--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাৰ চিকিৎসালয়ত হামাছে ঘাটি স্থাপন কৰাৰ উপৰি পণবন্দীসকলক  বন্দী কৰি ৰাখিছে। এইদাবী কৰিছে ইজৰাইলৰ সেনাই। ইজৰাইলী সেনাই এই দাবীৰ সমৰ্থনত এটা ভিডিঅ’ও ৰাজহুৱা কৰিছে। ইজৰাইলী সেনাই  প্ৰকাশ কৰা  ভিডিঅ' টোত দেখুওৱা হৈছে যে বন্দীসকলক গাজাৰ সৰ্ববৃহৎ আল-চিফা চিকিৎসালয়ত বন্দী কৰি ৰখা হৈছে। অৱশ্যে, ভিডিঅ'টোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে। ইজৰাইলে দীৰ্ঘদিন ধৰি হামাছৰ বিৰুদ্ধে গাজাৰ চিকিৎসালয়সমূহক  ধ্বংসাত্মক কাৰ্যৰ ঘাটি হিচাবে ব্যৱহাৰ কৰাৰ অভিযোগ  উত্থাপন কৰি আহিছে।


 ইজৰাইলী সেনাৰ এক্স-হেণ্ডেলত   দুটা ভিডিঅ' মুকলি কৰা হৈছে। ভিডিঅ'বোৰ হ'ল হামাছে  আক্ৰমণৰ চলোৱাৰ দিনা,  ৭ অক্টোবৰত আল-চিফা চিকিৎসালয়ৰ চিচিটিভি ফুটেজ। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১.৪৫ বজাত  চিচিটিভি ফুটেজত দেখা গৈছে যে সশস্ত্ৰ হামাছে  এজন নেপালী আৰু এজন থাই নাগৰিকক নিৰ্মমভাৱে টানি নিছে। অৱশ্যে, ইজৰাইলী সেনাৰ ওচৰত বন্দী দুজনৰ পৰিচয়ৰ  বিষয়ে কোনো তথ্য নাই।

ইজৰাইলী সামৰিক বাহিনীয়ে হামাছৰ ঘাটি হৈ পৰা  আল-চিফা চিকিৎসালয়ত অভিযান চলাই আছে। শনিবাৰে, আল-চিফা চিকিৎসালয় খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।পিছত আন্তঃৰাষ্ট্ৰীয় চাপত পৰি সেনাই কৈছিল যে কোনো ৰোগী বা   চিকিৎসালয়ৰ কৰ্মচাৰীক চিকিৎসালয় এৰি যাবলৈ কোৱা হোৱা নাই । বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইজৰাইলী আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ এক গণ কবৰ হৈ পৰিছে। তাত কমেও ৮০ টা মৃতদেহ পৰি আছে। ইজৰাইলী সেনাই চিকিৎসালয় খন  এৰি যাবলৈ ভাবুকি দিয়াৰ পিছতে ৩০০ জন গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাহিৰে সকলোৱে পলাই গৈছে।

ইজৰাইলে দাবী কৰিছে যে  হামাছে চিকিৎসালয় খনত  ঘাটি স্থাপন কৰিছে। উগ্ৰপন্থীসকলে চিকিৎসালয়ৰ তলত এটা সুৰংগ খান্দি  আশ্ৰয় লৈ আছে। সেয়েহে, হামাছক নিৰ্মূল কৰিবলৈ চিকিৎসালয়খনত  আক্ৰমণৰ প্ৰয়োজন হৈছে। ইজৰাইলে এইবুলিও  কৈছিল যে ইজৰাইলী সেনাই  চিকিৎসালয়ত থকা ৰোগীসকলক সুৰক্ষা প্ৰদান কৰিব। খাদ্য, পানী আৰু অন্যান্য সাহায্য সামগ্ৰীও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে  বুলি  সেনাই কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই