--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম চৰ্চিত নাম আল্লু ওৰফে আলিয়া ভাট। এটি প্ৰাণবন্ত হাঁহিৰে জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নতুন বিজ্ঞাপনত আলিয়াৰ নতুন ৰূপ। বিজ্ঞাপনৰ জৰিয়তে সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণৰ চেষ্টা অভিনেত্ৰীগৰাকীৰ। ছোৱালী পণ্যসামগ্ৰী নহয়। বিয়াৰ ৰভাত কন্যাদান কৰাতো কোনোপধ্যে যুক্তিসংগত নহয়। বিগত কিছুদিনৰ পৰা এনে কেতবোৰ প্ৰসংগক কেন্দ্ৰ কৰি সমাজ তথা সামাজিক মাধ্যমত অব্যাহত আছে তুমুল চৰ্চাৰ। বিষয়টোক লৈ হঠাৎ সৰব হৈ পৰিছে বলীউড অভিনেত্ৰী আলিয়া ভাট। আলিয়াই কয় যে, ‘কন্যাদান নহয় কন্যামান!’ বিয়াৰ মণ্ডপত বহি থকা আলিয়াৰ মনত সহস্ত্ৰ প্ৰশ্নৰ অগাদেৱা। আলিয়াৰ প্ৰশ্ন, ‘ছোৱালীবোৰ পৰৰ সম্পত্তি নেকি?

ছোৱালীক তেওঁলোকে নিজৰ বুলি নাভাবে নেকি? এজনী ছোৱালীক সৰুৰে পৰা কিয় বাৰে বাৰে মনত পেলাই দিয়া হয় যে সৰু সুখৰ ঘৰখন চিৰদিনৰ বাবে তাইৰ নহয়? পিতৃ-মাতৃ আৰু পৰিয়ালে তেওঁলোকৰ ছোৱালী পৰৰ সম্পত্তি নহয় বুলি কিয় পতিয়ন নিয়াব নোৱাৰে। ছোৱালীবোৰ দানপাত্ৰৰ সামগ্ৰী নেকি?’ আলিয়াই উল্লেখ কৰাৰ লেখীয়া প্ৰতিগৰাকী ছোৱালীৰ মনৰ কোঠালিত এই ভাৱনাই ক্ৰিয়া কৰি থাকে। নতুন জীৱনৰ দুৱাৰডলিত পদাৰ্পন কৰাৰ পূৰ্বে হাজাৰ-বিজাৰ স্বপ্নৰ মাজেৰেই কিমান উজাগৰী প্ৰহৰ কটায় এজনী ছোৱালীয়ে সেয়া কল্পনাতীত। সেয়েহে কন্যাসন্তান দানপাত্ৰৰ সামগ্ৰী নহয় বৰঞ্চ ভালপোৱাৰ জৰিয়তে তেওঁলোকৰ মন পাব পাৰি। কন্যাদানক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা আলিয়াৰ এই বিজ্ঞাপনটিয়ে সমাজত প্ৰচলিত নানান আশ্চৰ্যকৰ নিয়মৰ বিৰুদ্ধে আঙুলি তোলা কথাটো নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু