--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ জালনাত ওলাইছে টকাসহ বিয়াগোম সম্পত্তিৰ পাহাৰ। এই পাহাৰ লুকুৱাবলৈ গৈ আয়কৰ বিভাগৰ ৰোষত পৰিছে এগৰাকী উদ্যোগপতি। জালনাৰ একাধিক স্থানত আয়কৰ বিভাগে তালাচী চলাই এই উদ্যোগপতি গৰাকীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ হিচাপ বিহীন নগদ ধনসহ প্ৰায় ৩৯০ কোটি টকাৰ বেনামী সম্পত্তি। আয়কৰ বিভাগে যোৱা ৩ আগষ্টত জালনাৰ এই উদ্যোগপতি গৰাকীৰ সৈতে সম্পৰ্কিত কেইবাটাও স্থানত অভিযান চলাইছিল।

আয়কৰ বিভাগৰ এই অভিযানৰ পিছতে বেনামী  সম্পত্তিৰ লগতে চলি থকা অনিয়মৰ তথ্য পোহৰলৈ আহিছিল। এই তথ্য ফাদিল হোৱাৰ পিছতে আয়কৰ বিভাগে উদ্যোগপতি গৰাকীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে। অভিযানৰ অন্তত বিভাগে প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে বুলি জানিবলৈ দিছে।

এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ ভিতৰত আছে ৫৮ কোটি টকা হিচাপ বিহীন নগদ ধন। লগতে প্ৰায় ৩২ কিলোগ্ৰাম সোণ, মূল্যবান মুকুতা আৰু হীৰাও আয়কৰ বিভাগে জব্দ কৰিছে। অভিযানকাৰী বিষয়াসকলে অভিযানৰ সময়ত আন কিছু সম্পত্তিৰ নথিপত্ৰ আৰু ডিজিটেল তথ্যও উদ্ধাৰ কৰিছে। 

উল্লেখ্য যে আয়কৰ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অভিযানৰ সময়ত জব্দ কৰা নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ আয়কৰ বিষয়াসকলক প্ৰায় ১৩ ঘণ্টা সময় লাগিছিল। অভিযানটোত ১২০ খনতকৈও অধিক বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ লগতে কয়।

অভিযান সন্দৰ্ভত প্ৰকাশিত তথ্য অনসৰি আয়কৰ বিভাগে জিলাখনৰ কিছু ব্যৱসায়িক গোটৰ দ্বাৰা কৰ ফাঁকিৰ অভিযোগৰ বিষয়ে তথ্য পোৱাৰ পিছত ৰাজ্যখনৰ প্ৰায় ৩০০ গৰাকী বিষয়াক লৈ পাঁচটা দল গঠন কৰিছিল। এই দলকেইটাই বিভিন্ন স্থানত একে সময়তে অভিযানত নামি পৰিছিল।

লক্ষণীয়ভাৱে বিগত এটা সপ্তাহ ধৰি চলি থকা এই অভিযানৰ ক্ষেত্ৰত আয়কৰ বিভাগে গোপনীয়তা বজাই ৰাখিছিল। অভিযানৰ অন্ত পৰাৰ পাছতহে এই বিষয়ে সংবাদ মাধ্যমসমূহে জানিব পাৰিছিল তথা বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছিল। এতিয়ালৈকে অৱশ্যে আয়কৰ বিভাগে অভিযুক্ত উদ্যোগপতিজনৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ