--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেংকৰ ভিতৰত ভুলতে আবদ্ধ হৈ থাকিল এক বয়োজ্যেষ্ঠ ব্যক্তি৷ আৰক্ষীয়ে মঙলবাৰে জনোৱা মতে বেংকৰ কৰ্মচাৰীসকলে দুৰ্ঘটনাবশতঃ তেওঁক চৌহদৰ ভিতৰতে বন্ধ কৰি গুচি যায়৷ ৮৪ বছৰীয়া ব্যক্তিগৰাকীয়ে তাৰ পাছতে হায়দৰাবাদ বেংকৰ লকাৰ ৰুমত এটা ৰাতি কটাবলগা হয়৷ মঙলবাৰে পুৱাহে বেংকৰ লকাৰ ৰূমৰ ভিতৰত প্ৰায় ১৮ ঘণ্টা (সোমবাৰে আবেলি ৪.৪০ বজাৰ পৰা আজি ৰাতিপুৱা ১০.৩০ বজালৈ) অতিবাহিত কৰা লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰে৷ সেই সময়ছোৱাত তেওঁক অৰ্ধ-অচেতন অৱস্থাত লকাৰ ৰুমৰ মজিয়াত পৰি থকা দেখিছিল আৰু লগে লগে তেওঁক এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। বৃদ্ধ ব্যক্তিগৰাকীয়ে সোমবাৰে সন্ধিয়া তেওঁৰ লকাৰ খুলিবলৈ বেংকলৈ গৈছিল কিন্তু বেংকৰ কৰ্মচাৰীসকলে স্পষ্টভাৱে তেওঁক লক্ষ্য কৰা নাছিল আৰু চৌহদটো বন্ধ কৰি গুচি গৈছিল৷ জুবিলি হিলছ আৰক্ষী থানাৰ পৰিদৰ্শক এছ ৰাজশেখৰ ৰেড্ডীয়ে কয় যে ডায়েবেটিছ ৰোগী বৃদ্ধগৰাকী ঘৰলৈ উভতি নহাৰ বাবে পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে৷ তদন্তৰ সময়ত আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পাছত সোমবাৰে সন্ধিয়া বেংক চৌহদত বৃদ্ধজনক প্ৰৱেশ কৰা লক্ষ্য কৰে৷ চিচিটিভি ফুটেজ অনুসৰি আৰক্ষীয়ে বেংকৰ চৌহদত তলা বন্ধ কৰি সকলো কৰ্মচাৰী গুচি যোৱাৰ পাছত বৃদ্ধজনক বাহিৰলৈ ওলাই অহা দেখা নাপালে আৰু তাৰ পাছতে তেওঁ বেংকৰ ভিতৰতে আবদ্ধ হৈ থকাৰ কথা নিশ্চিত কৰা হয়৷ উল্লেখ্য যে, সোমবাৰে ব্যক্তিগৰাকীয়ে তেওঁৰ মোবাইল ফোনটো লগত কঢ়িয়াই নিয়া নাছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এই ঘটনাৰ সন্দৰ্ভত বেংক কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ চিন্তা চৰ্চা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন