--°C
Loading...
Listen to Article
2 min read
80%

হাঁহিৰে আপুনি জগত জিনিব পাৰে৷ টকাৰে কৰিব নোৱাৰা কামো হাঁহিয়ে সমাধা কৰি দিব পাৰে৷ মুঠৰ ওপৰত আপুনি যদি হাজাৰ দুখ-কষ্টৰ মাজতো মুখত এমোকোৰা হাঁহি কঢ়িয়াই লৈ ফুৰিব পাৰিছে তেনেহলে আপুনি জীৱন যুদ্ধৰ এজন যুঁজাৰু সেনানি৷ কথাখিনি এষাৰি বাক্যৰে আৰম্ভ কৰিলে যথেষ্ট হ’ব৷ ''I have many problems in my life. But my lips don't know that- They always smile." উক্ত বাক্যশাৰী বিশ্ববিখ্যাত কমেডি কিং চাৰ্লি চেপলিনৰ৷ যেন মানুহজনে কেৱল মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁৰ জীৱনটো উছৰ্গিত কৰিলে৷ পিন্ধনত এটা ক’লা টেইলকোট, বগা ছাৰ্ট, হাতী সোমাব পৰা বহল এটা ক’লা লং পেণ্ট, এযোৰ ক’লা জোতাৰ সৈতে বিখ্যাত বলাৰ হেট গৰাকী জনক চিনি নাপায় কোনে৷ হাস্যৰসৰ এটা যুগ সৃষ্টিকাৰী কমেডি সম্ৰাটজনে ১৮ শতিকাৰ পৰাই ধাৰাবাহিকভাবে বিশ্ব জনগণক তেখেতৰ অভিনয় শৈলীৰ দ্বাৰা আমোদ যোগাই আহিছে৷

মেকআপ বিহীন চাৰ্লি চেপলিন

আনক হঁহুৱাই ভাল পোৱা মানুহজনৰ জীৱনটো কিন্তু বহুতো ঘাত-প্ৰতিঘাটৰে ভৰা, গতিকে আজি আমাৰ ‘অনুপ্ৰেৰণাৰ’ৰ শিতানত হাঁহিৰে জগতখন জিনিব বিচৰা সেই মহান শিল্পীগৰাকীক অন্তৰ্ভুক্ত কৰিছো, যাৰ দ্বাৰা আপুনি মই অলপ হলেও অনুপ্ৰাণিত হ’ব পাৰো৷ চাৰ্লি চেপলিনৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৬ এপ্ৰিলত৷ দেখাত সাইলাখ হিটলাৰৰ চেহেৰাৰ দৰে চেপলিনৰ জন্ম হৈছিল এডল্ফ হিটলাৰৰ জন্মৰ মাত্ৰ চাৰি দিনৰ আগত। তেওঁৰ দেউতাক চাৰ্লচ স্পেন্সাৰ চেপলিন আৰু মাতৃ হেনা চেপলিন একাধাৰে আছিল সংগীত শিল্পী আৰু মাতৃ এগৰাকী নৃত্যশিল্পী হোৱাৰ উপৰিও সু-গায়িকা আছিল৷ শৈশৱৰ পৰাই চাৰ্লিয়ে সাংঘাটিক প্ৰত্যাহ্বানেৰে জীৱনটো অতিবাহিত কৰিছে৷ এবাৰ চাৰ্লিৰ মাতৃ হেনা চেপলিনে পুত্ৰক লৈ এটা সংগীত অনুষ্ঠান কৰিবলৈ গৈছিল৷ সংগীত পৰিবেশন কৰি থকাৰ সময়তে হঠাৎ হেনা চেপলিনৰ কণ্ঠ বন্ধ হৈ পৰিছিল, পিছ মুহুৰ্ততে দৰ্শকে চিঞৰ-বাখৰ কৰাৰ লগতে তেওলৈ লক্ষ্য কৰি জোতা- চেণ্ডেল দলিয়াবলৈ ল'লে৷ সমগ্ৰ ঘটনাটো মাত্ৰ ৫ বছৰীয়া চাৰ্লিয়ে স্ব-চক্ষে দেখিছিল আৰু মাকক বচাবলৈ তেওঁ একেকোবে গৈ মঞ্চৰ ওপৰ পালেগৈ৷ উত্তেজিত দৰ্শকক উদ্দেশ্যি, চাৰ্লিয়ে মাতৃৰ কণ্ঠ সুবহু নকল কৰি পৰিবেশন কৰিলে আধৰুৱা সংগীতটি, দৰ্শকে এই প্ৰদৰ্শনত ইমানেই আমোদ পালে যে হাত-চাপৰি, প্ৰশংসাৰে তেওঁক উপচাই পেলালে৷

কিছুদিনৰ পাছত চাৰ্লিৰ পিতৃ-মাতৃৰ বিবাহ বিচ্চেদ হৈছিল আৰু দেউতাকে তেওঁলোকক এৰি থৈ গুছি গৈছিল৷ সেইসময়ত অসহায় মাতৃয়ে দুই পুত্ৰক লৈ অনাথ আশ্ৰমত থাকিব লগা হৈছিল৷ সেইসময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা ইমানেই বেছি বেয়া হৈ পৰিছিল মাতৃ হেনা চেপলিনে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল৷ সেই সময়ত চাৰ্লিৰ ভাতৃ ভোকৰ তাড়নাত যেতিয়া কান্দি থাকে, তাৰ দুখ সহ্য কৰিব নোৱাৰি ভোক নিবাৰণৰ বাবে চাৰ্লিয়ে ৭বছৰ বয়সৰ পৰাই কাৰখানাত কাম কৰিব লগা হৈছিল৷ মাকক অনাথ আশ্ৰমতে থৈ চেপলিনক দেউতাকে পুনৰ ঘৰলৈ লৈ আহিছিল৷ কিছুদিনৰ পাছত ঘৰখনত মাকৰ অভাৱ পূৰণ কৰিবলৈ দেউতাকে পুনৰ বিবাহ কৰিবলৈ সিদ্ধান্ত ল’লে আৰু মাকে চেপলিনক এনেকুৱাই মানসিক অত্যাচাৰ কৰিবলৈ ল’লে যে মাত্ৰ ৮ বছৰ বয়সতে চাৰ্লি চেপলিনৰ মনত আত্মহত্যা কৰাৰ প্ৰবণতা গঢ় লৈছিল৷

সৰুৰে পৰা অভিনেতা হোৱাৰ মন পুহি ৰখা চাৰ্লিৰ পঢ়াৰ প্ৰতিও লাহে-লাহে ধাউতি কমি আহিছিল৷ লাহে-লাহে চেপলিনে লণ্ডনৰ কেইটামান থিয়েটাৰ গোষ্ঠীৰ লগত জড়িত হৈছিল৷ এবাৰ তেওঁ মঞ্চত এখন নাটকৰ এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল আৰু সেইদিনাই আহি পৰিছিল বিশেষ দিনটো, যাৰ কাৰণে চেপলিন আজি জগত বিখ্যাত৷ চাৰ্লিয়ে সেই নাটকখন অভিনয় কৰি থাকোতে হলীউডৰ বিখ্যাত ছবি পৰিচালক হেমেলটনে প্ৰত্যক্ষ কৰিছিল আৰু তেওঁৰ অভিনয় ইমানেই ভাল পালে যাৰফলত চেপলিনক পৰিচালকজনৰ পৰৱৰ্তী নাটকখনৰ বাবে চুক্তিবদ্ধ কৰিলে৷

প্ৰথম বিশ্ব যুদ্ধৰ ফলত সমগ্ৰ বিশ্বখনৰে ৰাজহাড় ডাল ভাঙি যোৱাৰ উপক্ৰম হৈছিল আৰু তেতিয়াই গঢ়ি উঠিছিল স্বৈৰচাৰীতন্ত্ৰ। তাৰ পৰা পৰিত্ৰাণ পাবলৈ চেপলিনে কৌতুকৰ আশ্ৰয় লৈছিল আৰু কৌতুক অভিনয়ৰ দ্বাৰা স্বৈৰাচাৰী শাসন শেষ কৰাৰ অভিযানত তেওঁ অকলেই নামি পৰিছিল৷ অস্কাৰ বঁটাৰে সন্মানিত হোৱা এই মহান শিল্পীগৰাকীয়ে সমগ্ৰ জীৱনকালত ১০০ ৰো অধিক ছবিত অভিনয় কৰিছে৷ কিংবদন্তী বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও চাৰ্লি চেপলিনক লগ পাইছিল। আইনষ্টাইনে চাৰ্লিৰ অনুৰাগী হ’বৰ বাবে তেওঁৰ পৰা অনুমতি বিচাৰিছিল আৰু কৈছিল যিজন মানুহে একো কথা নোকোৱাকৈ মানুহক হঁহুৱাব পাৰে তেওঁ কিমান মহান হ’ব পাৰে৷ চাৰ্লিৰ এই হাঁহি থকা মুখখনৰ আঁৰত লুকাই থকা জীৱন সংগ্ৰামৰ কথা হয়তো খুব কম মানুহে জানে, সেইবাবে তেওঁ অনন্য৷

-মুছফিক হুছেইন

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে