--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ জালনাত ওলাইছে টকাসহ বিয়াগোম সম্পত্তিৰ পাহাৰ। এই পাহাৰ লুকুৱাবলৈ গৈ আয়কৰ বিভাগৰ ৰোষত পৰিছে এগৰাকী উদ্যোগপতি। জালনাৰ একাধিক স্থানত আয়কৰ বিভাগে তালাচী চলাই এই উদ্যোগপতি গৰাকীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ হিচাপ বিহীন নগদ ধনসহ প্ৰায় ৩৯০ কোটি টকাৰ বেনামী সম্পত্তি। আয়কৰ বিভাগে যোৱা ৩ আগষ্টত জালনাৰ এই উদ্যোগপতি গৰাকীৰ সৈতে সম্পৰ্কিত কেইবাটাও স্থানত অভিযান চলাইছিল।

আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে বেনামী  সম্পত্তিৰ লগতে চলি থকা অনিয়মৰ তথ্য পোহৰলৈ আহিছিল। এই তথ্য ফাদিল হোৱাৰ পিছতে আয়কৰ বিভাগে উদ্যোগপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে। অভিযানৰ অন্তত বিভাগে প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বুলি জানিবলৈ দিছে।

এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ ভিতৰত আছে ৫৮ কোটি টকা হিচাপ বিহীন নগদ ধন। লগতে প্ৰায় ৩২ কিলোগ্ৰাম সোণ, মূল্যবান মুকুতা আৰু হীৰাও আয়কৰ বিভাগে জব্দ কৰিছে। অভিযানকাৰী বিষয়াসকলে অভিযানৰ সময়ত আন কিছু সম্পত্তিৰ নথিপত্ৰ আৰু ডিজিটেল তথ্যও উদ্ধাৰ কৰিছে। 

উল্লেখ্য যে আয়কৰ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অভিযানৰ সময়ত জব্দ কৰা নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ আয়কৰ বিষয়াসকলক প্ৰায় ১৩ ঘণ্টা সময় লাগিছিল। অভিযানটোত ১২০ খনতকৈও অধিক বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ লগতে কয়।

অভিযান সন্দৰ্ভত প্ৰকাশিত তথ্য অনসৰি আয়কৰ বিভাগে জিলাখনৰ কিছু ব্যৱসায়িক গোটৰ দ্বাৰা কৰ ফাঁকিৰ অভিযোগৰ বিষয়ে তথ্য পোৱাৰ পিছত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী বিষয়াক লৈ পাঁচটা দল গঠন কৰিছিল। এই দলকেইটাই বিভিন্ন স্থানত একে সময়তে অভিযানত নামি পৰিছিল।

লক্ষণীয়ভাৱে বিগত এটা সপ্তাহ ধৰি চলি থকা এই অভিযানৰ ক্ষেত্ৰত আয়কৰ বিভাগে গোপনীয়তা বজাই ৰাখিছিল। অভিযানৰ অন্ত পৰাৰ পাছতহে এই বিষয়ে সংবাদ মাধ্যমসমূহে জানিব পাৰিছিল তথা বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছিল। এতিয়ালৈকে অৱশ্যে আয়কৰ বিভাগে অভিযুক্ত উদ্যোগপতিজনৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ