--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘আফস্পা’৷ আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন হৈছে সেনাৰ বাবে প্ৰণয়ন কৰা এক বিশেষ আইন। আইনখন ১৯৫৮ চনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অসম আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী ক্ৰিয়া-কলাপ প্ৰশমিত কৰিবলৈ আৰম্ভ কৰা হৈছিল। আইনখন ৮০ দশকত পঞ্জাবত আৰু ৯০ দশকত জম্মু আৰু কাশ্মীৰত কাৰ্যকৰী কৰা হৈছিল।

আইনখন তেতিয়াৰ পৰা তাতো বলবৎ হৈ আছে। সহজাৰ্থত এ.এফ.এছ.পি.এ.-য়ে সশস্ত্ৰ বাহিনীক ‘অশান্ত এলেকা’ত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা প্ৰদান কৰে। আফস্পা আইনখনক ইতিমধ্যে মানৱ অধিকাৰ কৰ্মীসকলে ক’লা আইন বুলি অভিহিত কৰিছে৷ গণতন্ত্ৰত বিশ্বাসী প্ৰতিজনেই এই আইনখনৰ নৈতিকভাৱে বিৰোধিতা কৰে৷ অসমতো ইয়াৰ ক’লা ইতিহাস আছে৷ অসমীয়া মানুহৰ মানসপটত আজিও সজীৱ হৈ আছে নব্বৈ দশকৰ দুঃসহ স্মৃতি৷ দুঃস্বপ্নৰ দৰে খেদি ফুৰা সেই স্মৃতিয়ে আজিও ভীতিবিহ্বল কৰি তোলে অসমবাসীক৷ শেহতীয়াকৈ, নাগালেণ্ডত সংঘটিত ঘটনা তেনে এটি উদাহৰণ৷

১৪ গৰাকী নীৰিহ নগা লোকক গুলীয়াই হত্যা কৰা হ’ল একমাত্ৰ আফস্পাৰ ক্ষমতা থকাৰ বাবেই৷ এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে আফস্পা উঠাই লোৱাৰ দাবী উত্থাপন কৰিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই পুনৰবাৰ আফস্পাক ক’লা আইন বুলি অভিহিত কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্ধিক্ষণৰ এই সময়েই জনসমাজ তথা চৰকাৰ উভয়ৰে দিশৰ পৰাই আফস্পা আৰু সমপৰ্যায়ৰ আইনসমূহ উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উচিত মুহূৰ্ত বুলি বিবেচিত হৈছে৷

আফস্পা প্ৰসংগত এইবাৰ মাত মাতিছে, প্ৰাক্তন গৃহ সচিব জি কে পিল্লাই৷ তেওঁ কয় যে নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিব লাগে। যোৱা কেইবছৰমানৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত কোনো ডাঙৰ উগ্ৰপন্থী সম্পৰ্কীয় কূটাঘাটমূলক কাৰ্য সংঘটিত হোৱা নাই। তেনেস্থলত ইমান এখন কঠোৰ আইনৰ প্ৰাসংগিকতা ক’ত? চলিত উত্তৰ-পূব মহোৎসৱৰ অংশ হিচাপে অনুষ্ঠিত ভাৰতৰ চেণ্ট্ৰেল ফ'কাছ অৱ ইণ্ডিয়াৰ লুক ইষ্ট নীতি আৰু আভ্যন্তৰীণ নিৰাপত্তা হিচাপে উত্তৰ-পূব ভাৰতৰ ওপৰত এক আলোচনাত অংশগ্ৰহণ কৰি পিল্লাই কয়, উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰকৃততে আমি পুনৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন আছ, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ পৰাও ‘আফস্পা’ প্ৰত্যাহাৰ কৰিব লাগে৷ উল্লেখ্য যে, আলোচনাত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া সকল আছিল, যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ যুটীয়া সচিব শম্ভু সিং, আৰু কেন্দ্ৰৰ মধ্যস্থতাকাৰী পিচি হালদাৰ উপস্থিত আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান