--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ তলেৰে  পথ তথা ৰেল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ভাৰত চৰকাৰে আনুমানিক ৭,০০০ কোটি টকা বা ৯,০২,৫৯২ ডলাৰ ব্যয় সাপেক্ষে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ তলত পথ তথা ৰেল সুৰংগ নিৰ্মাণ কৰিবলৈ গৈ আছে। এই ঘোষণা কৰি ৰেল মন্ত্ৰালয় আৰু পথ পৰিবহণ মন্ত্ৰণালয়ে কয় যে সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) সৈতে প্ৰকল্পটোৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। প্ৰকল্পটোত তিনিটা সুৰংগ নিৰ্মাণ কৰা হ, সেইসমূহৰ এটা পথৰ বাবে, দ্বিতীয়টো ৰেলৱেৰ বাবে আৰু তৃতীয়টো জৰুৰীকালীন উদ্দেশ্যৰ বাবে৷ আৰু এই সকলোবোৰ ক্ৰছ পেচেজৰ সৈতে আন্তঃসংযোগ কৰা হব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিছে৷


প্ৰতিটো সুৰংগ ৯.৮ কিলোমিটাৰ দীঘল হব আৰু জামুৰিহাট-শিলঘাটৰ মাজেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ ফালে ৰেলপথ আৰু ঘাইপথসমূহ একত্ৰিত কৰিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা ধলাইবিল ৰেল ষ্টেচন আৰু দক্ষিণ পাৰত থকা জখলাবন্ধা ৰেল ষ্টেচনৰ মাজত সংযোগৰ বিন্দু হিচাপে কাম কৰিব এই সুৰংগই৷


ৰেল মন্ত্ৰণালয়ৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকৰ সিদ্ধান্ত অনুসৰি, বিষয়টো সন্দৰ্ভত আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছিল যে যিহেতু পানীৰ তলৰ সুৰংগ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক অপৰিহাৰ্য প্ৰয়োজনীয়তা, সেয়েহে কাৰিকৰী উপযুক্ততা সাপেক্ষে উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াক পৰ্যবেক্ষণ কৰিব৷ উল্লেখযোগ্য যে, পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে কেৱল বাহনৰ বাবে দুটা সুৰংগ নিৰ্মাণৰ বাবে আনুমানিক ১২,৮০০ কোটি টকা ব্যয়ৰ এটা প্ৰকল্পৰ প্ৰস্তাৱ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান