--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশে বিদেশে বিয়পি আছে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ জনপ্ৰিয়তা। শেহতীয়াকৈ পুনৰ সেই কথাৰ প্ৰমাণ পোৱা গল। পাকিস্তানৰ পৰা বিৰাট কোহলীক লগ কৰিবলৈ গ’ল এগৰাকী বিশেষভাৱে সক্ষম যুৱতী! বিৰাট কোহলীক লগ পাই পূৰণ হ’ল যুৱতীগৰাকীৰ দীৰ্ঘদিনীয়া সপোন।

এছিয়া কাপ ২০২২ বৰ্ষৰ ছিজন শনিবাৰে অৰ্থাৎ ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব। দেওবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ক্ৰিকেটাৰ মহাসমৰত নামিব ভাৰত আৰু পাকিস্তান। দুই চিৰবৈৰী ৰাষ্ট্ৰৰ ক্ৰিকেটৰ যুঁজ চাবলৈ ৰৈ আছে সমগ্ৰ ক্ৰিকেটপ্ৰেমী।

বিৰাট কোহলীক লগ পাবৰ বাবেই এগৰাকী যুৱতীয়ে পাকিস্তানৰ কৰাচীৰ পৰা উৰা মাৰিলে ডুবাইলৈ। তেওঁ কেৱলমাত্ৰ বিৰাট কোহলীক লগ কৰিবৰ বাৰেই কৰাচীৰ পৰা ডুবাইলৈ যায়। যুৱতীগৰাকী বিশেষভাৱে সক্ষম।

যুৱতীগৰাকীয়ে ভাৰতীয় দলটোৱে য’ত অনুশীলন কৰি আছিলে তাত গৈ উপস্থিত হয়। যুৱতীগৰাকীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি অধীৰ আগ্ৰহেৰে বিৰাট কোহলীক লগ পাবৰ বাবে ৰৈ আছিল। অৱশেষত পূৰণ হল তেওঁৰ মনৰ হেঁপাহ।

বিৰাটে এই কথা গম পোৱাৰ লগে লগেই যুৱতীগৰাকীক সাক্ষাৎ কৰে। যুৱতীগৰাকীৰ লগত বিৰাট কোহলীয়ে উঠা এখন ফটো এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ফটোখনত দেখা গৈছে এখন হুইলচেয়াৰত যুৱতীগৰাকী বহি আছে আৰু তেওঁৰ কাষতে ৰৈ আছে বিৰাট কোহলী। বিৰাটে যুৱতীগৰাকীৰ লগত বহু সময় ধৰি কথা পাতে। বিৰাট কোহলীক লগ পাই বহুদিনীয়া হেঁপাহ পূৰণ হোৱাৰ আনন্দত যুৱতীগৰাকী আৱেগিক হৈ পৰে। এইগৰাকী অনুৰাগীক লগ পাই বিৰাট কোহলীও আনন্দিত হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান