--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিছনৰ পৰ্দাত খলকনি তুলিবলৈ আহি আছে অসমৰ আলিয়া ভাট খ্যাত চেলেষ্টি বৈৰাগী। অসমৰ দুলিয়াজান নিবাসী চেলেষ্টি বৈৰাগী বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেনচেশ্যন। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ৰিজোৱা হয় চেলেষ্টিক। চেলেষ্টিয়ে এখন ফটো বা ভিডিঅ' দিলেই এতিয়া ভাইৰেল হৈ পৰে ছ'‌চিয়েল ‌মি‌ডিয়াত। 

চেলেষ্টিক বহুতেই আলিয়াৰ সৈতে মিল দেখে যদিও একাংশই মিল নাই বুলি কয়। তেওঁলোকে কয় যে চেলেষ্টিৰ আছে নিজা সুকীয়া সৌন্দৰ্য, যি সৌন্দৰ্যৰ কাৰো লগত মিল নাই। বাৰু যি কি নহওক মুখৰ মিঠা হাঁহিটিৰে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰা অসমৰ চেলেষ্টি বৈৰাগী এইবাৰ সাজু হৈছে টেলিভিছনৰ দৰ্শকৰ হৃদয় জিনিবলে। চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মূখ্য নায়িকা। চেলেষ্টি অভিনীত এখন মেগা চিৰিয়েল অতি শীঘ্ৰে প্ৰচাৰ হ’ব ষ্টাৰ প্লাছত। 

ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকখনৰ প্ৰ'মো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত। তেওঁ অভিনয় কৰা মেগা চিৰিয়েলখনৰ নাম হৈছে- ‘উড়টি কা নাম ৰজ্জো’ ('Udti Ka Naam Rajjo')। অহা ৮ আগষ্টৰ পৰা ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰ হ’ব এই ধাৰাবাহিকখন। ধাৰাবাহিকখন সম্প্ৰচাৰিত হব সন্ধিয়া ৭ বজাৰ পৰা। চেলেষ্টি বৰ্তমান ব্যস্ত হৈ আছে শ্বুটিঙত। ষ্টাৰ প্লাছে প্ৰ'মো মুক‌লি কৰাৰ ‌পিছতে ভাইৰেল হৈ প‌ৰিছে ছ'‌চিয়েল ‌মি‌ডিয়াত। 

এই ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চ‌ৰিত্ৰত দেখা যাব চেলেষ্টিক। ধাৰাবাহিকখনত সপোন খেদি ফুৰা এগৰাকী চঞ্চলা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে চেলেষ্টিয়ে। তেওঁ ৰাজবীৰ সিঙৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইতিমধ্যে চেলেষ্টিয়ে অসমীয়া ৱেব চিৰিজ, মিউজিক ভিডিঅ'‌ আৰু ধাৰাবাহিকতো কাম কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিছে। এ‌তিয়া অনুৰাগীসকলে অ‌ধিৰ আগ্ৰহেৰে বাট চাই আছে ষ্টাৰ প্লাচৰ পৰ্দাত চেলেষ্টিৰ অ‌ভিনয় চাবলৈ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ