--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা উপাৰ্জন কৰোতে মানুহৰ বহু কষ্ট আৰু পৰিশ্ৰম নিহিত হৈ থাকে। উপাৰ্জনৰ টকা মানুহে এটকা, দুটকাকৈ সঞ্চয় কৰে ভৱিষ্যতৰ বাবে। এজন ব্যক্তিৰ বাবে আজিৰ যুগত টকা উপাৰ্জন কৰা আৰু আৰু সেয়া সঞ্চয় কৰাটো অতি কঠিন। যদি এনে ক্ষেত্ৰত কোনো এজন মানুহৰ টকা চুৰি হয় বা যদি ধন কৰবাত হেৰুৱায় বা জুইত জাহ যায় সেই দুখ কিমান সেয়া ভুক্তভোগীৰ বাহিৰে কোনেও বুজিব নোৱাৰে। আপুনি এনে ক্ষতিৰ বহুতো ঘটনা দেখিছে বা শুনিছে কিন্তু আজি আমি আপোনাক যি খবৰ দিবলৈ গৈ আছোঁ সেয়া এই সকলোবোৰতকৈ পৃথক। এই ঘটনাটোৱে আপোনাৰো দুচকু সেমেকাই তুলিব। এজন দৰিদ্ৰ কৃষকে বহু কষ্ট কৰি টকা সঞ্চয় কৰিছিল। তেওঁ ঘৰতে এটা কাপোৰৰ মোনাত এটকা, দুটকাকৈ টকাবোৰ জমা কৰি গৈছিল। কিন্তু তেওঁৰ কষ্টৰ ধন নিগনিয়ে কুটি কুটি খাই নষ্ট কৰি পেলাইছিল। তেলেংগানাৰ ইন্দিৰানগৰৰ ভেমানুৰ গাঁৱৰ ৰেদ্যা নায়ক নামৰ এগৰাকী কৃষকৰ জীৱনত সংঘটিত হৈছে এই দুখজনক ঘটনা। ৰেদ্যা নায়কৰ জীৱনজোৰা সঞ্চয় নিগনিয়ে শেষ কৰি পেলাইছিল। নিগনিয়ে কুটি পেলাইছিল তেওঁ বেগত ৰখা ২ লাখ টকা। এই ২ লাখ টকা কৃষকগৰাকীয়ে নিজৰ পেটৰ অস্ত্ৰোপচাৰৰ বাবে জমা কৰিছিল। ৰেদ্যা নায়ক পেছাত এজন ক্ষুদ্ৰ কৃষক। পাচলি বিক্ৰী কৰি তেওঁ ঘৰখন চলায়। ৰেদ্যা নায়কে জনোৱা অনুসৰি তেওঁ বন্ধুবৰ্গৰ পৰা কিছু টকা ধাৰ লৈছিল আৰু যথেষ্ট পৰিশ্ৰম কৰি পাচলি বিক্ৰী কৰি পোৱা টকাখিনি আলমাৰীৰ ভিতৰত কাপোৰৰ মোনা এখনত ৰাখিছিল। কিন্তু কেইদিনমানৰ পিছত তেওঁ আলমাৰীটো খুলি টকাখিনি চাবলৈ কাপোৰৰ মোনাটো খুলি যি দৃশ্য দেখিলে, কোনোমতেহে মূৰ্চা নোযোৱাকৈ থাকিল। নিগনিয়ে তেওঁৰ মুঠ দুই লাখ টকা নষ্ট কৰি পেলাইছিল। এই কথাই দৰিদ্ৰ কৃষকজনৰ মনোবল একেবাৰে ভাঙি পেলাইছিল। অৱশ্যে তেওঁ হাৰ নামানি কেইবাটাও বেংকলৈ টকাখিনি লৈ ঢপলিয়াই যায় কিন্তু সকলোৱে তেওঁক সহায় কৰিবলৈ অস্বীকাৰ কৰে। বেংকৰ মতে আৰবিআইৰ নীতি অনুসৰি পুৰণি ফটা নোট সলনি কৰাৰ নিয়ম আছে কিন্তু এনেদৰে নিগনিয়ে নষ্ট কৰা টকা সলনি কৰাৰ কোনো নিয়ম নাই। ৰেদ্যা নায়কক কিছুমান ব্যৱসায়িক সংস্থাই বিষয়টো হায়দৰাবাদৰ ৰিজাৰ্ভ বেংকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়। এনে পৰিস্থিতিত তেওঁক কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি আহিব নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। এই ঘটনাই সকলোকে দুখ দিয়াৰ লগতে সাৱধান হবলৈ শিকাই থৈ গ'ল। আৰু পঢ়কঃ ২০ টকীয়া নোট ভাইৰেল! সোনমৰ পাছত এইবাৰ ওলাল ‘ৰাশি বেৱাফা হে’!

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা