--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ অৰ্পিতা মুখাৰ্জীৰ লগত চহৰৰ বাহিৰৰ বিভিন্ন ধাবালৈ গৈছিল আৰু খাদ্যৰ বিভিন্ন জুতি লৈ ফুৰিছিল। তেওঁলোকৰ ৰাতিৰ আহাৰ মেন্যুত আগতে ‘মাটন কাৰী’, ‘বাটাৰ চিকেন’ বা ‘ফিচ তণ্ডুৰ’ আছিল। কেতিয়াবা আকৌ কেশৰ চাহৰো সোৱাদ লৈছিল। বয়স বা অসুস্থ, যিয়েই নহওক, প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কেতিয়াও জুতি-বুধিৰ লগত আপোচ কৰা নাছিল। ইডিৰ জিম্মাত থকাৰো সময়তে পাৰ্থ চেতাৰ্জীয়ে খাহীৰ মাংস খোৱাৰ বাবে আব্দাৰ কৰিছিল। অৱশেষত জে’লত তেওঁ খাবলৈ পালে খাহী মাংস। হাতৰ আঙুলি চেলেকি চেলেকি সেই মাংসৰ সোৱাদ ল’লে পাৰ্থ চেতাৰ্জীয়ে। কাৰাগাৰৰ ভিতৰৰ পৰা আহিছে এই খবৰ। 

পাৰ্থৰ ঘনিষ্ঠসকলে জনাইছে যে পাৰ্থই খাহী মাংস খাই বৰ ভাল পায়। কুকুৰা মাংস খায় যদিও বৰ এটা ভাল নাপায়। জে’লত কোনেও পচন্দৰ খাদ্য আনি মুখৰ আগত নিদিয়ে। কিন্তু মঙলবাৰটো আছিল ব্যতিক্ৰম। মহৰম উপলক্ষে মঙলবাৰৰ দিনটোত কাৰাগাৰত খোৱা-বোৱাৰ ইলাহী আয়োজন কৰা হৈছিল। সেয়েহে পাৰ্থৰ কপালত মিলিল খাহীৰ মাংস।

কাৰাগাৰ বিভাগৰ মতে, সেইদিনা কাৰাগাৰৰ মেন্যুত আছিল ভাত, খাহী মাংস, শাক-পাচলিৰ ভাজি আৰু চাটনি। পাৰ্থ চেটাৰ্জীয়ে সেইদিনা সেইখন ভাতৰ থালি খাবলৈ পাই বৰ সুখী হৈছিল। তেওঁ সেইদিনা খুব তৃপ্তিৰে খাইছিল। সূত্ৰ অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে চাৰি টুকুৰা মাংস পৰম আনন্দেৰে খাইছিল। 

সাধাৰণতে কাৰাগাৰৰ নিয়ম অনুসৰি মেন্যুত সপ্তাহত এদিন মাছ, এদিন কণী, এদিন কুকুৰা মাংস আৰু এদিন চয়াবিন থাকে। বাকী দিনবোৰত দিয়া হয় নিৰামিষ খাদ্য। কিন্তু দুৰ্গা পূজা বা অন্য উৎসৱ, স্বাধীনতা দিৱস, ঈদ, মহৰম আদিৰ দৰে বিশেষ দিনবোৰত ৰুটিনৰ বাহিৰত ভাল খাদ্যৰ ব্যৱস্থা কৰা হয়। মঙলবাৰটো আছিল তেনে এটা দিন।

পাৰ্থ চেতাৰ্জী এজন ডায়েবেটিছ ৰোগী। ভুৱনেশ্বৰ এইমছত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত খাদ্য সম্পৰ্কে সতৰ্ক কৰি দিয়ে চিকিৎসকে। খাদ্যৰ তালিকাও বনাইছিল। কিন্তু পাৰ্থই আৰম্ভণিৰে পৰা এই নিষেধাজ্ঞা মানি ল’বলৈ অস্বীকাৰ কৰিছিল। চি জি অ’ কমপ্লেক্সত ৰুটি খোৱাতো তেওঁ আপত্তি কৰে। পাৰ্থই কাৰাগাৰত দৈনিক ভাত, দাইল, শাক-পাচলি খাব লগা হৈছে। ৰাতিপুৱা খায় চাহ আৰু টোষ্ট। গতিকে সোৱাদ সলনি কৰিবলৈ পাৰ্থ চেতাৰ্জীয়ে কাৰাগাৰ কৰ্তৃপক্ষক সোমবাৰে আব্দাৰ কৰিছিল। কেণ্টিনৰ পৰা তেওঁলৈ আনি দিয়া হৈছিল আলুৰ চপ আৰু বেঙেনা ফ্ৰাই। পিছদিনাই কাৰাগাৰৰ মেন্যুত নিজৰ প্ৰিয় খাহী মাংস খাবলৈ পালে পাৰ্থ চেতাৰ্জীয়ে।

উল্লেখ্য যে ২৫ জুলাইত ইডিয়ে পশ্চিমবংগ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰে। বংগ শিক্ষক নিযুক্তিৰ বিয়াগোম কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হয় পাৰ্থ চেতাৰ্জী। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই