--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভগৱানৰ সৃষ্টিত প্ৰকৃতিৰ পাছতে সৃজন শক্তিৰ , দৈৱিক গুণৰ দ্বিতীয় জাগৃত কেন্দ্ৰ নাৰী। নাৰীৰ মাজত পৃথিৱীৰ দৰে সহনশীলতা, সূৰ্যৰ দৰে তেজ্বস্বীতা, সমুদ্ৰৰ দৰে গভীৰতা, ফুলৰ দৰে সৌন্দৰ্য় আৰু কোমলতা, চন্দ্ৰৰ দৰে শীতলতা, এই সমস্ত দৈৱিক গুণ সৃষ্টিৰ আৰম্ভণিৰ পৰাই বিদ্যমান। ভাৰতীয় দৰ্শনতো নাৰীৰ মাতৃৰূপৰ সদায়েই বন্দনা কৰা হৈছে। যেতিয়া যুধিষ্ঠিৰক যক্ষই প্ৰশ্ন কৰিছিল, 'পৃথিৱীতকৈ গৰিমাময়ী কি ?' তেতিয়া যুধিষ্ঠিৰে সহজ ভাবেৰে উত্তৰ দিছিল – ‘মা। মা- দয়া, কৰুণা, মমতা, সহিষ্ণুতা আৰু প্ৰেমৰ এক পবিত্ৰ ৰূপ। ভাৰতৰ নাৰীৰ ত্যাগ, কষ্ট সহিষ্ণুতা আৰু ধৈৰ্য্য দেখি জাৰ্মান পণ্ডিত মেক্সমূলাৰে কৈছিল - যদি পুনৰ জন্ম আছে ভগৱানে মোক যেন ভাৰতত মাতৃ হিচাপে জন্ম দিয়ে।পৃথিৱীৰ যি কোনো মহাপুৰুষৰ আত্মকথা পঢ়িলে ৯৯% মহাপুৰুষে এই কথা উল্লেখ কৰে যে, ‘মোৰ প্ৰগতিত মোৰ মাৰ বিশাল যোগদান আছে।’ 

 

কিন্তু শেহতীয়াকৈ মাতৃত্বৰ এই গৰিমাক ধৰি ৰাখিব পৰা নাই বহুতে। ইয়াৰ ভিতৰতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ইন্দ্ৰাণী মুখাৰ্জী। দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰমূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ কথা আজি কাৰো অগোচৰে ৰৈ যোৱা নাই। এনে হত্যাকাণ্ডৰ পাছতে জামিন মঞ্জুৰ কৰা হৈছে ইন্দ্ৰাণী মুখাৰ্জীৰ। উচ্চতম ন্যায়ালয়ে  আজি জামিন মঞ্জুৰ কৰে ইন্দ্ৰানী মুখাৰ্জীৰ। ২০১৫ চনৰ পৰা সুদীৰ্ঘ ৭বছৰৰ অন্তত কন্যা শ্বীনা বৰাৰ হত্যাৰ গোচৰত কাৰাবন্দী হৈ থকা ইন্দ্ৰাণী মুখাৰ্জীয়ে। স্মৰ্তব্য যে, ২০১৫ চনত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইন্দ্ৰাণীক। মাতৃত্বৰ গৰিমাত কালিমা সানি দেশজুৰি কলংকিত মাতৃ বুলি পৰিচিতি লাভ কৰিছিল ইন্দ্ৰাণীয়ে। নিজ কন্যাক হত্যা কৰাৰ গুৰুতৰ অপৰাধত অভিযুক্ত হৈছিল তেওঁ। ২০১২ চনৰ এপ্ৰিলত শ্বীনা বৰাক অপহৰণ আৰু হত্যা কৰা হৈছিল কিন্তু এই হত্যাকাণ্ডটোৰ কথা পোহৰলৈ আহিছিল ২০১৫ চনতহে। 

 

প্ৰথম স্বামীৰ কন্যা ২৫ বছৰীয়া শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰত ২০১৫ চনত ইন্দ্রাণী মুখাৰ্জীক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। পৰৱৰ্তী ৩ মাহৰ অন্তত ইন্দ্ৰাণী মুখাৰ্জীৰ স্বামী পিটাৰ মুখাৰ্জীকো ইন্দ্ৰাণীক হত্যাকাণ্ডত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। আনহাতে কাৰাগাৰত থাকোতেই ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ ১৭ বছৰীয়া বৈবাহিক সম্পৰ্কৰ সমাপ্তি ঘটে আৰু ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। আনহাতে, এটা পৃথক গোচৰত ইন্দ্ৰাণী মুখাৰ্জীৰ গাড়ীচালকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে হত্যাকাণ্ডৰ সমস্ত বিষয় উন্মোচিত হৈছিল। শ্যামবৰ ৰায়কো গোচৰটোৰ সৈতে অভিযুক্ত বুলি অভিহিত কৰা হৈছিল। 

 

শ্বীনা বৰাক ইন্দ্ৰাণীয়ে তেওঁৰ চালক আৰু তেওঁৰ দ্বিতীয় স্বামী সঞ্জীৱ খান্নাৰ সহায়ত হত্যা কৰিছিল বুলি চিবিআইয়ে তথ্য দাখিল কৰিছিল। চি বি আই তদন্তৰ সময়ছোৱাত হত্যাৰ কাৰণ সন্দৰ্ভত সোধা পোছা কৰাত ইন্দ্ৰাণী মুখাৰ্জীয়ে তেওঁৰ তৃতীয় স্বামী পিটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনা বৰাৰ প্ৰেমৰ সম্পৰ্ক আছিল বাবেই নিজ কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ইফালে, চি বি আইৰ তদন্ত অনুসৰি, ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনা বৰাক নিজৰ ভগ্নী বুলিহে লোকচক্ষুৰ সন্মুখত চিনাকী কৰাই দিছিল। এনে বিভিন্ন কাৰকৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইন্দ্ৰাণীয়ে নিজ কন্যাক হত্যা কৰিছিল। 

 

এতিয়া প্ৰশ্ন উঠিছে, সৰ্বত্ৰে নিন্দিত হোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে আচলতে জীৱনত পালে কি? বৈবাহিক জীৱন সুখৰ নহ, নিজ সন্তানকো নিজ হাতে হত্যা কৰিলে, পুত্ৰ মিখাইল বৰাৰ সৈতেও নাই কোনো পৰিচয়।এই কথাবোৰে ভৱিষ্যতে তেওঁৰ বক্ষ বিদীৰ্ণ কৰি নুতুলিব নে? নিজৰ প্ৰাণ অৰ্পন কৰি নিজ সন্তানক বন্য পশু পক্ষীয়েও ৰক্ষা কৰে, প্ৰতিপালন কৰে, তেনেস্থলত জীৱ শ্ৰেষ্ঠৰ নামত ইন্দ্ৰাণীৰ মুখাৰ্জীৰ দৰে নাৰীয়ে মাতৃত্বৰ গৰিমাক কলংকিত কৰাই নহয় কৰি তুলিছে চিন্তিত। পৃথিৱীৰ প্ৰতিজন মাতৃৰ কাতৰ প্ৰাৰ্থনা, ইন্দ্ৰাণী মুখাৰ্জীৰ দৰে পাশৱিক মাতৃৰ জন্ম নহওক কাহানিও

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ