--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৰেনাৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰা মেয়ৰ শাৰদা সোলংকি এতিয়া পৰিল বিপদত । শাৰদা সোলংকিয়ে নিৰ্বাচন আয়োগক দশম শ্ৰেণীৰ ভুৱা তথ্য দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ এতিয়া সত্য বুলিও প্ৰমাণিত হৈছে। ইয়াৰ বাবে জেএমএফচি আদালতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ জাৰি কৰিছে।


মৰেনাৰ মেয়ৰ নির্বাচনৰ বাবে বিজেপিয়ে মীনা জাটাৱক প্রার্থী হিচাপে নিৰ্বাচন কৰিছিল আৰু কংগ্রেছৰ পৰা শাৰদা সোলংকি ৰণত নামিছিল৷ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হৈছিল শাৰদা সোলংকি। ইয়াৰ পিছতে শাৰদা সোলংকিৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে বিজেপি প্ৰাৰ্থী মীনা জাটাৱে। শাৰদা সোলংকিৰ মাৰ্কশ্বীট আৰু জাতি প্ৰমাণ পত্ৰ ভুৱা বুলি আৱেদন দাখিল কৰে মীনা জাটাৱে।

এই গোচৰত আবেদনকাৰীয়ে আদালতত প্ৰমাণ কৰিলে যে তেওঁৰ দশম মাৰ্কশ্বীট ভুৱা। অধিবক্তা কিশোৰী লাল গুপ্তাই জনোৱা মতে, উত্তৰ প্ৰদেশ শিক্ষা ব’ৰ্ডত শাৰদা সোলংকিয়ে দিয়া ৰোল নম্বৰটো, নৰোত্তম নামৰ এজন ছাত্ৰৰ, যিজনে সকলো বিষয়তে ফেইল কৰিছিল। তেওঁ কয় যে আদালতে মেয়ৰৰ বিৰুদ্ধে চিভিল লাইন থানাত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে।

বিজেপি প্ৰাৰ্থী মীনা জাটাৱৰ হৈ আদালতত বহু প্ৰমাণ দাখিল কৰা হয়। তেওঁ আদালতত কয় যে মেয়ৰ শাৰদা সোলংকিয়ে ১৯৮৬ চনত পিনাহাটৰ সৰ্বোদয় বিদ্যা মন্দিৰ স্কুলৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা বুলি কৈছিল। মাৰ্ক শ্বীটত তেওঁৰ ৰোল নম্বৰ ১০০০৯২৫ লিপিবদ্ধ কৰা হৈছে।

সৰ্বোদয় বিদ্যা মন্দিৰৰ পৰা তথ্য আহৰণ কৰাৰ সময়ত বিদ্যালয়খনে জনাইছিল যে ১৯৮৬ চনত তেওঁলোকৰ বিদ্যালয়ত শাৰদাৰ পিতা বাসুদেৱ নামৰ কোনো শিক্ষাৰ্থী পঢ়া নাছিল। ইয়াৰ বাহিৰেও এলাহাবাদ মাধ্যমিক ব’ৰ্ডত সেই ৰোল নম্বৰত নৰোত্তম পিতা ভঞ্জিত নামৰ এজন ছাত্ৰৰ ৰোল নম্বৰ তালিকাত প্ৰকাশ পাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু