--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নতুন ঠাই যাবলৈ বা চাবলৈ সকলো আগ্ৰহী৷ নিজৰ দেশখন বা দেশৰ বাহিৰলৈ যোৱাৰ ইচ্ছা সকলোৰে মনত থাকে৷ কিন্তু ইয়াৰ বাবে পৰিশোধ কৰিব লাগে মোটা অংকৰ ধন৷ কিন্তু আজি আমি ক'বলৈ গৈ আছো এনে এখন গাঁৱৰ কথা যিখন গাঁৱৰ লোক অতি দৰিদ্ৰ হোৱাৰ সত্ত্বেও নিৰন্তৰভাৱে ভ্ৰমণ কৰে দুখন গাঁও৷ এখন দেশত খায় আৰু শুবলৈ যায় আন এখন দেশলৈ৷ এইটো কেনেকৈ সম্ভৱ? আমাৰ দেশৰ ম্যানমাৰ সীমান্তৰ ঘটনা এয়া। আমাৰ দেশৰ নাগালেণ্ড মন জিলাৰ লংৱা গাঁৱত বাস কৰা গাঁওবাসীসকলে প্ৰতিদিনে দুয়োখন দেশৰ মাজত খোৱা আৰু বাস কৰা দেখা যায়। এই গাঁওখন যথেষ্ট ধুনীয়া পাহাৰৰ মাজত অৱস্থিত। য'ত প্ৰতিদিনে ভিৰ কৰে পৰ্যটকে। একে সময়তে এই গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ইণ্ডো-ম্যানমাৰ সীমান্তই ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। এই আন্তঃৰাষ্ট্ৰীয় সীমান্তই দুয়োখন দেশক এনেদৰে পৃথক কৰা হৈছে য'ত কিছু লোকৰ গাঁওবাসীৰ ঘৰৰ শোৱনি কোঠা আৰু পাকঘৰৰ মাজেৰে পাৰ হয়। একেটা ঘৰৰ মাজৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ ফলত, বহুলোকে একে সময়তে অতি সহজে দুখন দেশৰ মাজত সহজে আহিব আৰু যাব পাৰে। বৰ্তমান ইয়াৰ বাবে লংৱা গাঁৱৰ বাসিন্দাসকলক দ্বৈত নাগৰিকত্ব প্ৰদান কৰা হৈছে। একে সময়তে ইয়াত বাস কৰা লোকসকলক আনকি কোনোধৰণৰ ভিছাৰ প্ৰয়োজন নাই বুলিও জানিবলৈ পোৱা গৈছে। বৰ্তমান এই গাঁওখন ম্যানমাৰ সীমান্তৰ ভাৰতৰ অন্তিমখন গাঁও। তাত বাস কৰা কনিয়াক জনজাতীয় লোকসকল যথেষ্ট হিংস্ৰ বুলি জনাজাত৷ আনকি তেওঁলোকৰ গাঁৱৰ সীমাৰ প্ৰতিও অধিক সংবেদনশীল। ইপিনে তাৰ সমান্তৰালকৈ গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ তুলনা কৰাটো অত্যন্ত কঠিন৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতে সকলোকে। যাৰ বাবে গাঁওখনলৈ সৰ্বাধিক হাৰত পৰ্যটকৰ আগমন ঘটে ৷ ইয়াৰ বাহিৰেও এই লংৱা গাঁওখন সোম চহৰ নাগালেণ্ডৰ পৰা প্ৰায় ৪২ কিলোমিটাৰ দূৰৈত অৱস্থিত। একে সময়তে ইয়ালৈ আহিবলৈ, নাগালেণ্ড ৰাজ্যিক পৰিবহণ নিগমৰ বাছবোৰ সোম জিলাত উপস্থিত হ'ব পাৰে আৰু এখন ভাড়াৰ বাহনেৰে এই গাঁওখন উপভোগ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ