--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসকৰ কঠোৰ তত্বাৱধানত আছে ৰাজু শ্ৰীবাস্তৱ। তথ্য অনুসৰি তেওঁক এইমছত ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছে। তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক প্ৰথমে ইমাৰ্জেন্সি মেডিচিন বিভাগত চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল। পিছলৈ চিচিইউ (কাৰ্ডিয়াক কেয়াৰ ইউনিট)লৈ স্থানান্তৰিত কৰা হয়।

শেহতীয়াকৈ চিকিৎসালয়খনৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজু শ্ৰীবাস্তৱ এঞ্জিঅ’গ্ৰাফী কৰা হৈছে, য’ত বৃহৎ অংশত ১০০ শতাংশ ব্লক পোৱা গৈছে। চিকিৎসকে কয় যে ৰাজুৰ অৱস্থা সম্প্ৰতি সংকটজনক, সেয়ে তেওঁক ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছে।

কমেডী ৰজা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যক লৈ তেওঁৰ সকলো অনুৰাগী চিন্তিত। হৃদযন্ত্ৰ বন্ধ হৈ পৰাত কৌতুক অভিনেতাগৰাকীক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ সৈতে কথা পাতিছে।

ৰাজু শ্ৰীবাস্তৱৰ পত্নীৰ সৈতে ফোনযোগে কথা পাতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কমেডিয়ান গৰাকীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। কেৱল এয়াই নহয়, এই কঠিন সময়ত ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালক সকলো সম্ভৱপৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী যোগীয়ে। তেওঁ ৰাজ্য চৰকাৰৰ সকলো বিষয়াক ৰাজু  শ্ৰীবাস্তৱৰ পৰিয়াললৈ‌ সম্ভাৱ্য সহায়ৰ বাবেও নিৰ্দেশনা দিয়ে।

ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য কেতিয়া আৰু কেনেদৰে অৱনতি ঘটিল?

ৰাজু শ্ৰীবাস্তৱে হোটেলৰ জিমত ৱৰ্কআউট কৰি আছিল। ব্যায়াম কৰি থাকোঁতে হঠাতে তেওঁৰ বুকুত বিষ হৈছিল আৰু তেওঁ তললৈ পৰি গৈছিল। ইয়াৰ পাছতে ৰাজু শ্ৰীবাস্তৱক ততাতৈয়াকৈ তেওঁৰ জিম প্ৰশিক্ষকে চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান ৰাজুৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে অনুৰাগী সকলে। ৰাজুক আকৌ হাঁহি থকা দেখিব বিচাৰে সকলোৱে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
ইলন মাস্কে গঠন কৰিলে নতুন ৰাজনৈতিক দল 'আমেৰিকা পার্টি'
লেখক শান্তনু তামুলীৰ 'জয় ইন দ্য জাংগল 'লৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি
১৪ দালাই লামাৰ পৱিত্ৰ জন্ম দিৱসত কৈলাশ শৰ্মা সম্বৰ্ধিত
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি