--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি সাংসদ কংগনা ৰানাৱটে কৃষক বিদ্ৰোহক লৈ কৰা বক্তব্যই ক্ষুব্ধ কৰি তুলিছে কৃষক সমাজক। অপমানিত কৃষক সমাজে কংগনা ৰানাৱটৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা। কৃষক সমাজে আইনী জাননী জাৰি কৰি বহুবল্কী বিজেপি সাংসদ গৰাকীক কৃষক সকলৰ ওচৰত ক্ষমা খুজিবলৈ সাত দিনৰ সময় প্ৰদান কৰিছে।
 
কথাতে কটা যায় কথাতে বঁটা পাই আপ্ত বাক্যটোৱে সাৰ্থকতা লাভ কৰিছে কংগনা ৰানাৱটৰ ক্ষেত্ৰত।প্ৰপ্ত তথ্য অনুসৰি বিতৰ্কিত বক্তব্যৰ বাবে সততেই চৰ্চিত বিজেপি সাংসদ কংগনা ৰানাৱটে শেহতীয়া কৈ কৃষক আন্দোলনক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে মানহানিৰ জাননী প্ৰেৰণ কৰিছে কিষাণ সংঘৰ্ষ সমিতিৰ নেতা অধিবক্তা বিশ্বজিত ৰতৌনিয়াই। জাননীৰ জড়িয়তে সাত দিনৰ ভিতৰত ক্ষমা নুখুজিলে কংগনা ৰানাৱটৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে কৃষক সমাজে।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ গৰাকীৰ এনে বিতৰ্কিত বক্তব্যৰ বাবে বিজেপি দলেও গৰিহণা দিছে কংগনা ৰানাৱটক। বিজেপি দলে কংগনা ৰানাৱটৰ দলৰ হৈ মন্তব্য দিয়াৰ কোনা কৰ্তৃত্ব নাই বুলি সদৰি কৰাৰ লগতে কয় যে কংগনাৰ মন্তব্য দলীয় মতামত নহয় সেয়া সম্পূৰ্ণ ৰূপে সাংসদ গৰাকীৰ ব্যক্তিগত মন্তব্য।

বিজেপি সাংসদ গৰকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচলা কৰি কয় যে কৃষকক প্ৰদান কৰা  প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ মোডী চৰকাৰৰ ভুৱা তথ্য প্ৰচাৰকাৰী গোটে অহৰহ কৃষকক অপমানিত কৰাতে ব্যস্ত হৈ আছে।লগতে, বিজেপিৰ সাংসদগৰাকীয়ে ৭০০ সতীৰ্থক বলিদান দিয়া কৃষকসকলক ধৰ্ষণকাৰী আৰু বিদেশীৰ প্ৰতিনিধি বুলি কৰা মন্তব্যই বিজেপিৰ কৃষক বিৰোধী নীতি আৰু উদ্দেশ্যৰে প্ৰতিফলন বুলি দাবী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু