--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেলিভিছনৰ পৰ্দাত খলকনি তুলিবলৈ আহি আছে অসমৰ আলিয়া ভাট খ্যাত চেলেষ্টি বৈৰাগী। অসমৰ দুলিয়াজান নিবাসী চেলেষ্টি বৈৰাগী বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেনচেশ্যন। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ সৈতে ৰিজোৱা হয় চেলেষ্টিক। চেলেষ্টিয়ে এখন ফটো বা ভিডিঅ' দিলেই এতিয়া ভাইৰেল হৈ পৰে ছ'‌চিয়েল ‌মি‌ডিয়াত। 

চেলেষ্টিক বহুতেই আলিয়াৰ সৈতে মিল দেখে যদিও একাংশই মিল নাই বুলি কয়। তেওঁলোকে কয় যে চেলেষ্টিৰ আছে নিজা সুকীয়া সৌন্দৰ্য, যি সৌন্দৰ্যৰ কাৰো লগত মিল নাই। বাৰু যি কি নহওক মুখৰ মিঠা হাঁহিটিৰে লাখ লাখ নেট ব্যৱহাৰকাৰীৰ হৃদয় জয় কৰা অসমৰ চেলেষ্টি বৈৰাগী এইবাৰ সাজু হৈছে টেলিভিছনৰ দৰ্শকৰ হৃদয় জিনিবলে। চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মূখ্য নায়িকা। চেলেষ্টি অভিনীত এখন মেগা চিৰিয়েল অতি শীঘ্ৰে প্ৰচাৰ হ’ব ষ্টাৰ প্লাছত। 

ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকখনৰ প্ৰ'মো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত। তেওঁ অভিনয় কৰা মেগা চিৰিয়েলখনৰ নাম হৈছে- ‘উড়টি কা নাম ৰজ্জো’ ('Udti Ka Naam Rajjo')। অহা ৮ আগষ্টৰ পৰা ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰ হ’ব এই ধাৰাবাহিকখন। ধাৰাবাহিকখন সম্প্ৰচাৰিত হব সন্ধিয়া ৭ বজাৰ পৰা। চেলেষ্টি বৰ্তমান ব্যস্ত হৈ আছে শ্বুটিঙত। ষ্টাৰ প্লাছে প্ৰ'মো মুক‌লি কৰাৰ ‌পিছতে ভাইৰেল হৈ প‌ৰিছে ছ'‌চিয়েল ‌মি‌ডিয়াত। 

এই ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চ‌ৰিত্ৰত দেখা যাব চেলেষ্টিক। ধাৰাবাহিকখনত সপোন খেদি ফুৰা এগৰাকী চঞ্চলা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে চেলেষ্টিয়ে। তেওঁ ৰাজবীৰ সিঙৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইতিমধ্যে চেলেষ্টিয়ে অসমীয়া ৱেব চিৰিজ, মিউজিক ভিডিঅ'‌ আৰু ধাৰাবাহিকতো কাম কৰি নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দিছে। এ‌তিয়া অনুৰাগীসকলে অ‌ধিৰ আগ্ৰহেৰে বাট চাই আছে ষ্টাৰ প্লাচৰ পৰ্দাত চেলেষ্টিৰ অ‌ভিনয় চাবলৈ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু