--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা উপাৰ্জন কৰোতে মানুহৰ বহু কষ্ট আৰু পৰিশ্ৰম নিহিত হৈ থাকে। উপাৰ্জনৰ টকা মানুহে এটকা, দুটকাকৈ সঞ্চয় কৰে ভৱিষ্যতৰ বাবে। এজন ব্যক্তিৰ বাবে আজিৰ যুগত টকা উপাৰ্জন কৰা আৰু আৰু সেয়া সঞ্চয় কৰাটো অতি কঠিন। যদি এনে ক্ষেত্ৰত কোনো এজন মানুহৰ টকা চুৰি হয় বা যদি ধন কৰবাত হেৰুৱায় বা জুইত জাহ যায় সেই দুখ কিমান সেয়া ভুক্তভোগীৰ বাহিৰে কোনেও বুজিব নোৱাৰে। আপুনি এনে ক্ষতিৰ বহুতো ঘটনা দেখিছে বা শুনিছে কিন্তু আজি আমি আপোনাক যি খবৰ দিবলৈ গৈ আছোঁ সেয়া এই সকলোবোৰতকৈ পৃথক। এই ঘটনাটোৱে আপোনাৰো দুচকু সেমেকাই তুলিব। এজন দৰিদ্ৰ কৃষকে বহু কষ্ট কৰি টকা সঞ্চয় কৰিছিল। তেওঁ ঘৰতে এটা কাপোৰৰ মোনাত এটকা, দুটকাকৈ টকাবোৰ জমা কৰি গৈছিল। কিন্তু তেওঁৰ কষ্টৰ ধন নিগনিয়ে কুটি কুটি খাই নষ্ট কৰি পেলাইছিল। তেলেংগানাৰ ইন্দিৰানগৰৰ ভেমানুৰ গাঁৱৰ ৰেদ্যা নায়ক নামৰ এগৰাকী কৃষকৰ জীৱনত সংঘটিত হৈছে এই দুখজনক ঘটনা। ৰেদ্যা নায়কৰ জীৱনজোৰা সঞ্চয় নিগনিয়ে শেষ কৰি পেলাইছিল। নিগনিয়ে কুটি পেলাইছিল তেওঁ বেগত ৰখা ২ লাখ টকা। এই ২ লাখ টকা কৃষকগৰাকীয়ে নিজৰ পেটৰ অস্ত্ৰোপচাৰৰ বাবে জমা কৰিছিল। ৰেদ্যা নায়ক পেছাত এজন ক্ষুদ্ৰ কৃষক। পাচলি বিক্ৰী কৰি তেওঁ ঘৰখন চলায়। ৰেদ্যা নায়কে জনোৱা অনুসৰি তেওঁ বন্ধুবৰ্গৰ পৰা কিছু টকা ধাৰ লৈছিল আৰু যথেষ্ট পৰিশ্ৰম কৰি পাচলি বিক্ৰী কৰি পোৱা টকাখিনি আলমাৰীৰ ভিতৰত কাপোৰৰ মোনা এখনত ৰাখিছিল। কিন্তু কেইদিনমানৰ পিছত তেওঁ আলমাৰীটো খুলি টকাখিনি চাবলৈ কাপোৰৰ মোনাটো খুলি যি দৃশ্য দেখিলে, কোনোমতেহে মূৰ্চা নোযোৱাকৈ থাকিল। নিগনিয়ে তেওঁৰ মুঠ দুই লাখ টকা নষ্ট কৰি পেলাইছিল। এই কথাই দৰিদ্ৰ কৃষকজনৰ মনোবল একেবাৰে ভাঙি পেলাইছিল। অৱশ্যে তেওঁ হাৰ নামানি কেইবাটাও বেংকলৈ টকাখিনি লৈ ঢপলিয়াই যায় কিন্তু সকলোৱে তেওঁক সহায় কৰিবলৈ অস্বীকাৰ কৰে। বেংকৰ মতে আৰবিআইৰ নীতি অনুসৰি পুৰণি ফটা নোট সলনি কৰাৰ নিয়ম আছে কিন্তু এনেদৰে নিগনিয়ে নষ্ট কৰা টকা সলনি কৰাৰ কোনো নিয়ম নাই। ৰেদ্যা নায়কক কিছুমান ব্যৱসায়িক সংস্থাই বিষয়টো হায়দৰাবাদৰ ৰিজাৰ্ভ বেংকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়। এনে পৰিস্থিতিত তেওঁক কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি আহিব নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। এই ঘটনাই সকলোকে দুখ দিয়াৰ লগতে সাৱধান হবলৈ শিকাই থৈ গ'ল। আৰু পঢ়কঃ ২০ টকীয়া নোট ভাইৰেল! সোনমৰ পাছত এইবাৰ ওলাল ‘ৰাশি বেৱাফা হে’!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন