--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰায়ে আকৰ্ষণীয় মন্তব্য কৰে। সোমবাৰেও শুনানিৰ সময়ত তেওঁ এনে এক মন্তব্য কৰে যি মন্তব্য চৰ্চাৰ বিষয় হৈ পৰিব। বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এগৰাকী মহিলাক অনন্য পৰামৰ্শ আগবঢ়ায়। 

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আপুনি ১০ বছৰ ধৰি গোচৰটোৰ বিৰুদ্ধে যুঁজি আছে। সম্ভৱতঃ দহ বছৰৰ পাছতো গোচৰটো চলি থাকিব আৰু এই কাৰ্যত অধিবক্তাসকল সুখী হৈ থাকিব। মহিলাগৰাকীক উপদেশ দি তেওঁ কয় যে আপোনালোকে যিমানেই যুঁজি থাকিব উকীল সিমানেই সুখী হ’ব গতিকে পাৰস্পৰিক সন্মতিত বিবাহ বিচ্ছেদ কৰক।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে বিবাহ বিচ্ছেদৰ শুনানি গ্ৰহণ কৰি আছিল। মুখ্য ন্যায়াধীশে মহিলাগৰাকীক সুধিলে, আপোনাৰ অৰ্হতা কি? মহিলাগৰাকীয়ে কয় যে তেওঁ এম.টেক আৰু আমেৰিকাৰ পৰা পি এইচ ডি কৰিছে। ইয়াৰ পাছত বিষয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে সুধিলে যে আপুনি ক’ত কাম কৰে? উত্তৰত মহিলাগৰাকীয়ে ক’লে যে তেওঁ কাম নকৰে। তেতিয়া মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আপুনি ইমান শিক্ষিত, তাৰপাছতো আপোনাৰ চাকৰি নাই। আপুনি নিজৰ বাবে কিছু কাম কৰা উচিত।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত আপোনালোক দুয়োৰে বিবাহ বিচ্ছেদ হোৱাটো ভাল হ’ব। এই গোচৰটো আৰু আগবাঢ়ি গ’লে অপৰাধমূলক অভিযোগ আৰু অন্যান্য বিষয় হ’ব বুলিও তেওঁ কয়। আপোনালোকে হয়তো ইজনে সিজনৰ লগত থাকিব নিবিচাৰিব। যদি আপোনালোকে নিজৰ মাজত আপোচ কৰে তেন্তে আমি এই গোচৰটো বন্ধ কৰিব পাৰো। আপোনালোকৰ বাবে বিবাহ বিচ্ছেদেই শ্ৰেয় হ’ব বুলি ধাৰণা কৰিছো। তেওঁ লগতে কয় যে যদি আপোনালোক অশিক্ষিত মানুহ হ’লহেঁতেন তেন্তে কথাটো বেলেগ হ’লহেঁতেন৷ কিন্তু আপোনালোকৰ ইমান যোগ্যতা আছে গতিকে নিজৰ নিজৰ ৰাস্তাত আগবাঢ়ি যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু