--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত ভাইৰেল এটা কৌতুকৰ কথা মনত পেলাওঁ আহক। চিকিৎসালয়লৈ যোৱা এজন লোকক চিকিৎসকে সোধে, আজিকালি মদ বেছিকৈ নাখায়তো? মানুহজনে কয়, নাই নাই নাখাওঁ ছাৰ, কেৱল কোনোবাই বেছিকৈ জোৰ কৰিলে দুগেপমান খাওঁ। ডাক্টৰে বোলে, বৰ ভাল, বৰ ভাল। পিছে আপোনাৰ লগত এই লোকজন কিয় ঘূৰি ফুৰিছে? তেওঁ কোন? চিকিৎসকজনে ৰোগীৰ কাষত ৰৈ থকা লোকজনলৈ আঙুলিয়াই সুধিলে। গহীনাই ৰোগীয়ে ক’লে, ছাৰ এওঁক মদ খাবৰ বাবে জোৰ কৰিবলৈ দৰমহা দি ৰাখিছোঁ।… এই কৌতুকটো আপোনালোক সকলোৱে হয়তো শুনিছে বা পঢ়িছে, পিছে আমি দিব খোজা খবৰটোৰ সৈতে আপোনাৰ হয়তো পৰিচয় হোৱা নাই। দুয়োটা কথাৰে কিন্তু এটা মিল আছে। এইবাৰ এটা কোম্পানীৰ এগৰাকী চিইঅ’ই এগৰাকী বিশেষ কৰ্মচাৰীক নিযুক্তি দিয়াৰ খবৰ পোহৰলৈ আহিছে।

এই মহিলা কৰ্মচাৰীগৰাকীৰ কাম হৈছে তেওঁৰ বছৰ গালত চৰ শোধোৱা। কামৰ সময়ত ফেচবুক খুলিলেই কোম্পানীটোৰ চিইঅ’ৰ গলত চৰ শোধাবলৈকে নিযু্ক্তি দিয়া হৈছিল এই মহিলা কৰ্মচাৰীগৰাকীক। এইকথা তেওঁ প্ৰকাশ কৰিছে আৰু তাক লৈ সৰৱ চৰ্চাও চলিছে। এই চিইঅ’গৰাকীৰ নাম মনীষ শেঠী।ভাৰতীয় মূলৰ আমেৰিকান মনীষ শেঠী হৈছে ৱেৰেবল ডিভাইছ কোম্পানীৰ প্ৰতিষ্ঠাপক চিইঅ’ বা মুখ্য কাৰ্যবাহী বিষয়া।এই চিইঅ’ই এসময়ত এগৰাকী মহিলা কৰ্মচাৰীৰ নিযুক্তি দিছিল তেওঁক চৰ মাৰিবৰ বাবে। কামৰ সময়ত ফেচবুক খুলিলেই তেওঁৰ গালত চৰ শোধোৱাই কাম আছিল কৰ্মচাৰীগৰাকীৰ। তেওঁ এই বিষয়ে সদৰি কৰাৰ পাছতে বিভিন্ন লোকক এই কথাই আমোদ দিয়াৰ লগতে বহুতকে ই আকৰ্ষিতও কৰিছে। আনকি ইলন মাস্কৰ দৰে উদ্যোগজগতৰ মহাৰথীয়েও তেওঁৰ এই কাৰ্যৰ দ্বাৰা আকৰ্ষিত হোৱা বুলি প্ৰকাশ কৰিছে।

২০১২ চনত শেঠীয়ে উপলব্ধি কৰিছিল যে, তেওঁ নিজৰ কৰ্ম সক্ষমতা আৰু আত্মনিয়োগ বৃদ্ধি কৰিব লাগিব। আৰু তাৰ বাবে তেওঁ আন সকলো কথাৰ পৰা মুক্ত হ’ব লাগিব। সেই লক্ষ্য লৈ তেওঁ Craigslistলৈ গৈছিল এগৰাকী মহিলা কৰ্মচাৰী বিচাৰি যিয়ে, কামৰ সময়ত তেওঁ ছ’চিয়েল মিডিয়া খুলিলেই তেওঁৰ গালত চৰ শোধাব। তেওঁ ব্লগত লিখিছে, মই এগৰাকী যুৱতীক এই কামৰ বাবে নিয়োগ কৰিছিলোঁ। ‘পেভলক’ৰ চিইঅ’গৰাকীয়ে সদৰি কৰা মতে, যুৱতীগৰাকীৰ নাম আছিল কাৰা আৰু তেওঁক এই কামৰ বাবে প্ৰতিঘণ্টাত ৮ ডলাৰকৈ বেতন দিছিল।

আৰু পঢ়কঃ বীমাতকৈ ভৰি ডাঙৰ নহয়! টকাৰ লোভত ৰে’লৰ দ্বাৰা দুয়োখন ভৰি কটালে এজন লোকে

যুৱতীৰ চৰ খাই খায়ে হেনো তেওঁৰ প্ৰডাক্টিভিটী বৃদ্ধি পাইছিল ৯৮ শতাংশ। তেওঁ যুৱতীগৰাকীয়ে চৰ মাৰি থকা ফটো শ্বেয়াৰ কৰাৰ পাছত তাত ‘স্পেচ এক্স’ তথা ‘টেছলা’ৰ চিইঅ’ ইলন মাস্কেও তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাম তেওঁৰ পচন্দ হোৱা বুলি ব্যক্ত কৰিছে। পিছে এই দিহা যদি সকলো কোম্পানীৰ মালিকে গ্ৰহণ কৰে তেন্তে ছ’চিয়েল মিডিয়াপ্ৰেমী কৰ্মচাৰীসকলৰ অৱস্থা কি হ’ব সেয়া ভাবিবলগীয়া! ফেচবুক খোলাই প্ৰতি চৰ খাবলগীয়া হ’লে বহুতেই হয়তো হেলমেট পিন্ধিহে অফিচলৈ আহিবলগীয়া হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ