--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী আহিব। এই কথাষাৰ শুনাৰ লগে লগেই যেন দেশৰ বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰীগণৰ তৎ নোহোৱা হৈ পৰে। মোদীৰ কিবা সমাৱেশ থাকিলেতো কথাই নাই, দুদিন মান আগৰে পৰা বাছ, সৰু বাহন আদি অধিগ্ৰহণ কৰাৰো ধুম উঠে। বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত এয়া এক সাধাৰণ ঘটনা। কিন্তু এনে ঘটনাৰ ব্যতিক্ৰম ঘটি আহিছে তেলেংগানাত।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱৰ বাবে মোদী তেওঁৰ ৰাজ্যলৈ আহিলেও তত হেৰুৱাবলগীয়া একো নাই। সেয়ে বিগত ছমাহত মোদীয়ে যি তিনিবাৰ তেলেংগানালৈ গৈছে কোনোবাৰেই ৰাৱে মোদীক বিমান বন্দৰত আদৰণি জনোৱা নাই। 

এইবাৰো মোদী হাদৰাবাদলৈ গৈছে, হায়দৰাবাদত চলি আছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে এইবাৰো হায়দৰাবাদৰ  বেগমপেট বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি নজনালে। 

বিষয়টোকলৈ  যথেষ্ট হুলস্থূল হোৱাৰ পিছতে  তেলেংগানাৰ মন্ত্ৰী টি শ্ৰীনিবাস যাদৱে কয় যে প্ৰটোকলৰ হিচাবে  প্ৰধানমন্ত্ৰীক আদৰণি  জনোৱাৰ বাবে কেৱল এজন ৰাজ্যিক প্ৰতিনিধিৰ প্ৰয়োজন। যাদৱে কয় "মুখ্যমন্ত্ৰীয়ে মোদীক  কিয় আদৰণি জনাব লাগে? প্ৰটোকল অনুসৰি, ৰাজ্যৰ প্ৰতিনিধি এজনে গৈ আদৰণি জনালেই হ’ল। সেয়েহে, মই তেওঁক মন্ত্ৰী হিচাপে আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছো" ।

 উল্লেখ্য তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে  মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানা ভ্ৰমণ কৰাৰ সময়ত বাংগালুৰুলৈ উৰা মাৰিছিল।চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ হায়দৰাবাদ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ৰাও ৰাজ্য খনত অনুপস্থিত আছিল৷ ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে বিমান বন্দৰত  অৱতৰণৰ মাত্ৰ কেইঘণ্টামান আগতে কেচিআৰে শনিবাৰে একেটা  বিমানবন্দৰতে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাক আদৰণি  জনাইছিল৷ 

তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে (টিআৰএছ) সিনহাৰ বাবে আনকি এটা মেগা ৰোড শ্ব' অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

 হায়দৰাবাদত ভাৰতীয় জনতা পাৰ্টীৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত বিজেপিৰ বহু নেতাৰে ভৰি পৰিছে হায়দৰাবাদ। কিন্তু তেলেংগানা চৰকাৰৰ পৰা যেন তেওঁলোকে বচৰা ধৰণে পোৱা নাই সঁহাৰি।

বিজেপিৰ উপ-সভাপতি বসুন্ধৰা ৰাজেই কয় যে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত সকলো গুৰুত্বপূৰ্ণ বিষয় আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ বিষয়ে আলোচনা কৰা হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ