--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে আলোচনাত এজন আম্পায়াৰৰ কথা আহি পৰিছে। অতীতৰ পৰিসংখ্যাই কয় যে ভাৰত কেৱল সেই আম্পায়াৰ থাকিলেহে ডাঙৰ প্ৰতিযোগিতাসমূহত পৰাস্ত হয়।

তেওঁৰ নাম ৰিচাৰ্ড কেটলব’ৰ’। ইতিহাসে কয় যে যেতিয়াই কেটলব’ৰ’ আম্পায়াৰ হিচাপে ২২ গজত আছিল, তেতিয়াই টিম ইণ্ডিয়া পৰাস্ত হৈছিল। আৰু সেইবাবেই ৰোহিত আৰু বিৰাটৰ অনুৰাগীয়ে তেওঁক ‘পনৌতি’ বুলি কয়।

২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মুখামুখি হৈছিল। সেই মেচখনত আম্পায়াৰৰ ভিতৰত আছিল কেটলব’ৰ’। ভাৰতে জয়ী হ’ব নোৱাৰিলে। সেইটোৱেই আৰম্ভণি।

অহা বছৰ ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মেচ। সেইবাৰ ভাৰতৰ মুখামুখি হৈছিল অষ্ট্ৰেলিয়া। আম্পায়াৰ আছিল কেটলব’ৰ’। পৰাজয় হ’ল টিম ইণ্ডিয়া।

২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল। কিন্তু টিম ইণ্ডিয়া হাৰিবলগীয়া হ’ল। আম্পায়াৰ আছিল কেটলব’ৰ’।

২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো একেই কথা হৈছিল। আম্পায়াৰ আছিল কেটলব’ৰ’। পাকিস্তানৰ হাতত পৰাস্ত ভাৰত।

ইয়াৰ পিছত ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল খেল। ভাৰত আৰু নিউজিলেণ্ডৰ মুখামুখি হৈছিল। কেটলব’ৰ’ আছিল অন্যতম আম্পায়াৰ। সেইবাৰো পৰাজিত হৈছিল টিম ইণ্ডিয়া।

ইংলেণ্ডৰ কেটলব’ৰ’ই একেৰাহে ৫ বাৰ আম্পায়াৰ হিচাপে কাম কৰিছিল। আৰু ভাৰতে প্ৰতিবাৰেই হাৰিবলগীয়া হৈছিল। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলতো তেওঁ আম্পায়াৰ হিচাপে পৰিগণিত হ’ব। আৰু এইটোৱেই চিন্তিত ভাৰতীয় ক্ৰিকেট প্ৰেমীসকল। অতীতৰ পুনৰাবৃত্তি হ’ব নেকি পুনৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক