--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰথম মন্তব্যত তেওঁ কয় যে ‘মই ভয় খাইছো,হতাশ হৈছো’।

যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক হত্যা আৰু যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল ৷ যাৰ ফলত দেশৰ বহু ঠাইত চিকিৎসকে ধৰ্মঘট কৰাৰ লগতে প্ৰায়বোৰ চিকিৎসালয় সেৱা স্তব্ধ হৈ পৰে। এই ঘটনাই ৰাষ্ট্ৰীয় ক্ষোভ সৃষ্টি কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক লৈ দুখী ৰাষ্ট্ৰপতি মুৰ্মুৱে সংবাদ মাধ্যমত কয় যে এফালে ছাত্ৰ-ছাত্ৰী, চিকিৎসক আৰু নাগৰিকে কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰি আছে, আনফালে আন ঠাইত অপৰাধীয়ে ঘূৰি ফুৰিছে। 'বহুত হ'ল, এতিয়া কিবা এটা কৰিব লাগিব।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে কোনো সভ্য সমাজে কন্যা আৰু ভগ্নীৰ ওপৰত এনে অত্যাচাৰৰ অনুমতি দিব নোৱাৰে। সমাজক ‘সৎ, নিৰপেক্ষ আত্মনিৰীক্ষণ’ৰ প্ৰয়োজন, নিজকে কিছুমান কঠিন প্ৰশ্ন সুধিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু