--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে আলোচনাত এজন আম্পায়াৰৰ কথা আহি পৰিছে। অতীতৰ পৰিসংখ্যাই কয় যে ভাৰত কেৱল সেই আম্পায়াৰ থাকিলেহে ডাঙৰ প্ৰতিযোগিতাসমূহত পৰাস্ত হয়।

তেওঁৰ নাম ৰিচাৰ্ড কেটলব’ৰ’। ইতিহাসে কয় যে যেতিয়াই কেটলব’ৰ’ আম্পায়াৰ হিচাপে ২২ গজত আছিল, তেতিয়াই টিম ইণ্ডিয়া পৰাস্ত হৈছিল। আৰু সেইবাবেই ৰোহিত আৰু বিৰাটৰ অনুৰাগীয়ে তেওঁক ‘পনৌতি’ বুলি কয়।

২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মুখামুখি হৈছিল। সেই মেচখনত আম্পায়াৰৰ ভিতৰত আছিল কেটলব’ৰ’। ভাৰতে জয়ী হ’ব নোৱাৰিলে। সেইটোৱেই আৰম্ভণি।

অহা বছৰ ২০১৫ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল মেচ। সেইবাৰ ভাৰতৰ মুখামুখি হৈছিল অষ্ট্ৰেলিয়া। আম্পায়াৰ আছিল কেটলব’ৰ’। পৰাজয় হ’ল টিম ইণ্ডিয়া।

২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল। কিন্তু টিম ইণ্ডিয়া হাৰিবলগীয়া হ’ল। আম্পায়াৰ আছিল কেটলব’ৰ’।

২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলতো একেই কথা হৈছিল। আম্পায়াৰ আছিল কেটলব’ৰ’। পাকিস্তানৰ হাতত পৰাস্ত ভাৰত।

ইয়াৰ পিছত ২০১৯ চনৰ বিশ্বকাপৰ ছেমি ফাইনেল খেল। ভাৰত আৰু নিউজিলেণ্ডৰ মুখামুখি হৈছিল। কেটলব’ৰ’ আছিল অন্যতম আম্পায়াৰ। সেইবাৰো পৰাজিত হৈছিল টিম ইণ্ডিয়া।

ইংলেণ্ডৰ কেটলব’ৰ’ই একেৰাহে ৫ বাৰ আম্পায়াৰ হিচাপে কাম কৰিছিল। আৰু ভাৰতে প্ৰতিবাৰেই হাৰিবলগীয়া হৈছিল। দেওবাৰে অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেলতো তেওঁ আম্পায়াৰ হিচাপে পৰিগণিত হ’ব। আৰু এইটোৱেই চিন্তিত ভাৰতীয় ক্ৰিকেট প্ৰেমীসকল। অতীতৰ পুনৰাবৃত্তি হ’ব নেকি পুনৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক