--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ আৰম্ভ হৈছে অসহযোগ আন্দোলন। সামৰিক দমনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আৰম্ভ কৰা হৈছে অসহযোগ আন্দোলন। এইবাৰ এই আন্দোলনৰ কেন্দ্ৰস্থল হৈ পৰিছে নগালেণ্ড। নগালেণ্ডত সামৰিক বাহিনীয়ে ১৪জনকৈ নিৰীহ লোকক হত্যা কৰাৰ পাছত এই ঘটনাক লৈ উত্তেজনা মাৰ যোৱা নাই। সেনাৰ এই দু্ষ্কাৰ্যৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ অব্যাহত ৰাখিছে ক্ষুদ্ধ নগা জনগণে। সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা আৰু দোষী সেনাৰ লোকক শাস্তি বিহাৰ দাবীত অটল হৈ আছে নাগা জনগণৰ লগতে নাগালেণ্ড চৰকাৰ।

এই দাবীৰ তীব্ৰতা প্ৰতিধ্বনিত হৈছে উত্তৰ পূবৰ আন আন প্ৰান্তলৈও। কিন্তু যি দৃঢ়তাৰে নগালেণ্ডৰ জনগণে সেনাৰ বিৰু্দ্ধে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সেয়া অতুলনীয়।এইবাৰ ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সংগঠনে সামৰিক বাহিনীৰ সৈতে অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছে। এটা আগশাৰীৰ জনজাতীয় সংগঠনে অসহযোগ আন্দোলনৰ কথা ঘোষণা কৰিছে সামৰিক বাহিনীৰ বিৰুদ্ধে। কন্যাক নাগা জনজাতিৰ শীৰ্ষ সংগঠন দ্য কন্যাক ইউনিয়নে তেওঁলোকৰ এলেকাত ভাৰতীয় সেনাৰ উপস্থিতি, টহল অদি সম্পূৰ্ণৰূপে নিষিদ্ধি ঘোষণা কৰিছে।

কন্যাক জনগোষ্ঠীৰ লোকৰ বসতিপ্ৰধান অঞ্চলত সেনাই প্ৰৱেশ কৰিব নোৱাৰিব বুলি সংগঠনটোৱে ঘোষণা কৰিছে। যেতিয়ালৈকে সেনাৰ অবাঞ্চিত আৰু নিৰ্বিচাৰ আক্ৰমণত নিহতসকলে ন্যায় লাভ নকৰে তেতিয়ালৈ এই নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কন্যাক লোকসকলে সেনাৰ পৰা কোনোধৰণৰ সহায়-সাহায্য গ্ৰহণ নকৰে বুলিও স্পষ্ট কৰি দিছে। আনকি মন জিলাত কোনো সামৰিক নিযুক্তি ৰেলী অনুষ্ঠিত কৰিবলৈ নিদিয়াৰো হুংকাৰ দিছে সংগঠনটোৱে। নগা সংগঠনটোৰ এনে যুঁযুধান ৰূপে অঞ্চলটোৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাৰ আশংকা আছে। কিন্তু সেনাৰ দমনমূলক আচৰণ আৰু বৰ্বৰতাৰ বিৰুদ্ধে এনে কঠোৰতাৰ বিকল্প নাই বুলিও সৰৱ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হ'ব দুয়ো ৰাষ্ট্ৰৰ ব্যৱসায়! বৃহত্তম বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰত-ব্রিটেইনৰ
EDৰ ৰোষত অনিল আম্বানিৰ কোম্পানী
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ