‘আইৰন গাৰ্লছ’ নিৰ্বাচিত হোৱাটো ৰাজ্যৰ চলচ্চিত্ৰ জগত তথা অসমবাসীৰ বাবে এক আনন্দকৰ খবৰ হিচাপে বিবেচিত হৈছে৷

নাইজেৰিয়াৰ ৰিভাৰচ্‌ ষ্টেটৰ ৰাজধানী চহৰ তথা গাৰ্ডেন চিটি হিচাপে খ্যাত পোৰ্ট হাৰকোৰ্টৰ ৱাবিয়ালি কালচাৰেল চেণ্টাৰ আৰু পোৰ্টলেণ্ড ৰিচ’ৰ্ট লাক্সাৰী চিনেমাত অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত চলচ্চিত্ৰৰ লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰা হ’ব৷ ইতিমধ্যেই নাইজেৰিয়া ৰিভাৰ্চ ষ্টেটৰ গৱৰ্ণৰ চিমিনালায়ী ফুবাৰাই চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে আয়োজকসকলৰ সৈতে মহোৎসৱৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ বাৰ্তালাপত মিলিত হোৱাৰ খবৰ ফেষ্টিভেল ডাইৰেক্টৰ কেটে এজাইগবোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷

গৱৰ্ণৰগৰাকীয়ে মহোৎসৱৰ প্ৰতীকপটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখ্য যে চলচ্চিত্ৰ মহোৎসৱ কৰ্তৃপক্ষৰ সঞ্চালক কেটে এজাইগবোয়ে ‘আইৰন গাৰ্লছ’ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তথ্য জনাই তথা স্ক্ৰীণিঙৰ বাবে আমন্ত্ৰণ জনাই যোগদানৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ পৰিচালক ৰাজেন দাসলৈ প্ৰেৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ