--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম চৰ্চিত নাম আল্লু ওৰফে আলিয়া ভাট। এটি প্ৰাণবন্ত হাঁহিৰে জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নতুন বিজ্ঞাপনত আলিয়াৰ নতুন ৰূপ। বিজ্ঞাপনৰ জৰিয়তে সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা অভিনেত্ৰীগৰাকীৰ। ছোৱালী পণ্যসামগ্ৰী নহয়। বিয়াৰ ৰভাত কন্যাদান কৰাতো কোনোপধ্যে যুক্তিসংগত নহয়। বিগত কিছুদিনৰ পৰা এনে কেতবোৰ প্ৰসংগক কেন্দ্ৰ কৰি সমাজ তথা সামাজিক মাধ্যমত অব্যাহত আছে তুমুল চৰ্চাৰ। বিষয়টোক লৈ হঠাৎ সৰব হৈ পৰিছে বলীউড অভিনেত্ৰী আলিয়া ভাট। আলিয়াই কয় যে, ‘কন্যাদান নহয় কন্যামান!’ বিয়াৰ মণ্ডপত বহি থকা আলিয়াৰ মনত সহস্ত্ৰ প্ৰশ্নৰ অগাদেৱা। আলিয়াৰ প্ৰশ্ন, ‘ছোৱালীবোৰ পৰৰ সম্পত্তি নেকি?

ছোৱালীক তেওঁলোকে নিজৰ বুলি নাভাবে নেকি? এজনী ছোৱালীক সৰুৰে পৰা কিয় বাৰে বাৰে মনত পেলাই দিয়া হয় যে সৰু সুখৰ ঘৰখন চিৰদিনৰ বাবে তাইৰ নহয়? পিতৃ-মাতৃ আৰু পৰিয়ালে তেওঁলোকৰ ছোৱালী পৰৰ সম্পত্তি নহয় বুলি কিয় পতিয়ন নিয়াব নোৱাৰে। ছোৱালীবোৰ দানপাত্ৰৰ সামগ্ৰী নেকি?’ আলিয়াই উল্লেখ কৰাৰ লেখীয়া প্ৰতিগৰাকী ছোৱালীৰ মনৰ কোঠালিত এই ভাৱনাই ক্ৰিয়া কৰি থাকে। নতুন জীৱনৰ দুৱাৰডলিত পদাৰ্পন কৰাৰ পূৰ্বে হাজাৰ-বিজাৰ স্বপ্নৰ মাজেৰেই কিমান উজাগৰী প্ৰহৰ কটায় এজনী ছোৱালীয়ে সেয়া কল্পনাতীত। সেয়েহে কন্যাসন্তান দানপাত্ৰৰ সামগ্ৰী নহয় বৰঞ্চ ভালপোৱাৰ জৰিয়তে তেওঁলোকৰ মন পাব পাৰি। কন্যাদানক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা আলিয়াৰ এই বিজ্ঞাপনটিয়ে সমাজত প্ৰচলিত নানান আশ্চৰ্যকৰ নিয়মৰ বিৰুদ্ধে আঙুলি তোলা কথাটো নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ