--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালভোগ, চেনিচম্পা বা জাহাজী নহয় বজাৰলৈ আহিছে এবিধ বিশেষ কল। এই কলবিধক লৈ এতিয়া মানুহৰ মাজত অন্তহীন কৌতুহলে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। কলথোকৰ আকাৰো বিশাল। সেয়েহে সামাজিক মাধ্যমত কলৰ থোকটো 'বাহুবলী কল’ নামেৰেই চৰ্চিত হৈ পৰিছে। ৬০ কিলোগ্ৰাম ওজনৰ এই ৭ ফুট দীঘল কলৰথোকটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জানিবলৈ পোৱা মতে, অন্ধ্ৰপ্ৰদেশৰ পূব গোদাৱৰীৰ কোট্টাপল্লী মণ্ডলৰ ৱাকাটিপ্পা গাঁৱত অনালা সুদৰ্শন নামৰ এগৰাকী ব্যক্তিয়ে কল গছৰ খেতি কৰিছিল। সুদৰ্শনৰ খেতিপথাৰতে আৱিস্কাৰ হয় বৃহদাকাৰ কলৰ থোকটো। তেওঁ সদৰী কৰা মতে, কেইদিনমান পূৰ্বে তেওঁৰ জীয়ৰীয়ে তেওঁক এটা কলপুলি দিছিল। জীয়ৰীৰ পৰা কলৰ পুলিটো লৈ ৰুই দিয়াৰ কেইদিন মানৰ ভিতৰতে এই বিশাল কলভৰ্তি থোকটো দেখিবলৈ পাইছিল সুদৰ্শনে। কলৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ বাবে সুদৰ্শনে কলৰ থোকটিৰ নাম থৈছে 'বাহুবলী কল'। কলৰ থোকটোত প্ৰায় ১৪০ টা কল আছে আৰু ইয়াৰ মুঠ ওজন ৬০ কিলোগ্ৰাম। তেওঁ কৈছিল যে এই কলৰ থোকটোৰ দৈৰ্ঘ্য ৭ ফুট। উল্লেখ্য যে, সুদৰ্শনৰ বাসগৃহত এতিয়া লানি নিছিগা সোঁত বৈছে মানুহৰ। কলৰ থোকৰ সৈতে যিয়ে যেনেদৰে পাইছে মাৰিছে ছেল্ফী। বহুতৰ মনত উঠিছে প্ৰশ্ন এই বৃহদাকাৰ কলৰ থোকটো এতিয়া খাব নে মিউজিয়ামত সজাই থ’ব? অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই সুদৰ্শনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন