--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নতুন ঠাই যাবলৈ বা চাবলৈ সকলো আগ্ৰহী৷ নিজৰ দেশখন বা দেশৰ বাহিৰলৈ যোৱাৰ ইচ্ছা সকলোৰে মনত থাকে৷ কিন্তু ইয়াৰ বাবে পৰিশোধ কৰিব লাগে মোটা অংকৰ ধন৷ কিন্তু আজি আমি ক'বলৈ গৈ আছো এনে এখন গাঁৱৰ কথা যিখন গাঁৱৰ লোক অতি দৰিদ্ৰ হোৱাৰ সত্ত্বেও নিৰন্তৰভাৱে ভ্ৰমণ কৰে দুখন গাঁও৷ এখন দেশত খায় আৰু শুবলৈ যায় আন এখন দেশলৈ৷ এইটো কেনেকৈ সম্ভৱ? আমাৰ দেশৰ ম্যানমাৰ সীমান্তৰ ঘটনা এয়া। আমাৰ দেশৰ নাগালেণ্ড মন জিলাৰ লংৱা গাঁৱত বাস কৰা গাঁওবাসীসকলে প্ৰতিদিনে দুয়োখন দেশৰ মাজত খোৱা আৰু বাস কৰা দেখা যায়। এই গাঁওখন যথেষ্ট ধুনীয়া পাহাৰৰ মাজত অৱস্থিত। য'ত প্ৰতিদিনে ভিৰ কৰে পৰ্যটকে। একে সময়তে এই গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা ইণ্ডো-ম্যানমাৰ সীমান্তই ইয়াক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। এই আন্তঃৰাষ্ট্ৰীয় সীমান্তই দুয়োখন দেশক এনেদৰে পৃথক কৰা হৈছে য'ত কিছু লোকৰ গাঁওবাসীৰ ঘৰৰ শোৱনি কোঠা আৰু পাকঘৰৰ মাজেৰে পাৰ হয়। একেটা ঘৰৰ মাজৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হোৱাৰ ফলত, বহুলোকে একে সময়তে অতি সহজে দুখন দেশৰ মাজত সহজে আহিব আৰু যাব পাৰে। বৰ্তমান ইয়াৰ বাবে লংৱা গাঁৱৰ বাসিন্দাসকলক দ্বৈত নাগৰিকত্ব প্ৰদান কৰা হৈছে। একে সময়তে ইয়াত বাস কৰা লোকসকলক আনকি কোনোধৰণৰ ভিছাৰ প্ৰয়োজন নাই বুলিও জানিবলৈ পোৱা গৈছে। বৰ্তমান এই গাঁওখন ম্যানমাৰ সীমান্তৰ ভাৰতৰ অন্তিমখন গাঁও। তাত বাস কৰা কনিয়াক জনজাতীয় লোকসকল যথেষ্ট হিংস্ৰ বুলি জনাজাত৷ আনকি তেওঁলোকৰ গাঁৱৰ সীমাৰ প্ৰতিও অধিক সংবেদনশীল। ইপিনে তাৰ সমান্তৰালকৈ গাঁওখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ তুলনা কৰাটো অত্যন্ত কঠিন৷ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতে সকলোকে। যাৰ বাবে গাঁওখনলৈ সৰ্বাধিক হাৰত পৰ্যটকৰ আগমন ঘটে ৷ ইয়াৰ বাহিৰেও এই লংৱা গাঁওখন সোম চহৰ নাগালেণ্ডৰ পৰা প্ৰায় ৪২ কিলোমিটাৰ দূৰৈত অৱস্থিত। একে সময়তে ইয়ালৈ আহিবলৈ, নাগালেণ্ড ৰাজ্যিক পৰিবহণ নিগমৰ বাছবোৰ সোম জিলাত উপস্থিত হ'ব পাৰে আৰু এখন ভাড়াৰ বাহনেৰে এই গাঁওখন উপভোগ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন