--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ৮০-৯০ৰ দশকত জন্মগ্ৰহণ কৰিছে, তেন্তে আপুনি নিশ্চয় ১৯৯১ চনত মুক্তি পোৱা সৌদাগৰ চিনেমাখন চাইছে। ছবিখন, ইয়াৰ কাহিনী আৰু ইয়াৰ গীতবোৰ ছুপাৰহিট হৈছিল। দিলীপ কুমাৰ, ৰাজ কুমাৰৰ দৰে প্ৰবীণ অভিনেতাৰ বাহিৰেও এই ছবিখনত জেকী শ্ৰফৰ দৰে তাৰকাও আছিল। এই ছবিখনৰ জৰিয়তে মনীষা কৈৰালা আৰু বিবেক মুশৰানে (Vivek Mushran) বলীউডত খোজ পেলাইছিল। 

দুয়ো সৌদাগৰৰ নায়ক-নায়িকা আছিল।   বিবেক আৰু মনীষাৰ এইখন প্ৰথম ছবি আছিল যদিও দুয়ো প্ৰথমখন ছবিৰ পৰাই সীমাহীন জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। পাছে সেই জনপ্ৰিয়তা ধৰি ৰাখিবলৈ কেৱল মনীষা কৈৰালা হে সফল হৈছিল। বিবেক যেন অদূৰতে থমকি ৰৈছিল। আজি তিনিটা দশকৰ পাছত বিবেক মুশৰান ক'ত আৰু কি কৰি আছে আপোনাৰ বাৰু জানিবলৈ মন নাযায় নে?

১৯৯১ চনত মুক্তি লাভ কৰিছিল সৌদাগৰ। সেই সময়ত বিবেক মুশৰানৰ বয়স আছিল মাত্ৰ ২১ বছৰ। এনে অৱস্থাত হিন্দী চিনেমাৰ ইমান বিখ্যাত, প্ৰবীণ অভিনেতাসকলৰ সৈতে কাম কৰিবলৈ পোৱাটো বিবেকৰ বাবে বৰ ডাঙৰ কথা আছিল। বিবেক আছিল বৰ মৰমলগা মুখৰ অধিকাৰী। তেওঁৰ হাঁহিটোও আছিল অতি মোহনীয়া। সেয়েহে সহজতে বিবেকে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। 

সেয়ে এই ছবিখনৰ পিছত বিবেক মুশৰানৰ ফেন ফ’ল’ৱাৰো যথেষ্ট হৈ পৰিছিল। বিশেষকৈ এই চিনেমাখনৰ 'ইলু ইলু' গীতটিয়ে জনপ্ৰিয়তাৰ উচ্চ শিখৰ চুইছিল। বিবেকৰ অভিনয়ক লৈ সকলোৱে পাগল হৈ পৰিছিল। এই ছবিখনৰ পিছত তেওঁ বহুতো ছবিত অভিনয় কৰিছিল যেনে প্ৰেম দীৱানে, বেৱাফা ছে ৱাফা, দিল হাই বেটাব, আইছি ভি ক্যা জলদি হায়, ৰাম জানে। কিন্তু বিবেকে সেই যোগ্য স্বীকৃতি কেতিয়াও নাপালে।


যদিও বিবেক মুশৰানে অভিনয় জগতৰ পৰা যোগ্য স্বীকৃতি নাপালে, কিন্তু তেওঁ আজিলৈকে অভিনয়ৰ পৰা দূৰত্ব বনাব পৰা নাই। তিনি দশকৰ পাছতো বিবেক এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে। তামাশা,বেগম জানত মাষ্টৰ আৰু বীৰে ডি ৱেডিংত কৰীনা কাপুৰৰ খুড়াকৰ চৰিত্ৰত তেওঁক দেখা গৈছিল। ইয়াৰ উপৰিও ২০২০ চনত Never Kiss Your Best Friend আৰু ২০২২ চনত Mai ৱেব ছিৰিজত তেওঁক দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু