--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ অৰ্পিতা মুখাৰ্জীৰ লগত চহৰৰ বাহিৰৰ বিভিন্ন ধাবালৈ গৈছিল আৰু খাদ্যৰ বিভিন্ন জুতি লৈ ফুৰিছিল। তেওঁলোকৰ ৰাতিৰ আহাৰ মেন্যুত আগতে ‘মাটন কাৰী’, ‘বাটাৰ চিকেন’ বা ‘ফিচ তণ্ডুৰ’ আছিল। কেতিয়াবা আকৌ কেশৰ চাহৰো সোৱাদ লৈছিল। বয়স বা অসুস্থ, যিয়েই নহওক, প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কেতিয়াও জুতি-বুধিৰ লগত আপোচ কৰা নাছিল। ইডিৰ জিম্মাত থকাৰো সময়তে পাৰ্থ চেতাৰ্জীয়ে খাহীৰ মাংস খোৱাৰ বাবে আব্দাৰ কৰিছিল। অৱশেষত জে’লত তেওঁ খাবলৈ পালে খাহী মাংস। হাতৰ আঙুলি চেলেকি চেলেকি সেই মাংসৰ সোৱাদ ল’লে পাৰ্থ চেতাৰ্জীয়ে। কাৰাগাৰৰ ভিতৰৰ পৰা আহিছে এই খবৰ। 

পাৰ্থৰ ঘনিষ্ঠসকলে জনাইছে যে পাৰ্থই খাহী মাংস খাই বৰ ভাল পায়। কুকুৰা মাংস খায় যদিও বৰ এটা ভাল নাপায়। জে’লত কোনেও পচন্দৰ খাদ্য আনি মুখৰ আগত নিদিয়ে। কিন্তু মঙলবাৰটো আছিল ব্যতিক্ৰম। মহৰম উপলক্ষে মঙলবাৰৰ দিনটোত কাৰাগাৰত খোৱা-বোৱাৰ ইলাহী আয়োজন কৰা হৈছিল। সেয়েহে পাৰ্থৰ কপালত মিলিল খাহীৰ মাংস।

কাৰাগাৰ বিভাগৰ মতে, সেইদিনা কাৰাগাৰৰ মেন্যুত আছিল ভাত, খাহী মাংস, শাক-পাচলিৰ ভাজি আৰু চাটনি। পাৰ্থ চেটাৰ্জীয়ে সেইদিনা সেইখন ভাতৰ থালি খাবলৈ পাই বৰ সুখী হৈছিল। তেওঁ সেইদিনা খুব তৃপ্তিৰে খাইছিল। সূত্ৰ অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চাৰি টুকুৰা মাংস পৰম আনন্দেৰে খাইছিল। 

সাধাৰণতে কাৰাগাৰৰ নিয়ম অনুসৰি মেন্যুত সপ্তাহত এদিন মাছ, এদিন কণী, এদিন কুকুৰা মাংস আৰু এদিন চয়াবিন থাকে। বাকী দিনবোৰত দিয়া হয় নিৰামিষ খাদ্য। কিন্তু দুৰ্গা পূজা বা অন্য উৎসৱ, স্বাধীনতা দিৱস, ঈদ, মহৰম আদিৰ দৰে বিশেষ দিনবোৰত ৰুটিনৰ বাহিৰত ভাল খাদ্যৰ ব্যৱস্থা কৰা হয়। মঙলবাৰটো আছিল তেনে এটা দিন।

পাৰ্থ চেতাৰ্জী এজন ডায়েবেটিছ ৰোগী। ভুৱনেশ্বৰ এইমছত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত খাদ্য সম্পৰ্কে সতৰ্ক কৰি দিয়ে চিকিৎসকে। খাদ্যৰ তালিকাও বনাইছিল। কিন্তু পাৰ্থই আৰম্ভণিৰে পৰা এই নিষেধাজ্ঞা মানি ল’বলৈ অস্বীকাৰ কৰিছিল। চি জি অ’ কমপ্লেক্সত ৰুটি খোৱাতো তেওঁ আপত্তি কৰে। পাৰ্থই কাৰাগাৰত দৈনিক ভাত, দাইল, শাক-পাচলি খাব লগা হৈছে। ৰাতিপুৱা খায় চাহ আৰু টোষ্ট। গতিকে সোৱাদ সলনি কৰিবলৈ পাৰ্থ চেতাৰ্জীয়ে কাৰাগাৰ কৰ্তৃপক্ষক সোমবাৰে আব্দাৰ কৰিছিল। কেণ্টিনৰ পৰা তেওঁলৈ আনি দিয়া হৈছিল আলুৰ চপ আৰু বেঙেনা ফ্ৰাই। পিছদিনাই কাৰাগাৰৰ মেন্যুত নিজৰ প্ৰিয় খাহী মাংস খাবলৈ পালে পাৰ্থ চেতাৰ্জীয়ে।

উল্লেখ্য যে ২৫ জুলাইত ইডিয়ে পশ্চিমবংগ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰে। বংগ শিক্ষক নিযুক্তিৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হয় পাৰ্থ চেতাৰ্জী। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ