--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত বাধা আঁতৰিল। হেৰুওৱা স্বীকৃতি পুনৰ ঘূৰাই পালে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে। তৃতীয় পক্ষৰ হস্তক্ষেপৰ অভিযোগত ভাৰতীয় ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৰ ওপৰত বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই আৰোপ কৰা নিলম্বন অৱশেষত শুকুৰবাৰে প্ৰত্যাহাৰ কৰে। ফিফাৰ এই সিদ্ধান্তৰ লগে লগে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ প্ৰতিদ্বন্দিতা কৰাৰ পথ মুকলি হ'ল ভাৰতীয় ফুটবল দলৰ। লগতে অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ সন্মুখত আহি পৰা প্ৰতিবন্ধকতাও আঁতৰ হৈ পৰিছে।

ফিফাই আজি এক আনুষ্ঠানিক বিজ্ঞপ্তি যোগে কয় যে ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’- এ তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ৰ ওপৰত আৰোপ কৰা নিলম্বন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। AIFF ৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা প্ৰয়োগৰ বাবে গঠন কৰা প্ৰশাসকৰ সমিতিৰ আদেশ বাতিল তথা ভাৰতীয় ফুটবল প্ৰশাসনে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হাতলৈ আনিছে বুলি নিশ্চিতি পোৱাৰ পিছত ফিফাই এই সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে।

ফিফাই লগতে কয় যে ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেচনে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যক্ৰমণিকাৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখিব আৰু সময়মতে নিৰ্বাচন আয়োজনত ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোক সহযোগ কৰিব। এই সিদ্ধান্তৰ ফলস্বৰূপে ১১ৰ পৰা ৩০ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ ২০২২ পূৰ্ব পৰিকল্পনা অনুসৰি ভাৰততে অনুষ্ঠিত হ'ব বুলি ফিফাই বিবৃতিটোত লগতে উল্লেখ কৰে

উল্লেখ্য যে ফিফাই ১৫ আগষ্টত বিভিন্ন তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF) ক নিলম্বিত কৰিছিল। ফিফাই জাৰী কৰা এক বিজ্ঞপ্তিত তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় প্ৰভাৱ ফিফা আইনৰ এক গুৰুতৰ উলংঘন বুলি উল্লেখ কৰি ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি ঘোষণা কৰিছিল।

এই নিলম্বনৰ লগে লগে ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ, ২০২২ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আহি পৰিছিল। তদুপৰি নিলম্বন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলিও সকীয়াই দিয়া হৈছিল।

ফিফাই বিবৃতিত লগতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা বাতিল কৰা হৈছে আৰু ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ'ব।

অৱশ্যে ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হৈছিল আৰু সোনকালেই ইয়াৰ সমাধানৰ পথ উলিওৱাত মনোনিৱেশ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰশাসক সমিতিৰ আদেশ বাতিল কৰাৰ সিদ্ধান্তৰ পিছত আৰোপিত নিষেধাজ্ঞা উঠাই ল'বলৈ ফিফাক অনুৰোধ জনাইছিল ভাৰতীয় ফুটবলৰ শীৰ্ষ সংস্থাটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement