--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ এক যুটীয়া মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সোমবাৰ আৰু মঙলবাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। বেংকিং খণ্ডই এই ধৰ্মঘট ত যোগদান কৰিব বুলি অল ইণ্ডিয়া বেংক এমপ্লয়ীজ এছ’চিয়েশ্যনে জানিবলৈ দিছে। ২২ মাৰ্চত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ যুটীয়া মঞ্চৰ বৈঠকৰ পাছতে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনোৱা হৈছিল। বিভিন্ন ৰাজ্যত প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত, কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ ‘শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, জনবিৰোধী আৰু দেশবিৰোধী নীতি’ৰ বিৰুদ্ধে দুদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট ঘোষণা কৰে। বেংক ইউনিয়নবোৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেচৰকাৰীকৰণৰ চৰকাৰৰ পৰিকল্পনাৰ লগতে বেংকিং আইন সংশোধনী বিধেয়ক ২০২১ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ধৰ্মঘটত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলকো অৱগত কৰি কৈছে যে এটা বিবৃতি জাৰি কৰিছে যে এই ধৰ্ণঘটৰ ফলত ২৮ আৰু ২৯ মাৰ্চত বেংকিং সেৱা প্ৰভাৱিত হ’ব পাৰে। অৱশ্যে অৱসৰ গ্ৰহণ কৰা কোনো লোকৰ যদি পেঞ্চন আছে, তেওঁলোকে ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰা প্ৰভাৱিত নহ’ব। কয়লা, ইস্পাত, তেল, টেলিকম, ডাক, আয়কৰ, তাম আৰু বীমাৰ দৰে অন্যান্য বিভিন্ন খণ্ডৰ শ্ৰমিকসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ৰে’লৱে আৰু প্ৰতিৰক্ষা খণ্ডৰ ইউনিয়নসমূহে দেশৰ বহুতো ঠাইত ধৰ্মঘটৰ সমৰ্থনত গণসংগ্ৰাম কৰিব নিশ্চয়তা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প