--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলত বিতৰ্কিত আইন বাতিল কৰাৰ দাবীৰ মাজতে মণিপুৰ চৰকাৰে সোমবাৰে ৰাজ্যখনত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন বা AFSPA ১ ডিচেম্বৰলৈ বৃদ্ধি কৰে। বিশেষ সচিব (গৃহ) এইচ জ্ঞান প্ৰকাশে এক নিৰ্দেশত কয় যে ৰাজ্যপাল লা গণেশনে ইম্ফল পৌৰ অধিকাৰক্ষেত্ৰৰ বাহিৰে মণিপুৰত আইনখনৰ ধাৰাৰ অধীনত "অশান্ত এলেকা" হিচাপে ঘোষণা কৰিছে।


উল্লেখ্য যে AFSPA ৰ বিশেষ ক্ষমতা অনুযায়ী, সেনাসকলক "ৰাজহুৱা শৃংখলা বজাই ৰখাৰ" বাবে প্ৰয়োজনত অনুসন্ধান, গ্ৰেপ্তাৰ আৰু গুলী চালনা কৰাৰ ক্ষমতা প্ৰদান কৰে। উত্তৰ-পূৰ্বাঞ্চলত, বৰ্তমান অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ এই তিনিখন জিলাত AFSPA আইন বলবৎ হৈ আছে। নাগালেণ্ড বিধানসভাই সৰ্বসন্মতিক্ৰমে চৰকাৰক উত্তৰপূৰ্বাঞ্চলৰ পৰা আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱাৰ পিছতো এই সিদ্ধান্ত গ্ৰহণ কৰাক লৈ মণিপুৰৰ বাসিন্দাসকলে আপত্তি দৰ্শাইছে৷

সোমবাৰে, মণিপুৰ মণিপুৰত চৰকাৰে সংবাদ মাধ্যমৰ আগত ক’য় যে, বিভিন্ন উগ্ৰপন্থী/বিদ্ৰোহী গোটে হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰাখিছে৷ নাগালেণ্ডৰ নাগৰিক সমাজ আৰু জনজাতীয় সংস্থাৰ কেইবাজনো সদস্যই ডিচেম্বৰত ৰাজ্যখনৰ মন জিলাত নিৰাপত্তা বাহিনীৰ সদস্যৰ দ্বাৰা ১৪ জন নাগৰিক নিহত হোৱাৰ পিছত আইনখন বাতিল কৰাৰ বাবে সৰ্বত্ৰে দাবী জনাই আহিছে। নিহত লোকসকল কিছুমান স্থানীয় কয়লা খনিৰ কৰ্মী আছিল আৰু তেওঁলোকক ভূলবশতঃ বিদ্ৰোহী বুলি ভবা হৈছিল, আৰু তেওঁলোকক অবিচাৰভাৱে গুলিয়াই হত্যা কৰা কৰা হৈছিল৷


আৰক্ষীয়ে তথ্য অনুসৰি, গোচৰটোত এতিয়ালৈকে কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই, কিয়নো দোষীত এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই৷ কিয়নো আক্ৰমণটো নিশা সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ