--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ আটাইকেইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন আৰু কৃতিৰ সৈতে থাওকতে পৰিচিত হোৱাৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে এই সম্পৰ্কীয় এক বিশেষ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি সাংসদসকলৰে এখন বৈঠকত সদৰি কৰে যে, এতিয়া দিল্লীত থকা নেহৰু মিউজিয়ামৰ লগতে আন এটা নতুন সংগ্ৰহালয় মুকলি কৰা হ’ব। দেশৰ ১৪গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কাম-কাজৰ সবিশেষ সন্নিৱিষ্ট কৰি সংগ্ৰহ কৰি ৰখা হ’ব এই সংগ্ৰহালয়ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি দিল্লীৰ ‘নেহৰু মিউজিয়াম’ত অহা ১৪ এপ্ৰিলত এই সংগ্ৰহালয় মুকলি কৰা হ’ব। বিজেপি সাংসদসকলৰ সৈতে হোৱা এখন বৈঠকত তেওঁ এই ঘোষণা কৰে। বৈঠকত তেওঁ কয় যে, তেওঁৰ চৰকাৰ দেশৰ আটাইকেইগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে কয় যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে কেৱল বিজেপি নেতৃত্বৰ এনডিএ চৰকাৰেহে ব্যৱস্থা গ্ৰহণ কৰিছে।   তেওঁ বিজেপিৰ সাংসদসকলক বি আৰ আম্বেদকাৰ সংগ্ৰহালয় পৰিদৰ্শনৰো আহ্বান জনায়। উল্লেখ্য যে, বিআৰ আম্বেদকাৰ সংগ্ৰহালয়টোও ১৪ এপ্ৰিলত ৰাষ্ট্ৰীয় ৰাজধানীত উদ্বোধন কৰাৰ কথা আছে। আম্বেদকাৰৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি এই সংগ্ৰহালয় মুকলি কৰা হ’ব। আজি নতুন দিল্লীৰ আম্বেদকাৰ কেন্দ্ৰত সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰা দলৰ শীৰ্ষ নেতাসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহো আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন