--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এছিয়া কাপ টুৰ্ণামেণ্টৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ভিভিএছ লক্ষ্মণক। মঙলবাৰে ভাৰতৰ নিয়ামীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে আজি তাৎক্ষণিকভাৱে বিচিচিআই- এ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) মুৰব্বী ভিভিএছ লক্ষ্মণক দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে মনোনীত কৰে। দ্ৰাবিড়ৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছত এছিয়া কাপৰ বাবে দ্ৰাবিড় ভাৰতীয় দলত যোগদান কৰিব পাৰিব নে নোৱাৰে, সেয়া সন্দেহৰ মাজত সোমাই পৰিছিল। সেয়েহে দ্ৰাবিড়ৰ স্থানত লক্ষ্মণক দলৰ প্ৰশিক্ষক হিচাপে বাছনি কৰাৰ সিদ্ধান্ত লয় বিচিচিআই- এ। 

কিছু সময় পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত বিচিচিআইয়ে কয়, "ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণ ইউএইত অনুষ্ঠিত হ'বলগীয়া আগন্তুক এছিয়া কাপ, ২০২২ৰ বাবে ভাৰতীয় ছিনিয়ৰ দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে থাকিব। জিম্বাবোৱেত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সৈতে ভ্ৰমণ কৰা লক্ষ্মণে ৰাহুল দ্ৰাবিড়ৰ অনুপস্থিতিত ভাৰতীয় দলটোৰ প্ৰস্তুতিৰ তদাৰক কৰিব।"

বিচিচিআইয়ে অৱশ্যে ক’ভিডৰ পৰা মুক্ত হ’লে দ্ৰাবিড়ে পিছলৈ এছিয়া কাপৰ বাবে ভাৰতীয় দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে। বিবৃতিটোত ভাৰতীয় ক্ৰিকেটৰ শীৰ্ষ সংস্থাটোৱে কয় যে পুনৰ ক’ভিড পৰীক্ষাত ৰাহুল দ্ৰাবিড় ক’ভিডমুক্ত প্ৰমাণ হ’লে বিচিচিআইৰ চিকিৎসা দলৰ অনুমতি সাপেক্ষে ভাৰতীয় দলত যোগদান কৰিব। 

ইতিমধ্যে জিম্বাবোৱে ভ্ৰমণ সামৰি লক্ষ্মণে ভাৰতীয় দলৰ সহ-অধিনায়ক কে এল ৰাহুল, দীপক হুডা আৰু আভেশ খানৰ সৈতে ডুবাইত অনুশীলন চলাই থকা ভাৰতীয় দলটোৰ সৈতে চামিল হৈছে বুলি বিচিচিআই- এ লগতে জানিবলৈ দিছে।  আনহাতে কালি পুৱাই এছিয়া কাপৰ বাবে নিৰ্বাচিত ভাৰতীয় দলটোৰ অধিকাংশ সদস্য ডুবাইত উপস্থিত হৈছিল। ভাৰতে ২৮ আগষ্টত পাকিস্তানৰ বিপক্ষে মেচত অৱতীৰ্ণ হৈ এছিয়া কাপ অভিযান আৰম্ভ কৰিব।

উল্লেখ্য যে ভাৰতীয় দলটো দলৰ বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ ভাৰত যশপ্ৰীত বুমৰাহ অবিহনেই এছিয়া কাপত অৱতীৰ্ণ হ’ব। পিঠিৰ আঘাতৰ বাবে তাৰকা পেচাৰগৰাকী দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল। বুমৰাহৰ অনুপস্থিতিত ভুৱনেশ্বৰ কুমাৰে ভাৰতৰ বলিং আক্ৰমণৰ নেতৃত্ব দিব। ভুৱনেশ্বৰক সহযোগ কৰিব উদীয়মান পেচাৰদ্বয় অৰ্শদ্বীপ সিং আৰু  আভেশ খানে। 

আনহাতে আন এগৰাকী পেচাৰ হৰ্ষল পেটেলো আঘাতৰ বাবে দলত নাথাকিব। ইফালে ফৰ্মহীনতাত ভুগি থকা প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীৰ প্ৰদৰ্শনো আগন্তুক টুৰ্ণামেণ্টখনত লক্ষ্যণীয় বিবেচিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু