--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰেনাৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰা মেয়ৰ শাৰদা সোলংকি এতিয়া পৰিল বিপদত । শাৰদা সোলংকিয়ে নিৰ্বাচন আয়োগক দশম শ্ৰেণীৰ ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ এতিয়া সত্য বুলিও প্ৰমাণিত হৈছে। ইয়াৰ বাবে জেএমএফচি আদালতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ জাৰি কৰিছে।


মৰেনাৰ মেয়ৰ নির্বাচনৰ বাবে বিজেপিয়ে মীনা জাটাৱক প্রার্থী হিচাপে নিৰ্বাচন কৰিছিল আৰু কংগ্রেছৰ পৰা শাৰদা সোলংকি ৰণত নামিছিল৷ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল শাৰদা সোলংকি। ইয়াৰ পিছতে শাৰদা সোলংকিৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে বিজেপি প্ৰাৰ্থী মীনা জাটাৱে। শাৰদা সোলংকিৰ মাৰ্কশ্বীট আৰু জাতি প্ৰমাণ পত্ৰ ভুৱা বুলি আৱেদন দাখিল কৰে মীনা জাটাৱে।

এই গোচৰত আবেদনকাৰীয়ে আদালতত প্ৰমাণ কৰিলে যে তেওঁৰ দশম মাৰ্কশ্বীট ভুৱা। অধিবক্তা কিশোৰী লাল গুপ্তাই জনোৱা মতে, উত্তৰ প্ৰদেশ শিক্ষা ব’ৰ্ডত শাৰদা সোলংকিয়ে দিয়া ৰোল নম্বৰটো, নৰোত্তম নামৰ এজন ছাত্ৰৰ, যিজনে সকলো বিষয়তে ফেইল কৰিছিল। তেওঁ কয় যে আদালতে মেয়ৰৰ বিৰুদ্ধে চিভিল লাইন থানাত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে।

বিজেপি প্ৰাৰ্থী মীনা জাটাৱৰ হৈ আদালতত বহু প্ৰমাণ দাখিল কৰা হয়। তেওঁ আদালতত কয় যে মেয়ৰ শাৰদা সোলংকিয়ে ১৯৮৬ চনত পিনাহাটৰ সৰ্বোদয় বিদ্যা মন্দিৰ স্কুলৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা বুলি কৈছিল। মাৰ্ক শ্বীটত তেওঁৰ ৰোল নম্বৰ ১০০০৯২৫ লিপিবদ্ধ কৰা হৈছে।

সৰ্বোদয় বিদ্যা মন্দিৰৰ পৰা তথ্য আহৰণ কৰাৰ সময়ত বিদ্যালয়খনে জনাইছিল যে ১৯৮৬ চনত তেওঁলোকৰ বিদ্যালয়ত শাৰদাৰ পিতা বাসুদেৱ নামৰ কোনো শিক্ষাৰ্থী পঢ়া নাছিল। ইয়াৰ বাহিৰেও এলাহাবাদ মাধ্যমিক ব’ৰ্ডত সেই ৰোল নম্বৰত নৰোত্তম পিতা ভঞ্জিত নামৰ এজন ছাত্ৰৰ ৰোল নম্বৰ তালিকাত প্ৰকাশ পাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ