--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এছিয়া কাপ টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ভিভিএছ লক্ষ্মণক। মঙলবাৰে ভাৰতৰ নিয়ামীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে আজি তাৎক্ষণিকভাৱে বিচিচিআই- এ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) মুৰব্বী ভিভিএছ লক্ষ্মণক দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মনোনীত কৰে। দ্ৰাবিড়ৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত এছিয়া কাপৰ বাবে দ্ৰাবিড় ভাৰতীয় দলত যোগদান কৰিব পাৰিব নে নোৱাৰে, সেয়া সন্দেহৰ মাজত সোমাই পৰিছিল। সেয়েহে দ্ৰাবিড়ৰ স্থানত লক্ষ্মণক দলৰ প্ৰশিক্ষক হিচাপে বাছনি কৰাৰ সিদ্ধান্ত লয় বিচিচিআই- এ। 

কিছু সময় পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত বিচিচিআইয়ে কয়, "ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ ইউএইত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এছিয়া কাপ, ২০২২ৰ বাবে ভাৰতীয় ছিনিয়ৰ দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে থাকিব। জিম্বাবোৱেত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সৈতে ভ্ৰমণ কৰা লক্ষ্মণে ৰাহুল দ্ৰাবিড়ৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ প্ৰস্তুতিৰ তদাৰক কৰিব।"

বিচিচিআইয়ে অৱশ্যে ক’ভিডৰ পৰা মুক্ত হ’লে দ্ৰাবিড়ে পিছলৈ এছিয়া কাপৰ বাবে ভাৰতীয় দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে। বিবৃতিটোত ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে কয় যে পুনৰ ক’ভিড পৰীক্ষাত ৰাহুল দ্ৰাবিড় ক’ভিডমুক্ত প্ৰমাণ হ’লে বিচিচিআইৰ চিকিৎসা দলৰ অনুমতি সাপেক্ষে ভাৰতীয় দলত যোগদান কৰিব। 

ইতিমধ্যে জিম্বাবোৱে ভ্ৰমণ সামৰি লক্ষ্মণে ভাৰতীয় দলৰ সহ-অধিনায়ক কে এল ৰাহুল, দীপক হুডা আৰু আভেশ খানৰ সৈতে ডুবাইত অনুশীলন চলাই থকা ভাৰতীয় দলটোৰ সৈতে চামিল হৈছে বুলি বিচিচিআই- এ লগতে জানিবলৈ দিছে।  আনহাতে কালি পুৱাই এছিয়া কাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটোৰ অধিকাংশ সদস্য ডুবাইত উপস্থিত হৈছিল। ভাৰতে ২৮ আগষ্টত পাকিস্তানৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈ এছিয়া কাপ অভিযান আৰম্ভ কৰিব।

উল্লেখ্য যে ভাৰতীয় দলটো দলৰ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ ভাৰত যশপ্ৰীত বুমৰাহ অবিহনেই এছিয়া কাপত অৱতীৰ্ণ হ’ব। পিঠিৰ আঘাতৰ বাবে তাৰকা পেচাৰগৰাকী দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। বুমৰাহৰ অনুপস্থিতিত ভুৱনেশ্বৰ কুমাৰে ভাৰতৰ বলিং আক্ৰমণৰ নেতৃত্ব দিব। ভুৱনেশ্বৰক সহযোগ কৰিব উদীয়মান পেচাৰদ্বয় অৰ্শদ্বীপ সিং আৰু  আভেশ খানে। 

আনহাতে আন এগৰাকী পেচাৰ হৰ্ষল পেটেলো আঘাতৰ বাবে দলত নাথাকিব। ইফালে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীৰ প্ৰদৰ্শনো আগন্তুক টুৰ্ণামেণ্টখনত লক্ষ্যণীয় বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ