--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ তলেৰে  পথ তথা ৰেল সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ভাৰত চৰকাৰে আনুমানিক ৭,০০০ কোটি টকা বা ৯,০২,৫৯২ ডলাৰ ব্যয় সাপেক্ষে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ তলত পথ তথা ৰেল সুৰংগ নিৰ্মাণ কৰিবলৈ গৈ আছে। এই ঘোষণা কৰি ৰেল মন্ত্ৰালয় আৰু পথ পৰিবহণ মন্ত্ৰণালয়ে কয় যে সীমান্ত পথ সংস্থাৰ (বিআৰঅ’) সৈতে প্ৰকল্পটোৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। প্ৰকল্পটোত তিনিটা সুৰংগ নিৰ্মাণ কৰা হ, সেইসমূহৰ এটা পথৰ বাবে, দ্বিতীয়টো ৰেলৱেৰ বাবে আৰু তৃতীয়টো জৰুৰীকালীন উদ্দেশ্যৰ বাবে৷ আৰু এই সকলোবোৰ ক্ৰছ পেচেজৰ সৈতে আন্তঃসংযোগ কৰা হব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জানিবলৈ দিছে৷


প্ৰতিটো সুৰংগ ৯.৮ কিলোমিটাৰ দীঘল হব আৰু জামুৰিহাট-শিলঘাটৰ মাজেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ ফালে ৰেলপথ আৰু ঘাইপথসমূহ একত্ৰিত কৰিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা ধলাইবিল ৰেল ষ্টেচন আৰু দক্ষিণ পাৰত থকা জখলাবন্ধা ৰেল ষ্টেচনৰ মাজত সংযোগৰ বিন্দু হিচাপে কাম কৰিব এই সুৰংগই৷


ৰেল মন্ত্ৰণালয়ৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকৰ সিদ্ধান্ত অনুসৰি, বিষয়টো সন্দৰ্ভত আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছিল যে যিহেতু পানীৰ তলৰ সুৰংগ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক অপৰিহাৰ্য প্ৰয়োজনীয়তা, সেয়েহে কাৰিকৰী উপযুক্ততা সাপেক্ষে উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াক পৰ্যবেক্ষণ কৰিব৷ উল্লেখযোগ্য যে, পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে কেৱল বাহনৰ বাবে দুটা সুৰংগ নিৰ্মাণৰ বাবে আনুমানিক ১২,৮০০ কোটি টকা ব্যয়ৰ এটা প্ৰকল্পৰ প্ৰস্তাৱ দিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন