--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণ মানুহৰ কথা বাদেই, এই দেশত সুৰক্ষিত নহয় ন্যায়াধীশো। বিগত জুলাই মাহৰ ঘটনা, ন্যায়াধীশ উত্তম আনন্দে আনদিনাৰ দৰেই কাহিলী পুৱাতে সেইদিনাও গৈছিল প্ৰাতঃভ্ৰমণলৈ। বেগাই খোজকঢ়া বা লাহে লাহে দৌৰি দেহৰ জঠৰতা ভঙাটো তেওঁ নিজৰ অভ্যাসত পৰিণত কৰি লৈছিল আৰু তাৰ পাছতে তেওঁ দিনটোৰ বাবে ওলাই যায় ন্যায় নিৰ্দেশ দিয়াৰ বাবে আদালতলৈ। সেইদিনাও তাৰ ব্যতিক্ৰম হোৱা নাছিল। দোকমোকালিতে তেওঁ প্ৰাতঃভ্ৰমণ সমাপন কৰি তেওঁ ঘৰ অভিমুখে আহি আছিল। তেনেতে এখন অটোৰিক্সাই পিছফালৰ পৰা আহি তেওঁক খুন্দা মাৰে আৰু পথৰ কাষে-কাষে লাহে লাহে দৌৰি আহি থকা ন্যায়াধীশগৰাকী পথৰ ওপৰতে বাগৰি পৰে। আপাতঃ দৃষ্টিত চালে দেখা ইয়াকো এটা সাধাৰণ দুৰ্ঘটনা বুলি ভুল কৰা যায়।

কিন্তু এয়া সাধাৰণ দুৰ্ঘটনা নাছিল। এই দুৰ্ঘটনাৰ দৃশ্য চিচি টিভিত বন্দী হয় আৰু তাৰ ফুটেজত স্পষ্টভাৱে দেখা যায় যে, বহু আঁতৰেৰে গৈ থকা অটোৰিক্সাখনে অকস্মাৎ দিশ সলনি কৰি তীব্ৰবেগে ন্যায়াধীশ উত্তম আনন্দৰ ফালে চোঁচা লৈছে আৰু তেওঁক খুন্দিয়াই বগৰাই থৈ তাৰ পৰা আঁতৰি গুচি গৈছে। এই ফুটেজ পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু হত্যাকাণ্ডৰ তদন্ত সঠিকভাৱে কৰোঁৱাৰ বাবে দেশৰ মুখ্য ন্যায়াধীশেও তৎপৰতা প্ৰদৰ্শন কৰে। তাৰ পাছতে ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হয় চিবিআইক। ইতিমধ্যে তদন্তকাৰীৰ জালত পৰে এই হত্যাকাণ্ড কাৰ্যকৰী কৰি তোলা অটোৰিক্সাখনৰ চালকজন আৰু তেওঁৰ সহযোগীজন। তেওঁলোকৰ স্বীকাৰোক্তি তথা তদন্তকাৰীয়ে পুংখুনুপুংখভাৱে চলোৱা তদন্তত পোহৰলৈ আহিছে যে, ন্যায়াধীশজনক জানি-শুনি খুন্দিওৱা হৈছিল। অৰ্থাৎ এয়া আছিল পৰিকল্পিত হত্যাকাণ্ড। ঝাড়খণ্ড উচ্চ ন্যায়ালয়ত এই কথা সদৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে।

তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি এই তথ্য সদৰি কৰিছে চিবিআই-এ। তদন্তকাৰী সংস্থাটোৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে, অপৰাধ কাৰ্যৰ নাটকীয় পুনৰাবৃত্তি, চিচি টিভি ফুটেজৰ বিশ্লেষণ, ঘটাৰ ত্ৰিমাত্ৰিক বিশ্লেষণ তথা ফৰেনছিকৰ পৰা লাভ কৰা সাক্ষ্যৰ আধাৰত এইকথা নিশ্চিত কৰা হৈছে যে, ন্যায়াধীশ উত্তম আনন্দ হত্যাকাণ্ডৰ বলি হৈছিল। চাৰিটাকৈ ফৰেনচিক বিশেষজ্ঞৰ দলৰ সহযোগত সকলো প্ৰমাণ পুংখানুপুংখকৈ বিশ্লেষণ কৰি আছে চিবিআই-এ। তেওঁলোকৰ প্ৰাথমিক অনুসন্ধানত এইকথা স্পষ্ট হৈ পৰিছে যে, ন্যায়াধীশ আনন্দক উদ্দেশ্যপ্ৰণোদিতভাৱে খুন্দিওৱা হৈছিল। তদন্তই ইতিমধ্য চূড়ান্ত স্তৰত উপনীত হোৱা বুলিও সংস্থাটোৱো প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, অভিযুক্তৰ ব্ৰেইন মেপিং, নাৰ্কো এনালাইছিছ বা লাই ডিটেক্টৰ টেষ্ট আদিৰ জৰিয়তে স্পষ্ট প্ৰমাণ সংগ্ৰহ কৰা হৈছে। এই অপৰাধ সংঘটিত কৰাৰ পাছতে তদন্তকাৰীৰ জালত পৰা দুই অভিযুক্তক লখন বাৰ্মা আৰু ৰাহুল বাৰ্মা বুলি চিনাক্ত কৰা হৈছে। লখন আছিল আটো ৰিক্সাখনৰ চালক আৰু আনজন আছিল তেওঁৰ সহযোগী।


কিন্তু এইকথা ঠিক যে, এই দুজন লোকেই এই হত্যাৰ পৰিকল্পনা কৰি তাক ৰূপায়ন কৰা নাই। সংস্থাটোৱে এতিয়া এই হত্যাকাণ্ডৰ আঁৰৰ লোকসকলক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মন কৰিবলগীয়া যে, ন্যায়াধীশ উত্তম আনন্দে ধানবাদত সংঘটিত হোৱা ‘মাফিয়া কাণ্ড’ৰ বিচাৰ প্ৰক্ৰিয়া চলাই আছিল। তেওঁ দুজন গেংষ্টাৰৰ জামিন আবেদনো অগ্ৰাহ্য কৰিছিল। এগৰাকী বিধায়কৰ এজন ঘনিষ্ঠ সহযোগী জড়িত থকা এটা হত্যাকাণ্ডৰ গোচৰৰো বিচাৰ প্ৰক্ৰিয়া চলাই আছিল ন্যায়াধীশগৰাকীয়ে। তেওঁ কাৰ আক্ৰোশ আৰু জিঘাংসাৰ বলি হ’ল তথা কোনে তেওঁ হত্যা কৰোঁৱাই নিজৰ পথ মোকলোৱাৰ চেষ্টা কৰিলে সেয়া তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু