--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিকিৎসকৰ কঠোৰ তত্বাৱধানত আছে ৰাজু শ্ৰীবাস্তৱ। তথ্য অনুসৰি তেওঁক এইমছত ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছে। তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক প্ৰথমে ইমাৰ্জেন্সি মেডিচিন বিভাগত চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল। পিছলৈ চিচিইউ (কাৰ্ডিয়াক কেয়াৰ ইউনিট)লৈ স্থানান্তৰিত কৰা হয়।

শেহতীয়াকৈ চিকিৎসালয়খনৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজু শ্ৰীবাস্তৱ এঞ্জিঅ’গ্ৰাফী কৰা হৈছে, য’ত বৃহৎ অংশত ১০০ শতাংশ ব্লক পোৱা গৈছে। চিকিৎসকে কয় যে ৰাজুৰ অৱস্থা সম্প্ৰতি সংকটজনক, সেয়ে তেওঁক ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছে।

কমেডী ৰজা ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্যক লৈ তেওঁৰ সকলো অনুৰাগী চিন্তিত। হৃদযন্ত্ৰ বন্ধ হৈ পৰাত কৌতুক অভিনেতাগৰাকীক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালৰ সৈতে কথা পাতিছে।

ৰাজু শ্ৰীবাস্তৱৰ পত্নীৰ সৈতে ফোনযোগে কথা পাতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ কমেডিয়ান গৰাকীৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। কেৱল এয়াই নহয়, এই কঠিন সময়ত ৰাজু শ্ৰীবাস্তৱৰ পৰিয়ালক সকলো সম্ভৱপৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী যোগীয়ে। তেওঁ ৰাজ্য চৰকাৰৰ সকলো বিষয়াক ৰাজু  শ্ৰীবাস্তৱৰ পৰিয়াললৈ‌ সম্ভাৱ্য সহায়ৰ বাবেও নিৰ্দেশনা দিয়ে।

ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য কেতিয়া আৰু কেনেদৰে অৱনতি ঘটিল?

ৰাজু শ্ৰীবাস্তৱে হোটেলৰ জিমত ৱৰ্কআউট কৰি আছিল। ব্যায়াম কৰি থাকোঁতে হঠাতে তেওঁৰ বুকুত বিষ হৈছিল আৰু তেওঁ তললৈ পৰি গৈছিল। ইয়াৰ পাছতে ৰাজু শ্ৰীবাস্তৱক ততাতৈয়াকৈ তেওঁৰ জিম প্ৰশিক্ষকে চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান ৰাজুৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে অনুৰাগী সকলে। ৰাজুক আকৌ হাঁহি থকা দেখিব বিচাৰে সকলোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ