--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পুনৰ আৰম্ভ হৈছে অসহযোগ আন্দোলন। সামৰিক দমনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আৰম্ভ কৰা হৈছে অসহযোগ আন্দোলন। এইবাৰ এই আন্দোলনৰ কেন্দ্ৰস্থল হৈ পৰিছে নগালেণ্ড। নগালেণ্ডত সামৰিক বাহিনীয়ে ১৪জনকৈ নিৰীহ লোকক হত্যা কৰাৰ পাছত এই ঘটনাক লৈ উত্তেজনা মাৰ যোৱা নাই। সেনাৰ এই দু্ষ্কাৰ্যৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ অব্যাহত ৰাখিছে ক্ষুদ্ধ নগা জনগণে। সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা আৰু দোষী সেনাৰ লোকক শাস্তি বিহাৰ দাবীত অটল হৈ আছে নাগা জনগণৰ লগতে নাগালেণ্ড চৰকাৰ।

এই দাবীৰ তীব্ৰতা প্ৰতিধ্বনিত হৈছে উত্তৰ পূবৰ আন আন প্ৰান্তলৈও। কিন্তু যি দৃঢ়তাৰে নগালেণ্ডৰ জনগণে সেনাৰ বিৰু্দ্ধে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সেয়া অতুলনীয়।এইবাৰ ৰাজ্যখনৰ এটা গুৰুত্বপূৰ্ণ সংগঠনে সামৰিক বাহিনীৰ সৈতে অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছে। এটা আগশাৰীৰ জনজাতীয় সংগঠনে অসহযোগ আন্দোলনৰ কথা ঘোষণা কৰিছে সামৰিক বাহিনীৰ বিৰুদ্ধে। কন্যাক নাগা জনজাতিৰ শীৰ্ষ সংগঠন দ্য কন্যাক ইউনিয়নে তেওঁলোকৰ এলেকাত ভাৰতীয় সেনাৰ উপস্থিতি, টহল অদি সম্পূৰ্ণৰূপে নিষিদ্ধি ঘোষণা কৰিছে।

কন্যাক জনগোষ্ঠীৰ লোকৰ বসতিপ্ৰধান অঞ্চলত সেনাই প্ৰৱেশ কৰিব নোৱাৰিব বুলি সংগঠনটোৱে ঘোষণা কৰিছে। যেতিয়ালৈকে সেনাৰ অবাঞ্চিত আৰু নিৰ্বিচাৰ আক্ৰমণত নিহতসকলে ন্যায় লাভ নকৰে তেতিয়ালৈ এই নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কন্যাক লোকসকলে সেনাৰ পৰা কোনোধৰণৰ সহায়-সাহায্য গ্ৰহণ নকৰে বুলিও স্পষ্ট কৰি দিছে। আনকি মন জিলাত কোনো সামৰিক নিযুক্তি ৰেলী অনুষ্ঠিত কৰিবলৈ নিদিয়াৰো হুংকাৰ দিছে সংগঠনটোৱে। নগা সংগঠনটোৰ এনে যুঁযুধান ৰূপে অঞ্চলটোৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাৰ আশংকা আছে। কিন্তু সেনাৰ দমনমূলক আচৰণ আৰু বৰ্বৰতাৰ বিৰুদ্ধে এনে কঠোৰতাৰ বিকল্প নাই বুলিও সৰৱ চৰ্চা চলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?