--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ এক যুটীয়া মঞ্চই কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সোমবাৰ আৰু মঙলবাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। বেংকিং খণ্ডই এই ধৰ্মঘট ত যোগদান কৰিব বুলি অল ইণ্ডিয়া বেংক এমপ্লয়ীজ এছ’চিয়েশ্যনে জানিবলৈ দিছে। ২২ মাৰ্চত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ যুটীয়া মঞ্চৰ বৈঠকৰ পাছতে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনোৱা হৈছিল। বিভিন্ন ৰাজ্যত প্ৰস্তুতিৰ বুজ লোৱাৰ পাছত, কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে কেন্দ্ৰীয় চৰকাৰৰ ‘শ্ৰমিক বিৰোধী, কৃষক বিৰোধী, জনবিৰোধী আৰু দেশবিৰোধী নীতি’ৰ বিৰুদ্ধে দুদিনীয়া সৰ্বভাৰতীয় ধৰ্মঘট ঘোষণা কৰে। বেংক ইউনিয়নবোৰে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বেচৰকাৰীকৰণৰ চৰকাৰৰ পৰিকল্পনাৰ লগতে বেংকিং আইন সংশোধনী বিধেয়ক ২০২১ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ধৰ্মঘটত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলকো অৱগত কৰি কৈছে যে এটা বিবৃতি জাৰি কৰিছে যে এই ধৰ্ণঘটৰ ফলত ২৮ আৰু ২৯ মাৰ্চত বেংকিং সেৱা প্ৰভাৱিত হ’ব পাৰে। অৱশ্যে অৱসৰ গ্ৰহণ কৰা কোনো লোকৰ যদি পেঞ্চন আছে, তেওঁলোকে ধৰ্মঘটৰ কাৰ্যসূচীৰ দ্বাৰা প্ৰভাৱিত নহ’ব। কয়লা, ইস্পাত, তেল, টেলিকম, ডাক, আয়কৰ, তাম আৰু বীমাৰ দৰে অন্যান্য বিভিন্ন খণ্ডৰ শ্ৰমিকসকলে এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ৰে’লৱে আৰু প্ৰতিৰক্ষা খণ্ডৰ ইউনিয়নসমূহে দেশৰ বহুতো ঠাইত ধৰ্মঘটৰ সমৰ্থনত গণসংগ্ৰাম কৰিব নিশ্চয়তা প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ