--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণ মানুহৰ কথা বাদেই, এই দেশত সুৰক্ষিত নহয় ন্যায়াধীশো। বিগত জুলাই মাহৰ ঘটনা, ন্যায়াধীশ উত্তম আনন্দে আনদিনাৰ দৰেই কাহিলী পুৱাতে সেইদিনাও গৈছিল প্ৰাতঃভ্ৰমণলৈ। বেগাই খোজকঢ়া বা লাহে লাহে দৌৰি দেহৰ জঠৰতা ভঙাটো তেওঁ নিজৰ অভ্যাসত পৰিণত কৰি লৈছিল আৰু তাৰ পাছতে তেওঁ দিনটোৰ বাবে ওলাই যায় ন্যায় নিৰ্দেশ দিয়াৰ বাবে আদালতলৈ। সেইদিনাও তাৰ ব্যতিক্ৰম হোৱা নাছিল। দোকমোকালিতে তেওঁ প্ৰাতঃভ্ৰমণ সমাপন কৰি তেওঁ ঘৰ অভিমুখে আহি আছিল। তেনেতে এখন অটোৰিক্সাই পিছফালৰ পৰা আহি তেওঁক খুন্দা মাৰে আৰু পথৰ কাষে-কাষে লাহে লাহে দৌৰি আহি থকা ন্যায়াধীশগৰাকী পথৰ ওপৰতে বাগৰি পৰে। আপাতঃ দৃষ্টিত চালে দেখা ইয়াকো এটা সাধাৰণ দুৰ্ঘটনা বুলি ভুল কৰা যায়।

কিন্তু এয়া সাধাৰণ দুৰ্ঘটনা নাছিল। এই দুৰ্ঘটনাৰ দৃশ্য চিচি টিভিত বন্দী হয় আৰু তাৰ ফুটেজত স্পষ্টভাৱে দেখা যায় যে, বহু আঁতৰেৰে গৈ থকা অটোৰিক্সাখনে অকস্মাৎ দিশ সলনি কৰি তীব্ৰবেগে ন্যায়াধীশ উত্তম আনন্দৰ ফালে চোঁচা লৈছে আৰু তেওঁক খুন্দিয়াই বগৰাই থৈ তাৰ পৰা আঁতৰি গুচি গৈছে। এই ফুটেজ পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু হত্যাকাণ্ডৰ তদন্ত সঠিকভাৱে কৰোঁৱাৰ বাবে দেশৰ মুখ্য ন্যায়াধীশেও তৎপৰতা প্ৰদৰ্শন কৰে। তাৰ পাছতে ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হয় চিবিআইক। ইতিমধ্যে তদন্তকাৰীৰ জালত পৰে এই হত্যাকাণ্ড কাৰ্যকৰী কৰি তোলা অটোৰিক্সাখনৰ চালকজন আৰু তেওঁৰ সহযোগীজন। তেওঁলোকৰ স্বীকাৰোক্তি তথা তদন্তকাৰীয়ে পুংখুনুপুংখভাৱে চলোৱা তদন্তত পোহৰলৈ আহিছে যে, ন্যায়াধীশজনক জানি-শুনি খুন্দিওৱা হৈছিল। অৰ্থাৎ এয়া আছিল পৰিকল্পিত হত্যাকাণ্ড। ঝাড়খণ্ড উচ্চ ন্যায়ালয়ত এই কথা সদৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে।

তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি এই তথ্য সদৰি কৰিছে চিবিআই-এ। তদন্তকাৰী সংস্থাটোৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে, অপৰাধ কাৰ্যৰ নাটকীয় পুনৰাবৃত্তি, চিচি টিভি ফুটেজৰ বিশ্লেষণ, ঘটাৰ ত্ৰিমাত্ৰিক বিশ্লেষণ তথা ফৰেনছিকৰ পৰা লাভ কৰা সাক্ষ্যৰ আধাৰত এইকথা নিশ্চিত কৰা হৈছে যে, ন্যায়াধীশ উত্তম আনন্দ হত্যাকাণ্ডৰ বলি হৈছিল। চাৰিটাকৈ ফৰেনচিক বিশেষজ্ঞৰ দলৰ সহযোগত সকলো প্ৰমাণ পুংখানুপুংখকৈ বিশ্লেষণ কৰি আছে চিবিআই-এ। তেওঁলোকৰ প্ৰাথমিক অনুসন্ধানত এইকথা স্পষ্ট হৈ পৰিছে যে, ন্যায়াধীশ আনন্দক উদ্দেশ্যপ্ৰণোদিতভাৱে খুন্দিওৱা হৈছিল। তদন্তই ইতিমধ্য চূড়ান্ত স্তৰত উপনীত হোৱা বুলিও সংস্থাটোৱো প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে, অভিযুক্তৰ ব্ৰেইন মেপিং, নাৰ্কো এনালাইছিছ বা লাই ডিটেক্টৰ টেষ্ট আদিৰ জৰিয়তে স্পষ্ট প্ৰমাণ সংগ্ৰহ কৰা হৈছে। এই অপৰাধ সংঘটিত কৰাৰ পাছতে তদন্তকাৰীৰ জালত পৰা দুই অভিযুক্তক লখন বাৰ্মা আৰু ৰাহুল বাৰ্মা বুলি চিনাক্ত কৰা হৈছে। লখন আছিল আটো ৰিক্সাখনৰ চালক আৰু আনজন আছিল তেওঁৰ সহযোগী।


কিন্তু এইকথা ঠিক যে, এই দুজন লোকেই এই হত্যাৰ পৰিকল্পনা কৰি তাক ৰূপায়ন কৰা নাই। সংস্থাটোৱে এতিয়া এই হত্যাকাণ্ডৰ আঁৰৰ লোকসকলক চিনাক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মন কৰিবলগীয়া যে, ন্যায়াধীশ উত্তম আনন্দে ধানবাদত সংঘটিত হোৱা ‘মাফিয়া কাণ্ড’ৰ বিচাৰ প্ৰক্ৰিয়া চলাই আছিল। তেওঁ দুজন গেংষ্টাৰৰ জামিন আবেদনো অগ্ৰাহ্য কৰিছিল। এগৰাকী বিধায়কৰ এজন ঘনিষ্ঠ সহযোগী জড়িত থকা এটা হত্যাকাণ্ডৰ গোচৰৰো বিচাৰ প্ৰক্ৰিয়া চলাই আছিল ন্যায়াধীশগৰাকীয়ে। তেওঁ কাৰ আক্ৰোশ আৰু জিঘাংসাৰ বলি হ’ল তথা কোনে তেওঁ হত্যা কৰোঁৱাই নিজৰ পথ মোকলোৱাৰ চেষ্টা কৰিলে সেয়া তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেহে স্পষ্ট হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ