--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ম্যানমাৰত হোৱা সংঘৰ্ষৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰামত ২৪,০০০তকৈয়ো অধিক ম্যানমাৰৰ পৰা পলায়ন কৰা নাগৰিকক আশ্ৰয় দিয়া হৈছে৷ চুবুৰীয়া দেশখনত হোৱা সামৰিক অভ্যুত্থানৰ পাছত ম্যানমাৰৰ ২৪,০০০তকৈয়ো অধিক নাগৰিকে মিজোৰামত আশ্ৰয় লৈছে। মিজোৰাম চৰকাৰৰ তথ্য অনুসৰি, চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীলৈকে মিজোৰামত ২৪,২৮৯গৰাকী ম্যানমাৰৰ নাগৰিকে আশ্ৰয় লৈছে বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই বিধানসভাত সদৰী কৰে৷ চুবুৰীয়া দেশখনত, বিশেষকৈ চীনৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত শেহতীয়াকৈ উত্তৰ-পূবৰ ৰাজ্যলৈ পলাই অহা ম্যানমাৰৰ নাগৰিকৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে৷ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে, ম্যানমাৰৰ নাগৰিকসকলক মানৱীয়তাৰ ভিত্তিত ৰাজ্য চৰকাৰ, বেচৰকাৰী সংগঠন, গীৰ্জা, ছাত্ৰ সংগঠন আৰু গাঁও কৰ্তৃপক্ষৰ দ্বাৰা খাদ্য, আশ্ৰয় আৰু অন্যান্য প্ৰকাৰৰ সহায় প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে, ৰাজ্য চৰকাৰে কেন্দ্ৰক স্থানচ্যুত নাগৰিকসকলক সহায় কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ লগতে কয়, কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ এনে কৰাতোও সম্ভৱ নহয়৷ কাৰণ ভাৰত শৰণাৰ্থী সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সন্মিলনত স্বাক্ষৰকাৰী নহয়। কেন্দ্ৰই আমাক সহায় কৰে আৰু তাৰ পৰিৱৰ্তে আমি ম্যানমাৰৰ নাগৰিকসকলক সহায় কৰোঁ বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ আৰু কৈছিল যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা উদ্বাস্তু নাগৰিকসকলে যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰচেষ্টা চলাই আছে। ইফালে, ৰাজ্যৰ গৃহমন্ত্ৰী লালচামলিয়ানাই ৰাজ্যৰ বিধানসভাক জনায় যে, ৰাজ্য চৰকাৰে তেওঁলোকক সহায় আগবঢ়োৱাৰ বাবে এতিয়ালৈকে ৩৮০লাখ টকা মুকলি কৰিছে। এই পুঁজিসমূহ সাহায্য শিবিৰ নিৰ্মাণ, খাদ্য, খোৱাপানী আৰু কাপোৰৰ ব্যৱস্থা, বৈদ্যুতিকৰণ, চিকিৎসা সহায় আৰু অনাময় সুবিধাৰ লগতে অন্যান্যৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ গৃহমন্ত্ৰীয়ে এক লিখিত উত্তৰত কয় যে, স্থানচ্যুত ম্যানমাৰৰ নাগৰিকসকলে ৰাজ্যখনৰ ১১খন জিলাতে আশ্ৰয় লৈছিল আৰু চিয়ায়া জিলাত সৰ্বাধিক ৮,৩৮১জন আৰু তাৰ পাছত চম্ফাই জিলাত ৫,৯২৫জন আৰু লংটলাই জিলাত ৫,৪০৯জন নাগৰিকে আশ্ৰয় গ্ৰহণ কৰিছে৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুঠ ১৪৩টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ম্যানমাৰৰ প্ৰায় ৪৯৯জন নাগৰিকে আইজল জিলাত আশ্ৰয় লৈছে বুলি ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ম্যানমাৰৰ মুঠ ২৪,২৮৯জন নাগৰিকৰ ভিতৰত ৯,০৩৩জনক সাহায্য শিবিৰত ৰখা হৈছে, আনহাতে বাকী ১৫,২৫৬জন আন ঠাইত বাস কৰে। মিজোৰামৰ ম্যানমাৰৰ সৈতে ৫১০ কিলোমিটাৰ দীঘল সীমান্ত আছে। বিগত বছৰৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সামৰিক বাহিনীৰ দ্বাৰা ক্ষমতা দখল কৰাৰ পাছত চুবুৰীয়া দেশখনৰ পৰা অনুপ্ৰৱেশ আৰম্ভ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক