--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী আহিব। এই কথাষাৰ শুনাৰ লগে লগেই যেন দেশৰ বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰীগণৰ তৎ নোহোৱা হৈ পৰে। মোদীৰ কিবা সমাৱেশ থাকিলেতো কথাই নাই, দুদিন মান আগৰে পৰা বাছ, সৰু বাহন আদি অধিগ্ৰহণ কৰাৰো ধুম উঠে। বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত এয়া এক সাধাৰণ ঘটনা। কিন্তু এনে ঘটনাৰ ব্যতিক্ৰম ঘটি আহিছে তেলেংগানাত।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱৰ বাবে মোদী তেওঁৰ ৰাজ্যলৈ আহিলেও তত হেৰুৱাবলগীয়া একো নাই। সেয়ে বিগত ছমাহত মোদীয়ে যি তিনিবাৰ তেলেংগানালৈ গৈছে কোনোবাৰেই ৰাৱে মোদীক বিমান বন্দৰত আদৰণি জনোৱা নাই। 

এইবাৰো মোদী হাদৰাবাদলৈ গৈছে, হায়দৰাবাদত চলি আছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক। কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে এইবাৰো হায়দৰাবাদৰ  বেগমপেট বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি নজনালে। 

বিষয়টোকলৈ  যথেষ্ট হুলস্থূল হোৱাৰ পিছতে  তেলেংগানাৰ মন্ত্ৰী টি শ্ৰীনিবাস যাদৱে কয় যে প্ৰটোকলৰ হিচাবে  প্ৰধানমন্ত্ৰীক আদৰণি  জনোৱাৰ বাবে কেৱল এজন ৰাজ্যিক প্ৰতিনিধিৰ প্ৰয়োজন। যাদৱে কয় "মুখ্যমন্ত্ৰীয়ে মোদীক  কিয় আদৰণি জনাব লাগে? প্ৰটোকল অনুসৰি, ৰাজ্যৰ প্ৰতিনিধি এজনে গৈ আদৰণি জনালেই হ’ল। সেয়েহে, মই তেওঁক মন্ত্ৰী হিচাপে আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছো" ।

 উল্লেখ্য তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে  মে’ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানা ভ্ৰমণ কৰাৰ সময়ত বাংগালুৰুলৈ উৰা মাৰিছিল।চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ হায়দৰাবাদ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী ৰাও ৰাজ্য খনত অনুপস্থিত আছিল৷ ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে বিমান বন্দৰত  অৱতৰণৰ মাত্ৰ কেইঘণ্টামান আগতে কেচিআৰে শনিবাৰে একেটা  বিমানবন্দৰতে বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহাক আদৰণি  জনাইছিল৷ 

তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে (টিআৰএছ) সিনহাৰ বাবে আনকি এটা মেগা ৰোড শ্ব' অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

 হায়দৰাবাদত ভাৰতীয় জনতা পাৰ্টীৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত বিজেপিৰ বহু নেতাৰে ভৰি পৰিছে হায়দৰাবাদ। কিন্তু তেলেংগানা চৰকাৰৰ পৰা যেন তেওঁলোকে বচৰা ধৰণে পোৱা নাই সঁহাৰি।

বিজেপিৰ উপ-সভাপতি বসুন্ধৰা ৰাজেই কয় যে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত সকলো গুৰুত্বপূৰ্ণ বিষয় আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশৰ বিষয়ে আলোচনা কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্ব প্ৰসিদ্ধ পুৰীৰ ৰথযাত্ৰা আৰু ৰথৰ বিশেষত্ব জানেনে?
১১ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ, ব’ৰ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ
আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয়ৰ ৰূপত শুভাংশু শুক্লা
আমেৰিকাৰ গালত প্ৰচণ্ড চৰ ইৰানৰ! যুদ্ধত বিজয়ৰ দাবী সৰ্বোচ্চ ধৰ্মীয় নেতা খামেনেৰ
ঘৰৰ কোন দিশত দেৱাল ঘড়ী ৰাখিব লাগে? বাস্তুৰ বিশেষ নিয়ম জানি লওক,আপোনাৰ ভাগ্য জিলিকিব
সুগন্ধি অগৰু চুৰি! নাগালেণ্ড আৰক্ষীৰ জালত হোজাইৰ জুৱেৰ আহমেদ
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি