--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ মৃত্যু! ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুয়ে সমগ্ৰ বিশ্বতে আলোড়ন সৃষ্টি কৰিছে।খবৰ অনুসৰি উক্ত ঘটনাটোৰ বাবেৰাছিয়া দায়ী আছিল বুলি সকলোৱে একেমুখে কৈছিল। ৰাছিয়াৰ সৈন্যৰ আক্ৰমণত নিহত হৈছিল নবীন শেখৰাপ্পা গনাগৌড়দাৰ।অৱশ্যে এইবাৰ ৰাছিয়াই নিজৰ অৱস্থান ১৮০ ডিগ্ৰী সলনি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপ্ৰধান ভ্লাডিমীৰ পুটিনে কয় যে, নবীনৰ মৃত্যুত ৰাছিয়া গভীৰভাৱে দুঃখিত। বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ এলিপোৱে কয় যে, ‘ভাৰতীয় ছাত্ৰ নবীন জ্ঞানগৌড়দাৰৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই সময়ত, ৰাছিয়াই যুদ্ধবিধ্বস্ত অঞ্চলসমূহত ভাৰতীয় শিক্ষাৰ্থীসকলক সুৰক্ষা দিয়াৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰি আছে, তেওঁৰ মৃত্যু আমাৰ বাবে দুৰ্ভাগ্যজনক। এই মৃত্যুৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব।” অৰ্থাৎ, পুটিনৰ দেশে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বুধবাৰে ভাৰতীয় বৈদেশিক পৰিক্ৰমা-মন্ত্ৰণালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কয়, ‘সকলো ভাৰতীয় নাগৰিকে ইউক্ৰেইনৰ ৰাজধানী চহৰ কিয়েভ ত্যাগ কৰিছে। মুঠ ভাৰতীয় নাগৰিকৰ ৬০শতাংশ ইউক্ৰেইনৰ পৰা সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিছে। বাকীসকলে কিয়েভ এৰি আন চহৰলৈ গুচি গৈছে। ‘বাকী ৪০ শতাংশৰ ভিতৰত প্ৰায় আধা খাৰকিভ, চামি আৰু বাকী অৰ্ধাংশ ইউক্ৰেইনৰ পশ্চিম সীমান্তত উপস্থিত হৈছে। ইউক্ৰেইনৰ পশ্চিম অংশ এতিয়াও সুৰক্ষিত অৱস্থাত আছে।’ সামগ্ৰিক পৰিপ্ৰেক্ষিতত, ৰাছিয়াৰ এই বাৰ্তাটো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। ভাৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়াও নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছে। এতিয়ালৈকে, কেন্দ্ৰই ৰাছিয়াৰ বিৰুদ্ধে কোনো প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱশ্যে, পুটিনৰ যুদ্ধ নীতিক ভাৰতে সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে ফোনযোগে আলোচনাৰ পাছত দুয়োখন দেশৰ মাজত সমস্যাটো সমাধান কৰাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে, খাৰকিভত নবীনৰ মৃত্যুৰ পাছত, সমগ্ৰ ভাৰতে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক