--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘আফস্পা’৷ আফস্পা অৰ্থাৎ সশস্ত্ৰ বাহিনীৰ(বিশেষ ক্ষমতা) আইন হৈছে সেনাৰ বাবে প্ৰণয়ন কৰা এক বিশেষ আইন। আইনখন ১৯৫৮ চনত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, মেঘালয়, অসম আৰু ত্ৰিপুৰাত বিচ্ছিন্নতাবাদী ক্ৰিয়া-কলাপ প্ৰশমিত কৰিবলৈ আৰম্ভ কৰা হৈছিল। আইনখন ৮০ দশকত পঞ্জাবত আৰু ৯০ দশকত জম্মু আৰু কাশ্মীৰত কাৰ্যকৰী কৰা হৈছিল।

আইনখন তেতিয়াৰ পৰা তাতো বলবৎ হৈ আছে। সহজাৰ্থত এ.এফ.এছ.পি.এ.-য়ে সশস্ত্ৰ বাহিনীক ‘অশান্ত এলেকা’ত ৰাজহুৱা শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা প্ৰদান কৰে। আফস্পা আইনখনক ইতিমধ্যে মানৱ অধিকাৰ কৰ্মীসকলে ক’লা আইন বুলি অভিহিত কৰিছে৷ গণতন্ত্ৰত বিশ্বাসী প্ৰতিজনেই এই আইনখনৰ নৈতিকভাৱে বিৰোধিতা কৰে৷ অসমতো ইয়াৰ ক’লা ইতিহাস আছে৷ অসমীয়া মানুহৰ মানসপটত আজিও সজীৱ হৈ আছে নব্বৈ দশকৰ দুঃসহ স্মৃতি৷ দুঃস্বপ্নৰ দৰে খেদি ফুৰা সেই স্মৃতিয়ে আজিও ভীতিবিহ্বল কৰি তোলে অসমবাসীক৷ শেহতীয়াকৈ, নাগালেণ্ডত সংঘটিত ঘটনা তেনে এটি উদাহৰণ৷

১৪ গৰাকী নীৰিহ নগা লোকক গুলীয়াই হত্যা কৰা হ’ল একমাত্ৰ আফস্পাৰ ক্ষমতা থকাৰ বাবেই৷ এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে আফস্পা উঠাই লোৱাৰ দাবী উত্থাপন কৰিছে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই পুনৰবাৰ আফস্পাক ক’লা আইন বুলি অভিহিত কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ সন্ধিক্ষণৰ এই সময়েই জনসমাজ তথা চৰকাৰ উভয়ৰে দিশৰ পৰাই আফস্পা আৰু সমপৰ্যায়ৰ আইনসমূহ উঠাই লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উচিত মুহূৰ্ত বুলি বিবেচিত হৈছে৷

আফস্পা প্ৰসংগত এইবাৰ মাত মাতিছে, প্ৰাক্তন গৃহ সচিব জি কে পিল্লাই৷ তেওঁ কয় যে নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিব লাগে। যোৱা কেইবছৰমানৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত কোনো ডাঙৰ উগ্ৰপন্থী সম্পৰ্কীয় কূটাঘাটমূলক কাৰ্য সংঘটিত হোৱা নাই। তেনেস্থলত ইমান এখন কঠোৰ আইনৰ প্ৰাসংগিকতা ক’ত? চলিত উত্তৰ-পূব মহোৎসৱৰ অংশ হিচাপে অনুষ্ঠিত ভাৰতৰ চেণ্ট্ৰেল ফ'কাছ অৱ ইণ্ডিয়াৰ লুক ইষ্ট নীতি আৰু আভ্যন্তৰীণ নিৰাপত্তা হিচাপে উত্তৰ-পূব ভাৰতৰ ওপৰত এক আলোচনাত অংশগ্ৰহণ কৰি পিল্লাই কয়, উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰকৃততে আমি পুনৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন আছ, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমৰ পৰাও ‘আফস্পা’ প্ৰত্যাহাৰ কৰিব লাগে৷ উল্লেখ্য যে, আলোচনাত গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়া সকল আছিল, যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ যুটীয়া সচিব শম্ভু সিং, আৰু কেন্দ্ৰৰ মধ্যস্থতাকাৰী পিচি হালদাৰ উপস্থিত আছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ