--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালভোগ, চেনিচম্পা বা জাহাজী নহয় বজাৰলৈ আহিছে এবিধ বিশেষ কল। এই কলবিধক লৈ এতিয়া মানুহৰ মাজত অন্তহীন কৌতুহলে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। কলথোকৰ আকাৰো বিশাল। সেয়েহে সামাজিক মাধ্যমত কলৰ থোকটো 'বাহুবলী কল’ নামেৰেই চৰ্চিত হৈ পৰিছে। ৬০ কিলোগ্ৰাম ওজনৰ এই ৭ ফুট দীঘল কলৰথোকটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। জানিবলৈ পোৱা মতে, অন্ধ্ৰপ্ৰদেশৰ পূব গোদাৱৰীৰ কোট্টাপল্লী মণ্ডলৰ ৱাকাটিপ্পা গাঁৱত অনালা সুদৰ্শন নামৰ এগৰাকী ব্যক্তিয়ে কল গছৰ খেতি কৰিছিল। সুদৰ্শনৰ খেতিপথাৰতে আৱিস্কাৰ হয় বৃহদাকাৰ কলৰ থোকটো। তেওঁ সদৰী কৰা মতে, কেইদিনমান পূৰ্বে তেওঁৰ জীয়ৰীয়ে তেওঁক এটা কলপুলি দিছিল। জীয়ৰীৰ পৰা কলৰ পুলিটো লৈ ৰুই দিয়াৰ কেইদিন মানৰ ভিতৰতে এই বিশাল কলভৰ্তি থোকটো দেখিবলৈ পাইছিল সুদৰ্শনে। কলৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ বাবে সুদৰ্শনে কলৰ থোকটিৰ নাম থৈছে 'বাহুবলী কল'। কলৰ থোকটোত প্ৰায় ১৪০ টা কল আছে আৰু ইয়াৰ মুঠ ওজন ৬০ কিলোগ্ৰাম। তেওঁ কৈছিল যে এই কলৰ থোকটোৰ দৈৰ্ঘ্য ৭ ফুট। উল্লেখ্য যে, সুদৰ্শনৰ বাসগৃহত এতিয়া লানি নিছিগা সোঁত বৈছে মানুহৰ। কলৰ থোকৰ সৈতে যিয়ে যেনেদৰে পাইছে মাৰিছে ছেল্ফী। বহুতৰ মনত উঠিছে প্ৰশ্ন এই বৃহদাকাৰ কলৰ থোকটো এতিয়া খাব নে মিউজিয়ামত সজাই থ’ব? অৱশ্যে, এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই সুদৰ্শনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
এছিয়া কাপৰ পূৰ্বে শুভমন গিল অসুস্থ ! দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ'ল শুভমন গিল
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?