--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাজাৰ চিকিৎসালয়ত হামাছে ঘাটি স্থাপন কৰাৰ উপৰি পণবন্দীসকলক  বন্দী কৰি ৰাখিছে। এইদাবী কৰিছে ইজৰাইলৰ সেনাই। ইজৰাইলী সেনাই এই দাবীৰ সমৰ্থনত এটা ভিডিঅ’ও ৰাজহুৱা কৰিছে। ইজৰাইলী সেনাই  প্ৰকাশ কৰা  ভিডিঅ' টোত দেখুওৱা হৈছে যে বন্দীসকলক গাজাৰ সৰ্ববৃহৎ আল-চিফা চিকিৎসালয়ত বন্দী কৰি ৰখা হৈছে। অৱশ্যে, ভিডিঅ'টোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছে। ইজৰাইলে দীৰ্ঘদিন ধৰি হামাছৰ বিৰুদ্ধে গাজাৰ চিকিৎসালয়সমূহক  ধ্বংসাত্মক কাৰ্যৰ ঘাটি হিচাবে ব্যৱহাৰ কৰাৰ অভিযোগ  উত্থাপন কৰি আহিছে।


 ইজৰাইলী সেনাৰ এক্স-হেণ্ডেলত   দুটা ভিডিঅ' মুকলি কৰা হৈছে। ভিডিঅ'বোৰ হ'ল হামাছে  আক্ৰমণৰ চলোৱাৰ দিনা,  ৭ অক্টোবৰত আল-চিফা চিকিৎসালয়ৰ চিচিটিভি ফুটেজ। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১.৪৫ বজাত  চিচিটিভি ফুটেজত দেখা গৈছে যে সশস্ত্ৰ হামাছে  এজন নেপালী আৰু এজন থাই নাগৰিকক নিৰ্মমভাৱে টানি নিছে। অৱশ্যে, ইজৰাইলী সেনাৰ ওচৰত বন্দী দুজনৰ পৰিচয়ৰ  বিষয়ে কোনো তথ্য নাই।

ইজৰাইলী সামৰিক বাহিনীয়ে হামাছৰ ঘাটি হৈ পৰা  আল-চিফা চিকিৎসালয়ত অভিযান চলাই আছে। শনিবাৰে, আল-চিফা চিকিৎসালয় খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।পিছত আন্তঃৰাষ্ট্ৰীয় চাপত পৰি সেনাই কৈছিল যে কোনো ৰোগী বা   চিকিৎসালয়ৰ কৰ্মচাৰীক চিকিৎসালয় এৰি যাবলৈ কোৱা হোৱা নাই । বিবিচিৰ এক প্ৰতিবেদন অনুসৰি ইজৰাইলী আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ এক গণ কবৰ হৈ পৰিছে। তাত কমেও ৮০ টা মৃতদেহ পৰি আছে। ইজৰাইলী সেনাই চিকিৎসালয় খন  এৰি যাবলৈ ভাবুকি দিয়াৰ পিছতে ৩০০ জন গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাহিৰে সকলোৱে পলাই গৈছে।

ইজৰাইলে দাবী কৰিছে যে  হামাছে চিকিৎসালয় খনত  ঘাটি স্থাপন কৰিছে। উগ্ৰপন্থীসকলে চিকিৎসালয়ৰ তলত এটা সুৰংগ খান্দি  আশ্ৰয় লৈ আছে। সেয়েহে, হামাছক নিৰ্মূল কৰিবলৈ চিকিৎসালয়খনত  আক্ৰমণৰ প্ৰয়োজন হৈছে। ইজৰাইলে এইবুলিও  কৈছিল যে ইজৰাইলী সেনাই  চিকিৎসালয়ত থকা ৰোগীসকলক সুৰক্ষা প্ৰদান কৰিব। খাদ্য, পানী আৰু অন্যান্য সাহায্য সামগ্ৰীও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে  বুলি  সেনাই কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ