--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ আটাইকেইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ জীৱন আৰু কৃতিৰ সৈতে থাওকতে পৰিচিত হোৱাৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে এই সম্পৰ্কীয় এক বিশেষ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি সাংসদসকলৰে এখন বৈঠকত সদৰি কৰে যে, এতিয়া দিল্লীত থকা নেহৰু মিউজিয়ামৰ লগতে আন এটা নতুন সংগ্ৰহালয় মুকলি কৰা হ’ব। দেশৰ ১৪গৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কাম-কাজৰ সবিশেষ সন্নিৱিষ্ট কৰি সংগ্ৰহ কৰি ৰখা হ’ব এই সংগ্ৰহালয়ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা অনুসৰি দিল্লীৰ ‘নেহৰু মিউজিয়াম’ত অহা ১৪ এপ্ৰিলত এই সংগ্ৰহালয় মুকলি কৰা হ’ব। বিজেপি সাংসদসকলৰ সৈতে হোৱা এখন বৈঠকত তেওঁ এই ঘোষণা কৰে। বৈঠকত তেওঁ কয় যে, তেওঁৰ চৰকাৰ দেশৰ আটাইকেইগৰাকী প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে বদ্ধপৰিকৰ। তেওঁ লগতে কয় যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে কেৱল বিজেপি নেতৃত্বৰ এনডিএ চৰকাৰেহে ব্যৱস্থা গ্ৰহণ কৰিছে।   তেওঁ বিজেপিৰ সাংসদসকলক বি আৰ আম্বেদকাৰ সংগ্ৰহালয় পৰিদৰ্শনৰো আহ্বান জনায়। উল্লেখ্য যে, বিআৰ আম্বেদকাৰ সংগ্ৰহালয়টোও ১৪ এপ্ৰিলত ৰাষ্ট্ৰীয় ৰাজধানীত উদ্বোধন কৰাৰ কথা আছে। আম্বেদকাৰৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি এই সংগ্ৰহালয় মুকলি কৰা হ’ব। আজি নতুন দিল্লীৰ আম্বেদকাৰ কেন্দ্ৰত সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰা দলৰ শীৰ্ষ নেতাসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহো আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন