--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰায়ে আকৰ্ষণীয় মন্তব্য কৰে। সোমবাৰেও শুনানিৰ সময়ত তেওঁ এনে এক মন্তব্য কৰে যি মন্তব্য চৰ্চাৰ বিষয় হৈ পৰিব। বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এগৰাকী মহিলাক অনন্য পৰামৰ্শ আগবঢ়ায়। 

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আপুনি ১০ বছৰ ধৰি গোচৰটোৰ বিৰুদ্ধে যুঁজি আছে। সম্ভৱতঃ দহ বছৰৰ পাছতো গোচৰটো চলি থাকিব আৰু এই কাৰ্যত অধিবক্তাসকল সুখী হৈ থাকিব। মহিলাগৰাকীক উপদেশ দি তেওঁ কয় যে আপোনালোকে যিমানেই যুঁজি থাকিব উকীল সিমানেই সুখী হ’ব গতিকে পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ কৰক।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে বিবাহ বিচ্ছেদৰ শুনানি গ্ৰহণ কৰি আছিল। মুখ্য ন্যায়াধীশে মহিলাগৰাকীক সুধিলে, আপোনাৰ অৰ্হতা কি? মহিলাগৰাকীয়ে কয় যে তেওঁ এম.টেক আৰু আমেৰিকাৰ পৰা পি এইচ ডি কৰিছে। ইয়াৰ পাছত বিষয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে সুধিলে যে আপুনি ক’ত কাম কৰে? উত্তৰত মহিলাগৰাকীয়ে ক’লে যে তেওঁ কাম নকৰে। তেতিয়া মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আপুনি ইমান শিক্ষিত, তাৰপাছতো আপোনাৰ চাকৰি নাই। আপুনি নিজৰ বাবে কিছু কাম কৰা উচিত।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত আপোনালোক দুয়োৰে বিবাহ বিচ্ছেদ হোৱাটো ভাল হ’ব। এই গোচৰটো আৰু আগবাঢ়ি গ’লে অপৰাধমূলক অভিযোগ আৰু অন্যান্য বিষয় হ’ব বুলিও তেওঁ কয়। আপোনালোকে হয়তো ইজনে সিজনৰ লগত থাকিব নিবিচাৰিব। যদি আপোনালোকে নিজৰ মাজত আপোচ কৰে তেন্তে আমি এই গোচৰটো বন্ধ কৰিব পাৰো। আপোনালোকৰ বাবে বিবাহ বিচ্ছেদেই শ্ৰেয় হ’ব বুলি ধাৰণা কৰিছো। তেওঁ লগতে কয় যে যদি আপোনালোক অশিক্ষিত মানুহ হ’লহেঁতেন তেন্তে কথাটো বেলেগ হ’লহেঁতেন৷ কিন্তু আপোনালোকৰ ইমান যোগ্যতা আছে গতিকে নিজৰ নিজৰ ৰাস্তাত আগবাঢ়ি যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ