--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন (এফচিআৰএ) ৰ কেতবোৰ নিয়ম সংশোধন কৰাৰ ফলত এতিয়া বিদেশত বাস কৰা ভাৰতীয় লোকে ভাৰতত থকা তেওঁলোকৰ আত্মীয়লৈ  কোনো প্ৰশাসনিক বাধা নোহোৱাকৈ ১০ লাখ টকালৈ প্ৰেৰণ কৰিব পাৰিব।

এনে  সংশোধনৰ ফলত  ভাৰতীয়সকলে কৰ্তৃপক্ষক অৱগত নকৰাকৈ বিদেশত থকা আত্মীয়সকলৰ পৰা এবছৰত ১০ লাখ টকালৈকে গ্ৰহণ কৰিব পাৰিব। 

এক জাননীত গৃহ মন্ত্ৰালয়ে লগতে কয় যে যদি এই নিৰ্ধাৰিত অতিক্ৰম কৰে তেনেতে সেই বিষয়ে চৰকাৰক অৱগত কৰিবলৈ ৯০ দিন সময় পাব। বৈদেশিক অৱদান (নিয়ন্ত্ৰণ) সংশোধনী নিয়ম, ২০২২ৰ নতুন নিয়ম সমূহৰ কথা , শেহতীয়াকৈ  এক গেজেট অধিসূচনাৰ জৰিয়তে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।" বিদেশী অৱদান (নিয়ন্ত্ৰণ) নিয়ম, ২০১১ ত, নিয়ম ৬ ত উল্লেখ থকা  " এক লাখ টকা"  বাক্যৰ ঠাইত এতিয়া "দহ লাখ টকা" বাক্যষাৰ সংযোগ কৰা হৈছে। 

পূৰ্বে নিৰ্ধাৰিত সীমাতকৈ বেছি ধন প্ৰেৰণ কৰিব লাগিলে "ত্ৰিশ দিন" ৰ আগতে চৰকাৰক জনাব লাগিছিল। এতিয়া সেয়া  "তিনি মাহ" কৰা হৈছে।

একেদৰে, নিয়ম ৯ -তো সংশোধন কৰা হৈছে । সেই অনুসৰি  পুঁজি প্ৰাপ্ত কৰাৰ বাবে এফচিআৰএ-ৰ অধীনত 'পঞ্জীয়ন' বা 'আগতীয়া অনুমতি' প্ৰাপ্ত কৰাৰ বা  বেঙ্ক একাউণ্টৰ (বোৰ) বিষয়ে গৃহ মন্ত্ৰালয়ক অৱগত কৰিবলৈ ৪৫  দিন সময় দিয়া হৈছে।

এই সময়সীমা আগতে ৩০ দিন  আছিল। কেন্দ্ৰীয় চৰকাৰে নিয়ম ১৩- 'বি' ত থকা  ব্যৱস্থাও 'বাদ' দিছে, যিয়ে  ৱেবছাইটত প্ৰতি তিনিমাহত দাতাৰ বিৱৰণ, প্ৰাপ্ত ধনৰ পৰিমাণ, আৰু প্ৰাপ্তিৰ তাৰিখ আদি সহ বিদেশী পুঁজি ঘোষণা কৰাৰ বিধান দিছিল। 

গৃহ মন্ত্ৰালয়ে ২০২০ চনৰ নৱেম্বৰত এফচিআৰএ নিয়মবোৰ কঠোৰ কৰি তুলিছিল।  নতুন আইনখনে লগতে কয় যে বিদেশী পুঁজি প্ৰাপ্ত কৰা সংগঠনবোৰে প্ৰশাসনিক উদ্দেশ্যৰ বাবে এনে পুঁজিৰ ২০ শতাংশতকৈ অধিক ধন ব্যৱহাৰ কৰিব নোৱাৰিব। এই সীমা ২০২০ চনৰ আগতে ৫০ শতাংশ আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক