--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰিগাঁও জিলা মুকলি দবাত চেম্পিয়ন খিতাপ দখল কৰিছে কৌশিক বৰুৱাই । ৬ আগষ্টৰ পৰা মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও উচ্চ ও বহুমুখী বিদ্যালয়ত আয়োজন কৰা দবা প্ৰতিযোগিতাৰ ৮ ৰাউণ্ডৰ আটাই কেইখন খেলত জয়ী হৈ কৌশিক বৰুৱা চেম্পিয়ন হয় । প্ৰতিগোগিতাৰ ৬ ষষ্ঠ ৰাউণ্ডলৈ অদম্য হৈ ৰোৱা প্ৰাক্তন চেম্পিয়ন বিশ্বাসক পৰাজিত কৰি উদয়ীমান দবাৰু জনে খিতাপৰ পথ প্ৰশস্ত কৰে । 

শেষ খনত খেলত সঞ্জীৱ কুমাৰ নাথ পৰাস্ত কৰি প্ৰতিযোগিতাৰ বিজয়ী মুকুট পিন্ধে । ৰাজ্যিক পৰ্যায়ৰ বাচনিৰ বাবে অনুষ্ঠিত হোৱা মৰিগাঁও জিলা মুকলি প্ৰতিযোগিতা খনৰ প্ৰথম , দ্বিতীয় আৰু তৃতীয় ৰাৰ্ণাচ আপ খিতাপ দখল কৰে ক্ৰমে কমল ডেকা (৭ পইণ্ট) , মিঠু নাথ (৭ পইণ্ট) আৰু অনিল কুমাৰ ভট্টাচাৰ্যই (৬.৫) । 

আনহাতে প্ৰতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত পীয়ুষ প্ৰতীম মছৰংঙ প্ৰথম , হিমাংক শৰ্মা দ্বিতীয় , ১৩ বছৰ অনুৰ্ধ শাখাত কিশোৰ নাথ প্ৰথম , ৰিহান ইছলাম দ্বিতীয় আৰু ১১ বছৰ অনুৰ্ধ শাখাত দেবাশিষ বৰুৱা প্ৰথম , ৰক্তোপল দাস দ্বিতীয় । ইয়াৰোপৰি শ্ৰেষ্ঠ দবাৰু ল'ৰা উত্তম কুমাৰ বিশ্বাস আৰু শ্ৰেষ্ঠ ছোৱালী দবাৰুৰ সন্মান লাভ কৰে প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়াই । প্ৰযোগিতাৰ কনিষ্ঠ শ্ৰেষ্ঠ দবাৰুৰ সন্মান লাভ কৰে ৭ বছৰীয়া ইমতিয়াজ আলম আহমেদে । 

সফলতাৰে সম্পন্ন হোৱা মৰিগাঁও জিলা  মুকলি  দবা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত   হিচাপে অংশ গ্ৰহণ কৰি বঁটা বিতৰণ কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলা বৰঠাকুৰে , সাংবাদিক জিতুমণি নাথ , আৰবিৰ্টাৰ ৰবীকান্ত তিৱাৰীয়ে । পুৱাৰ ভাগত দ্বিতীয় দিনাৰ  প্ৰতিযোগিতা মুকলি কৰে তিৱা স্বায়ত্ব পৰিষদৰ মূখ্যকাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । 

উল্লেখ্য যে জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ উপস্হিতিত  প্ৰতিযোগিতা খন  আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও উচ্চ ও বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু