--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি সাংসদ কংগনা ৰানাৱটে কৃষক বিদ্ৰোহক লৈ কৰা বক্তব্যই ক্ষুব্ধ কৰি তুলিছে কৃষক সমাজক। অপমানিত কৃষক সমাজে কংগনা ৰানাৱটৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা। কৃষক সমাজে আইনী জাননী জাৰি কৰি বহুবল্কী বিজেপি সাংসদ গৰাকীক কৃষক সকলৰ ওচৰত ক্ষমা খুজিবলৈ সাত দিনৰ সময় প্ৰদান কৰিছে।
 
কথাতে কটা যায় কথাতে বঁটা পাই আপ্ত বাক্যটোৱে সাৰ্থকতা লাভ কৰিছে কংগনা ৰানাৱটৰ ক্ষেত্ৰত।প্ৰপ্ত তথ্য অনুসৰি বিতৰ্কিত বক্তব্যৰ বাবে সততেই চৰ্চিত বিজেপি সাংসদ কংগনা ৰানাৱটে শেহতীয়া কৈ কৃষক আন্দোলনক লৈ কৰা অপমান সূচক মন্তব্যৰ বাবে মানহানিৰ জাননী প্ৰেৰণ কৰিছে কিষাণ সংঘৰ্ষ সমিতিৰ নেতা অধিবক্তা বিশ্বজিত ৰতৌনিয়াই। জাননীৰ জড়িয়তে সাত দিনৰ ভিতৰত ক্ষমা নুখুজিলে কংগনা ৰানাৱটৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে কৃষক সমাজে।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ গৰাকীৰ এনে বিতৰ্কিত বক্তব্যৰ বাবে বিজেপি দলেও গৰিহণা দিছে কংগনা ৰানাৱটক। বিজেপি দলে কংগনা ৰানাৱটৰ দলৰ হৈ মন্তব্য দিয়াৰ কোনা কৰ্তৃত্ব নাই বুলি সদৰি কৰাৰ লগতে কয় যে কংগনাৰ মন্তব্য দলীয় মতামত নহয় সেয়া সম্পূৰ্ণ ৰূপে সাংসদ গৰাকীৰ ব্যক্তিগত মন্তব্য।

বিজেপি সাংসদ গৰকীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচলা কৰি কয় যে কৃষকক প্ৰদান কৰা  প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ মোডী চৰকাৰৰ ভুৱা তথ্য প্ৰচাৰকাৰী গোটে অহৰহ কৃষকক অপমানিত কৰাতে ব্যস্ত হৈ আছে।লগতে, বিজেপিৰ সাংসদগৰাকীয়ে ৭০০ সতীৰ্থক বলিদান দিয়া কৃষকসকলক ধৰ্ষণকাৰী আৰু বিদেশীৰ প্ৰতিনিধি বুলি কৰা মন্তব্যই বিজেপিৰ কৃষক বিৰোধী নীতি আৰু উদ্দেশ্যৰে প্ৰতিফলন বুলি দাবী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ