--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশে বিদেশে বিয়পি আছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জনপ্ৰিয়তা। শেহতীয়াকৈ পুনৰ সেই কথাৰ প্ৰমাণ পোৱা গল। পাকিস্তানৰ পৰা বিৰাট কোহলীক লগ কৰিবলৈ গ’ল এগৰাকী বিশেষভাৱে সক্ষম যুৱতী! বিৰাট কোহলীক লগ পাই পূৰণ হ’ল যুৱতীগৰাকীৰ দীৰ্ঘদিনীয়া সপোন।

এছিয়া কাপ ২০২২ বৰ্ষৰ ছিজন শনিবাৰে অৰ্থাৎ ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব। দেওবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ক্ৰিকেটাৰ মহাসমৰত নামিব ভাৰত আৰু পাকিস্তান। দুই চিৰবৈৰী ৰাষ্ট্ৰৰ ক্ৰিকেটৰ যুঁজ চাবলৈ ৰৈ আছে সমগ্ৰ ক্ৰিকেটপ্ৰেমী।

বিৰাট কোহলীক লগ পাবৰ বাবেই এগৰাকী যুৱতীয়ে পাকিস্তানৰ কৰাচীৰ পৰা উৰা মাৰিলে ডুবাইলৈ। তেওঁ কেৱলমাত্ৰ বিৰাট কোহলীক লগ কৰিবৰ বাৰেই কৰাচীৰ পৰা ডুবাইলৈ যায়। যুৱতীগৰাকী বিশেষভাৱে সক্ষম।

যুৱতীগৰাকীয়ে ভাৰতীয় দলটোৱে য’ত অনুশীলন কৰি আছিলে তাত গৈ উপস্থিত হয়। যুৱতীগৰাকীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অধীৰ আগ্ৰহেৰে বিৰাট কোহলীক লগ পাবৰ বাবে ৰৈ আছিল। অৱশেষত পূৰণ হল তেওঁৰ মনৰ হেঁপাহ।

বিৰাটে এই কথা গম পোৱাৰ লগে লগেই যুৱতীগৰাকীক সাক্ষাৎ কৰে। যুৱতীগৰাকীৰ লগত বিৰাট কোহলীয়ে উঠা এখন ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ফটোখনত দেখা গৈছে এখন হুইলচেয়াৰত যুৱতীগৰাকী বহি আছে আৰু তেওঁৰ কাষতে ৰৈ আছে বিৰাট কোহলী। বিৰাটে যুৱতীগৰাকীৰ লগত বহু সময় ধৰি কথা পাতে। বিৰাট কোহলীক লগ পাই বহুদিনীয়া হেঁপাহ পূৰণ হোৱাৰ আনন্দত যুৱতীগৰাকী আৱেগিক হৈ পৰে। এইগৰাকী অনুৰাগীক লগ পাই বিৰাট কোহলীও আনন্দিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ