--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰিগাঁও জিলা মুকলি দবাত চেম্পিয়ন খিতাপ দখল কৰিছে কৌশিক বৰুৱাই । ৬ আগষ্টৰ পৰা মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও উচ্চ ও বহুমুখী বিদ্যালয়ত আয়োজন কৰা দবা প্ৰতিযোগিতাৰ ৮ ৰাউণ্ডৰ আটাই কেইখন খেলত জয়ী হৈ কৌশিক বৰুৱা চেম্পিয়ন হয় । প্ৰতিগোগিতাৰ ৬ ষষ্ঠ ৰাউণ্ডলৈ অদম্য হৈ ৰোৱা প্ৰাক্তন চেম্পিয়ন বিশ্বাসক পৰাজিত কৰি উদয়ীমান দবাৰু জনে খিতাপৰ পথ প্ৰশস্ত কৰে । 

শেষ খনত খেলত সঞ্জীৱ কুমাৰ নাথ পৰাস্ত কৰি প্ৰতিযোগিতাৰ বিজয়ী মুকুট পিন্ধে । ৰাজ্যিক পৰ্যায়ৰ বাচনিৰ বাবে অনুষ্ঠিত হোৱা মৰিগাঁও জিলা মুকলি প্ৰতিযোগিতা খনৰ প্ৰথম , দ্বিতীয় আৰু তৃতীয় ৰাৰ্ণাচ আপ খিতাপ দখল কৰে ক্ৰমে কমল ডেকা (৭ পইণ্ট) , মিঠু নাথ (৭ পইণ্ট) আৰু অনিল কুমাৰ ভট্টাচাৰ্যই (৬.৫) । 

আনহাতে প্ৰতিযোগিতাৰ ১৭ বছৰ অনুৰ্ধ শাখাত পীয়ুষ প্ৰতীম মছৰংঙ প্ৰথম , হিমাংক শৰ্মা দ্বিতীয় , ১৩ বছৰ অনুৰ্ধ শাখাত কিশোৰ নাথ প্ৰথম , ৰিহান ইছলাম দ্বিতীয় আৰু ১১ বছৰ অনুৰ্ধ শাখাত দেবাশিষ বৰুৱা প্ৰথম , ৰক্তোপল দাস দ্বিতীয় । ইয়াৰোপৰি শ্ৰেষ্ঠ দবাৰু ল'ৰা উত্তম কুমাৰ বিশ্বাস আৰু শ্ৰেষ্ঠ ছোৱালী দবাৰুৰ সন্মান লাভ কৰে প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়াই । প্ৰযোগিতাৰ কনিষ্ঠ শ্ৰেষ্ঠ দবাৰুৰ সন্মান লাভ কৰে ৭ বছৰীয়া ইমতিয়াজ আলম আহমেদে । 

সফলতাৰে সম্পন্ন হোৱা মৰিগাঁও জিলা  মুকলি  দবা প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত   হিচাপে অংশ গ্ৰহণ কৰি বঁটা বিতৰণ কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলা বৰঠাকুৰে , সাংবাদিক জিতুমণি নাথ , আৰবিৰ্টাৰ ৰবীকান্ত তিৱাৰীয়ে । পুৱাৰ ভাগত দ্বিতীয় দিনাৰ  প্ৰতিযোগিতা মুকলি কৰে তিৱা স্বায়ত্ব পৰিষদৰ মূখ্যকাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । 

উল্লেখ্য যে জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ উপস্হিতিত  প্ৰতিযোগিতা খন  আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও উচ্চ ও বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ