--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ৮০-৯০ৰ দশকত জন্মগ্ৰহণ কৰিছে, তেন্তে আপুনি নিশ্চয় ১৯৯১ চনত মুক্তি পোৱা সৌদাগৰ চিনেমাখন চাইছে। ছবিখন, ইয়াৰ কাহিনী আৰু ইয়াৰ গীতবোৰ ছুপাৰহিট হৈছিল। দিলীপ কুমাৰ, ৰাজ কুমাৰৰ দৰে প্ৰবীণ অভিনেতাৰ বাহিৰেও এই ছবিখনত জেকী শ্ৰফৰ দৰে তাৰকাও আছিল। এই ছবিখনৰ জৰিয়তে মনীষা কৈৰালা আৰু বিবেক মুশৰানে (Vivek Mushran) বলীউডত খোজ পেলাইছিল। 

দুয়ো সৌদাগৰৰ নায়ক-নায়িকা আছিল।   বিবেক আৰু মনীষাৰ এইখন প্ৰথম ছবি আছিল যদিও দুয়ো প্ৰথমখন ছবিৰ পৰাই সীমাহীন জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পাছে সেই জনপ্ৰিয়তা ধৰি ৰাখিবলৈ কেৱল মনীষা কৈৰালা হে সফল হৈছিল। বিবেক যেন অদূৰতে থমকি ৰৈছিল। আজি তিনিটা দশকৰ পাছত বিবেক মুশৰান ক'ত আৰু কি কৰি আছে আপোনাৰ বাৰু জানিবলৈ মন নাযায় নে?

১৯৯১ চনত মুক্তি লাভ কৰিছিল সৌদাগৰ। সেই সময়ত বিবেক মুশৰানৰ বয়স আছিল মাত্ৰ ২১ বছৰ। এনে অৱস্থাত হিন্দী চিনেমাৰ ইমান বিখ্যাত, প্ৰবীণ অভিনেতাসকলৰ সৈতে কাম কৰিবলৈ পোৱাটো বিবেকৰ বাবে বৰ ডাঙৰ কথা আছিল। বিবেক আছিল বৰ মৰমলগা মুখৰ অধিকাৰী। তেওঁৰ হাঁহিটোও আছিল অতি মোহনীয়া। সেয়েহে সহজতে বিবেকে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। 

সেয়ে এই ছবিখনৰ পিছত বিবেক মুশৰানৰ ফেন ফ’ল’ৱাৰো যথেষ্ট হৈ পৰিছিল। বিশেষকৈ এই চিনেমাখনৰ 'ইলু ইলু' গীতটিয়ে জনপ্ৰিয়তাৰ উচ্চ শিখৰ চুইছিল। বিবেকৰ অভিনয়ক লৈ সকলোৱে পাগল হৈ পৰিছিল। এই ছবিখনৰ পিছত তেওঁ বহুতো ছবিত অভিনয় কৰিছিল যেনে প্ৰেম দীৱানে, বেৱাফা ছে ৱাফা, দিল হাই বেটাব, আইছি ভি ক্যা জলদি হায়, ৰাম জানে। কিন্তু বিবেকে সেই যোগ্য স্বীকৃতি কেতিয়াও নাপালে।


যদিও বিবেক মুশৰানে অভিনয় জগতৰ পৰা যোগ্য স্বীকৃতি নাপালে, কিন্তু তেওঁ আজিলৈকে অভিনয়ৰ পৰা দূৰত্ব বনাব পৰা নাই। তিনি দশকৰ পাছতো বিবেক এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে। তামাশা,বেগম জানত মাষ্টৰ আৰু বীৰে ডি ৱেডিংত কৰীনা কাপুৰৰ খুড়াকৰ চৰিত্ৰত তেওঁক দেখা গৈছিল। ইয়াৰ উপৰিও ২০২০ চনত Never Kiss Your Best Friend আৰু ২০২২ চনত Mai ৱেব ছিৰিজত তেওঁক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ