--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংগীতে মানুহৰ মন জুৰায়। শাত পেলায় হৃদয়। কিন্তু বিশ্বত এনে কিছুমান পৈশাচিক মনোবৃত্তিৰ লোক আছে যিসকলে সংগীতৰ ঝংকাৰ শুনিলেই খঙত একো নাই হৈ পৰে। হিতাহিত জ্ঞান হেৰুৱাই পেলায় তেওঁলোকে সংগীতৰ সুৰ শুনিলে। সংগীতৰ সৈতে জড়িত লোকৰ কণ্ঠৰোধৰ বাবে তেওঁলোকে অনায়াসে কৰি পেলাব পাৰে হত্যা। তেনে নৃশংস ঘটনাই সংঘটিত হৈছে। বিবাহ অনুষ্ঠানত বাজি থকা সংগীত বন্ধ কৰাবৰ কাৰণে এইবাৰ হত্যা কৰা হ’ল ১৩জনকৈ লোকক। এই ঘটনা সংঘটিত হৈছে আফগানিস্তানত।


আফগানিস্তানত তালিবানী শাসনৰ দ্বিতীয় পৰ্ব আৰম্ভ হৈছে। প্ৰৱল নৈৰাজ্য, অনিশ্চয়তা, ক্ষুধা-দৰিদ্ৰতা আৰু নিষ্ঠুৰতাৰে চলিছে তালিবানৰ দ্বিতীয় পৰ্বৰ শাসনো। দেশখনৰ শাসনভাৰ দখলৰ পাছত তালিবানৰ নেতৃত্বই দাবী কৰিছিল যে এইবাৰ তেওঁলোকৰ শাসন হ’ব সহানুভূতিপূৰ্ণ আৰু উদাৰ। বিশ্বৰ আগত তেনে এটা ভাৱমূৰ্তি গঢ়াৰো চেষ্টা কৰিছিল তেওঁলোকে। কিন্তু সেয়া মুঠেও নহ’ল, বৰং নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ নিত্য-নতুন নজিৰ সৃষ্টি কৰিবলৈ ধৰিলে তালিবানে। সংবাদিক নিগ্ৰহ, খেলুৱৈক হত্যা, মহিলাৰ অধিকাৰ হৰণকে আদি কৰি কি কি যে কৰা নাই তালিবানে! এইবাৰ নিষ্ঠুৰতাৰ শিখৰ স্পৰ্শ কৰি তালিবানে বিবাহ অনুষ্ঠান এটাত হত্যা কৰিলে ১৩জনকৈ লোকক। বিবাহ অনুষ্ঠানটোত বাজি থকা সংগীত বন্ধ কৰাৰ বাবে এই ভয়ংকৰ কাৰ্য সংঘটিত কৰিলে তালিবানে।

আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহে এই নিষ্ঠুৰতাৰ কথা পোহৰলৈ আনিছে। টুইটাৰত এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ লিখিছে, তালিবানী সন্ত্ৰাসবাদীয়ে এটা বিবাহ অনুষ্ঠানত বাজি থকা সংগীত বন্ধ কৰাবৰ বাবেই ১৩জন লোকক নিষ্ঠুৰভাৱে হত্যা কৰিলে। নানগাৰহৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ গৰিহনা দিয়েই আমি আমাৰ ক্ষোভ-খং প্ৰশমিত কৰিব নোৱাৰোঁ। বিগত ২৫ বছৰে এইসকল সন্ত্ৰাসবাদীক পাকিস্তানে প্ৰশিক্ষণ দিছিল আৰু তেওঁলোকক আফগানিস্তানৰ সংস্কৃতিক ধ্বংস কৰি আইএছআইৰ নীতিমতে দেশখনত শাসন চলোৱাৰ কৌশল গ্ৰহণ কৰিছিল। তেওঁলোকৰ এই কৌশল সফল নহ’ব যদিও আফগানিস্তানে প্ৰতি মুহূৰ্ততে ইয়াৰ মূল্য পৰিশোধ কৰি থাকিবলগীয়া হৈছে। এই ভয়ংকৰ ঘটনাৰ বাবে তেওঁ পাকিস্তানকে পোনপটীয়াকৈ জগৰীয়া কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ