লাচিত বৰফুকন। এই নাম শুনাৰ লগে লগেই গৰ্বত উফন্দি উঠে প্ৰতিজন অসমীয়াৰ বুকু। অদম্য সাহস, শৌৰ্য-বীৰ্য, বিক্ৰম, পৰাক্ৰম, শক্তি, সংগ্ৰামৰ উজ্জল প্ৰতীক লাচিত বৰফুকন। লাচিত বৰফুকন বুলি ক'লেই প্ৰতিজন অসমীয়াৰ চকুত, মনত ভাঁহি উঠে দুৰ্দান্ত সাহস, অপৰাজেয় মনোবল, বল, পৰাক্ৰম, শৌৰ্য-বীৰ্যৰ এক অম্লান জ্যোতি। যাক বাদ দি অসম সম্পূৰ্ণ নহয়…অসমীয়া জাতি সম্পূৰ্ণ নহয়। লাচিত বৰফুকন অসমীয়া জাতিৰ ৰক্ষা কবচ আছিল। ১৬২২ চনৰ ২৪ নৱেম্বৰত এই অসমভূমিত জন্মগ্ৰহণ কৰিছিল লাচিত নামৰ পূণ্যাত্মাই। পিতৃ মোমাই তামূলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম সন্তান আছিল লাচিত বৰফুকন।
১৬৭১ চনত লাচিত বৰফুকনে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য বাহিনীক পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। অসমৰ মান ৰক্ষা কৰিবলৈ লাচিতে অহোপুৰুষাৰ্থ কৰিছিল আৰু তেওঁ সফলো হৈছিল। লাচিত বাহিনীৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি মোগলে সেও মানি অহা বাটে উভতি গৈছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি আছে। এই মহান পুৰুষজন অসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক আছিল। তেওঁ আছিল প্ৰৱল দেশপ্ৰেমিক। দেশমাতৃক তেওঁ অপাৰ ভাল পাইছিল।আৰু তেওঁ দেশৰ হকে কৰিব নোৱৰা কাম একো নাছিল। জাতীয় বীৰগৰাকীৰ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাক যুগে যুগে সুঁৱৰি আছে অসমীয়াই।অসম বুৰঞ্জীৰ অন্যতম চৰিত্ৰ লাচিতৰ দেশপ্ৰেম, বীৰত্ব, সাহস আদিয়ে অসমবাসীক সদায়ে উদ্বুদ্ধ কৰি আহিছে। লাচিত বৰফুকন আছিল এজন প্ৰকৃত অসমীয়া…প্ৰকৃত দেশপ্ৰেমিক।
সমগ্ৰ দেশে যেনেদৰে চিনি পায় ছত্ৰপতি শিৱাজী, ঝান্সীৰাণী লক্ষ্মীবাঈ, পৃথ্বীৰাজ চৌহান আদিৰ দৰে দেশপ্ৰেমিকক ঠিক তেনেদৰে যেন চিনি নাপায় লাচিত বৰফুকনক। বিভিন্ন প্ৰান্তৰ বীৰযোদ্ধাসকলক বিশ্ববাসীয়ে ইতিমধ্যে স্বীকৃতি দিছে ঠিক একেদৰে অসমৰ জাতীয় স্বাভিমান লাচিত বৰফুকন যেন এইক্ষেত্ৰত অৱহেলিত। লাচিত বৰফুকনৰ দৰে বীৰযোদ্ধাকো সমগ্ৰ দেশে বা বিশ্বই জনা উচিত। বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনী সকলোৱে জানিবলৈ হ'লে তেওঁৰ ওপৰত এখন চিনেমা নিৰ্মাণ কৰাটোৱেই হ'ব আটাইতকৈ ফলপ্ৰসূ পদক্ষেপ। অসমীয়াই হয়তো বহুদিনৰে পৰা শুনি আছে যে লাচিত বৰফুকনৰ ওপৰত অতি সোনকালেই চিনেমা নিৰ্মাণ হ'ব।
জানিব পৰা মতে বীৰপুত্ৰ লাচিতক লৈ দুখন চিনেমা নিৰ্মাণ হ'ব, যাতে সমগ্ৰ দেশে জনাৰ সুযোগ পায় এইগৰাকী অসমীয়া বীৰ সন্তানৰ কথা। প্ৰসিদ্ধ ছবি পৰিচালক জাহ্নু বৰুৱাই লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন ছবি নিৰ্মাণৰ পৰিকল্পনা বহু বছৰৰ আগৰে পৰা কৰি আছে। লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ছবিখন নিৰ্মাণৰ পৰিকল্পনা কৰিছে জাহ্নু বৰুৱাই। ইতিমধ্যে তেওঁ এই উদ্যোগ হাতত লৈছে। ১০০ কোটি টকা বাজেটৰ এই ছবিখন প্ৰযোজনা কৰিব সত্যম গ্ৰুপ অৱ ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক সুৰেশ শৰ্মাই। লাচিত বৰফুকনৰ চৰিত্ৰ ৰূপায়নৰ বাবে নাম উঠিছে অজয় দেৱগণ আৰু অক্ষয় কুমাৰৰ। কোনে এই শক্তিশালী চৰিত্ৰ ৰূপায়ন কৰিব সেয়া এতিয়াও স্থিৰ হোৱা নাই।
আনহাতে অসম চৰকাৰেও ঘোষণা কৰিলে যে অতি সোনকালেই জাতীয় বীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত হ'ব এখন ছবি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশেষ পদক্ষেপত কেমেৰাত আবদ্ধ হ’ব লাচিত বৰফুকনৰ বীৰগাঁথা। ৪০০ বছৰীয়া জন্মজয়ন্তীত বীৰ লাচিতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজ্য চৰকাৰে এই ছবি নিৰ্মাণৰ কাম হাতত লৈছে। পোন প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্য চৰকাৰে চলচ্চিত্ৰৰ প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছে। প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব বীৰ লাচিতৰ জীৱনযাত্ৰা। ৰাজ্য চৰকাৰে ইতিমধ্যে যোগাযোগ কৰিছে বলীউডৰ শীৰ্ষ প্ৰযোজক-পৰিচালকক। লাচিতৰ ভূমিকাত অৱতীৰ্ণ কৰাবৰ বাবে ইতিমধ্যে যোগাযোগ কৰা হৈছে অক্ষয় কুমাৰ আৰু ৰণবীৰ সিঙক। এতিয়া অসমীয়া আৰু মোগলৰ শিহৰণকাৰী যুদ্ধ ৰূপালী পৰ্দাত চাবৰ বাবে সকলো ব্যগ্ৰ হৈ আছে।
এতিয়া কথা হ'ল যে লাচিত আছিল মংগোলীয় চেহেৰাৰ লোক। অজয় দেৱগণ, অক্ষয় কুমাৰ, ৰণবীৰ সিঙৰ মুখৰ অলপো মংগোলীয় ঠাঁচ নাই। এইসকল অভিনেতাক ল'লে অন্য মানুহে তেতিয়া হয়তো ভাবিব যে লাচিত বৰফুকনৰ মুখাৱয়ৱ নিশ্চয় এনেকুৱাই আছিল সেয়ে এওঁলোকক নিৰ্বাচন কৰা হ'ল। উত্তৰ ভাৰতীয় চেহেৰাৰ কোনো মুখেই লাচিত বৰফুকনৰ চৰিত্ৰত খাপ নাখাব। বাস্তৱ কাহিনীৰ ভিত্তিত যেতিয়া চিনেমা নিৰ্মাণ হয় তেতিয়া সকলোখিনি বাস্তৱসন্মত হোৱাটো অতি প্ৰয়োজনীয়। বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণ তথা অভিনয়ৰ বাবে অসমীয়া সংস্কৃতি আৰু ইতিহাসৰ এক সম্যক জ্ঞান থকাটো দৰকাৰ।
অসম বা অন্যস্থানত এগৰাকী শক্তিশালী মংগোলীয় চেহেৰাৰ যুৱকক লাচিতৰ নাম ভূমিকাত অভিনয়ৰ বাবে বাচনি কৰি উলিওৱাটো হ'ব উচিত কাম। তাৰবাবে নিশ্চয়কৈ কষ্ট হ'ব, হওক কষ্ট কোনো কথা নাই, যুগান্তকাৰী সকলো কামতে অশেষ কষ্ট আৰু ত্যাগ নিহিত হৈ থাকে। যদি অসমীয়াই নিজে লাচিতৰ চেহেৰা দেখি বিমুখ হয় তেন্তেস্থলত দেশবাসীৰ পৰা আমি কি আশা কৰিম! মাজতে বলীউড অভিনেতা বিবেক অৱেৰয়েও লাচিতৰ ওপৰত চিনেমা নিৰ্মাণ কৰিম বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অৱশ্যে ঘোষণা হৈয়ে আছে। চিনেমা যি ব্যক্তিয়েই নিৰ্মাণ নকৰক কিয় লাচিত বৰফুকনৰ সমগ্ৰ জীৱন কাহিনী অলপো বিকৃত নোহোৱাকৈ প্ৰকৃত ৰূপত বিশ্ববাসীৰ সন্মুখত যাতে উজলি উঠে সেয়াই অন্তৰেৰে কামনা কৰিছে প্ৰতিজন অসমীয়াই।
-কস্তুৰী বৰঠাকুৰ