--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত বাধা আঁতৰিল। হেৰুওৱা স্বীকৃতি পুনৰ ঘূৰাই পালে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে। তৃতীয় পক্ষৰ হস্তক্ষেপৰ অভিযোগত ভাৰতীয় ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৰ ওপৰত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই আৰোপ কৰা নিলম্বন অৱশেষত শুকুৰবাৰে প্ৰত্যাহাৰ কৰে। ফিফাৰ এই সিদ্ধান্তৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ প্ৰতিদ্বন্দিতা কৰাৰ পথ মুকলি হ'ল ভাৰতীয় ফুটবল দলৰ। লগতে অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ সন্মুখত আহি পৰা প্ৰতিবন্ধকতাও আঁতৰ হৈ পৰিছে।

ফিফাই আজি এক আনুষ্ঠানিক বিজ্ঞপ্তি যোগে কয় যে ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’- এ তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ ওপৰত আৰোপ কৰা নিলম্বন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। AIFF ৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা প্ৰয়োগৰ বাবে গঠন কৰা প্ৰশাসকৰ সমিতিৰ আদেশ বাতিল তথা ভাৰতীয় ফুটবল প্ৰশাসনে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ আনিছে বুলি নিশ্চিতি পোৱাৰ পিছত ফিফাই এই সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে।

ফিফাই লগতে কয় যে ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যক্ৰমণিকাৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিব আৰু সময়মতে নিৰ্বাচন আয়োজনত ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোক সহযোগ কৰিব। এই সিদ্ধান্তৰ ফলস্বৰূপে ১১ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ২০২২ পূৰ্ব পৰিকল্পনা অনুসৰি ভাৰততে অনুষ্ঠিত হ'ব বুলি ফিফাই বিবৃতিটোত লগতে উল্লেখ কৰে

উল্লেখ্য যে ফিফাই ১৫ আগষ্টত বিভিন্ন তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF) ক নিলম্বিত কৰিছিল। ফিফাই জাৰী কৰা এক বিজ্ঞপ্তিত তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় প্ৰভাৱ ফিফা আইনৰ এক গুৰুতৰ উলংঘন বুলি উল্লেখ কৰি ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি ঘোষণা কৰিছিল।

এই নিলম্বনৰ লগে লগে ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ, ২০২২ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আহি পৰিছিল। তদুপৰি নিলম্বন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও সকীয়াই দিয়া হৈছিল।

ফিফাই বিবৃতিত লগতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা বাতিল কৰা হৈছে আৰু ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ'ব।

অৱশ্যে ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হৈছিল আৰু সোনকালেই ইয়াৰ সমাধানৰ পথ উলিওৱাত মনোনিৱেশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰশাসক সমিতিৰ আদেশ বাতিল কৰাৰ সিদ্ধান্তৰ পিছত আৰোপিত নিষেধাজ্ঞা উঠাই ল'বলৈ ফিফাক অনুৰোধ জনাইছিল ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু