--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংগীতে মানুহৰ মন জুৰায়। শাত পেলায় হৃদয়। কিন্তু বিশ্বত এনে কিছুমান পৈশাচিক মনোবৃত্তিৰ লোক আছে যিসকলে সংগীতৰ ঝংকাৰ শুনিলেই খঙত একো নাই হৈ পৰে। হিতাহিত জ্ঞান হেৰুৱাই পেলায় তেওঁলোকে সংগীতৰ সুৰ শুনিলে। সংগীতৰ সৈতে জড়িত লোকৰ কণ্ঠৰোধৰ বাবে তেওঁলোকে অনায়াসে কৰি পেলাব পাৰে হত্যা। তেনে নৃশংস ঘটনাই সংঘটিত হৈছে। বিবাহ অনুষ্ঠানত বাজি থকা সংগীত বন্ধ কৰাবৰ কাৰণে এইবাৰ হত্যা কৰা হ’ল ১৩জনকৈ লোকক। এই ঘটনা সংঘটিত হৈছে আফগানিস্তানত।


আফগানিস্তানত তালিবানী শাসনৰ দ্বিতীয় পৰ্ব আৰম্ভ হৈছে। প্ৰৱল নৈৰাজ্য, অনিশ্চয়তা, ক্ষুধা-দৰিদ্ৰতা আৰু নিষ্ঠুৰতাৰে চলিছে তালিবানৰ দ্বিতীয় পৰ্বৰ শাসনো। দেশখনৰ শাসনভাৰ দখলৰ পাছত তালিবানৰ নেতৃত্বই দাবী কৰিছিল যে এইবাৰ তেওঁলোকৰ শাসন হ’ব সহানুভূতিপূৰ্ণ আৰু উদাৰ। বিশ্বৰ আগত তেনে এটা ভাৱমূৰ্তি গঢ়াৰো চেষ্টা কৰিছিল তেওঁলোকে। কিন্তু সেয়া মুঠেও নহ’ল, বৰং নিষ্ঠুৰতা আৰু বৰ্বৰতাৰ নিত্য-নতুন নজিৰ সৃষ্টি কৰিবলৈ ধৰিলে তালিবানে। সংবাদিক নিগ্ৰহ, খেলুৱৈক হত্যা, মহিলাৰ অধিকাৰ হৰণকে আদি কৰি কি কি যে কৰা নাই তালিবানে! এইবাৰ নিষ্ঠুৰতাৰ শিখৰ স্পৰ্শ কৰি তালিবানে বিবাহ অনুষ্ঠান এটাত হত্যা কৰিলে ১৩জনকৈ লোকক। বিবাহ অনুষ্ঠানটোত বাজি থকা সংগীত বন্ধ কৰাৰ বাবে এই ভয়ংকৰ কাৰ্য সংঘটিত কৰিলে তালিবানে।

আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহে এই নিষ্ঠুৰতাৰ কথা পোহৰলৈ আনিছে। টুইটাৰত এই ঘটনাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ লিখিছে, তালিবানী সন্ত্ৰাসবাদীয়ে এটা বিবাহ অনুষ্ঠানত বাজি থকা সংগীত বন্ধ কৰাবৰ বাবেই ১৩জন লোকক নিষ্ঠুৰভাৱে হত্যা কৰিলে। নানগাৰহৰ প্ৰদেশত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ গৰিহনা দিয়েই আমি আমাৰ ক্ষোভ-খং প্ৰশমিত কৰিব নোৱাৰোঁ। বিগত ২৫ বছৰে এইসকল সন্ত্ৰাসবাদীক পাকিস্তানে প্ৰশিক্ষণ দিছিল আৰু তেওঁলোকক আফগানিস্তানৰ সংস্কৃতিক ধ্বংস কৰি আইএছআইৰ নীতিমতে দেশখনত শাসন চলোৱাৰ কৌশল গ্ৰহণ কৰিছিল। তেওঁলোকৰ এই কৌশল সফল নহ’ব যদিও আফগানিস্তানে প্ৰতি মুহূৰ্ততে ইয়াৰ মূল্য পৰিশোধ কৰি থাকিবলগীয়া হৈছে। এই ভয়ংকৰ ঘটনাৰ বাবে তেওঁ পাকিস্তানকে পোনপটীয়াকৈ জগৰীয়া কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু