--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন (এফচিআৰএ) ৰ কেতবোৰ নিয়ম সংশোধন কৰাৰ ফলত এতিয়া বিদেশত বাস কৰা ভাৰতীয় লোকে ভাৰতত থকা তেওঁলোকৰ আত্মীয়লৈ  কোনো প্ৰশাসনিক বাধা নোহোৱাকৈ ১০ লাখ টকালৈ প্ৰেৰণ কৰিব পাৰিব।

এনে  সংশোধনৰ ফলত  ভাৰতীয়সকলে কৰ্তৃপক্ষক অৱগত নকৰাকৈ বিদেশত থকা আত্মীয়সকলৰ পৰা এবছৰত ১০ লাখ টকালৈকে গ্ৰহণ কৰিব পাৰিব। 

এক জাননীত গৃহ মন্ত্ৰালয়ে লগতে কয় যে যদি এই নিৰ্ধাৰিত অতিক্ৰম কৰে তেনেতে সেই বিষয়ে চৰকাৰক অৱগত কৰিবলৈ ৯০ দিন সময় পাব। বৈদেশিক অৱদান (নিয়ন্ত্ৰণ) সংশোধনী নিয়ম, ২০২২ৰ নতুন নিয়ম সমূহৰ কথা , শেহতীয়াকৈ  এক গেজেট অধিসূচনাৰ জৰিয়তে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।" বিদেশী অৱদান (নিয়ন্ত্ৰণ) নিয়ম, ২০১১ ত, নিয়ম ৬ ত উল্লেখ থকা  " এক লাখ টকা"  বাক্যৰ ঠাইত এতিয়া "দহ লাখ টকা" বাক্যষাৰ সংযোগ কৰা হৈছে। 

পূৰ্বে নিৰ্ধাৰিত সীমাতকৈ বেছি ধন প্ৰেৰণ কৰিব লাগিলে "ত্ৰিশ দিন" ৰ আগতে চৰকাৰক জনাব লাগিছিল। এতিয়া সেয়া  "তিনি মাহ" কৰা হৈছে।

একেদৰে, নিয়ম ৯ -তো সংশোধন কৰা হৈছে । সেই অনুসৰি  পুঁজি প্ৰাপ্ত কৰাৰ বাবে এফচিআৰএ-ৰ অধীনত 'পঞ্জীয়ন' বা 'আগতীয়া অনুমতি' প্ৰাপ্ত কৰাৰ বা  বেঙ্ক একাউণ্টৰ (বোৰ) বিষয়ে গৃহ মন্ত্ৰালয়ক অৱগত কৰিবলৈ ৪৫  দিন সময় দিয়া হৈছে।

এই সময়সীমা আগতে ৩০ দিন  আছিল। কেন্দ্ৰীয় চৰকাৰে নিয়ম ১৩- 'বি' ত থকা  ব্যৱস্থাও 'বাদ' দিছে, যিয়ে  ৱেবছাইটত প্ৰতি তিনিমাহত দাতাৰ বিৱৰণ, প্ৰাপ্ত ধনৰ পৰিমাণ, আৰু প্ৰাপ্তিৰ তাৰিখ আদি সহ বিদেশী পুঁজি ঘোষণা কৰাৰ বিধান দিছিল। 

গৃহ মন্ত্ৰালয়ে ২০২০ চনৰ নৱেম্বৰত এফচিআৰএ নিয়মবোৰ কঠোৰ কৰি তুলিছিল।  নতুন আইনখনে লগতে কয় যে বিদেশী পুঁজি প্ৰাপ্ত কৰা সংগঠনবোৰে প্ৰশাসনিক উদ্দেশ্যৰ বাবে এনে পুঁজিৰ ২০ শতাংশতকৈ অধিক ধন ব্যৱহাৰ কৰিব নোৱাৰিব। এই সীমা ২০২০ চনৰ আগতে ৫০ শতাংশ আছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য