--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ অধিকাৰ উলংঘনৰ ভয়ংকৰ ঘটনাই জোকাৰিছে বিশ্বক। পুনৰ ভংয়কৰ অভিযোগ ৰঙা চীনৰ বিৰুদ্ধে। দেশখনৰ ধৰ্মীয় সংখ্যালঘু উইঘুৰ মুছলমানসকলৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ নজিৰ সৃষ্টি কৰা চীনে এইবাৰ আৰু এখোপ ওপৰলৈ গৈছে। এইবাৰ মানৱ অংগৰ ক’লা বেহাত নামিছে চীন। চীনে বন্দী কৰি ৰখা লাখ লাখ উইঘুৰ লোকৰ অংগ বলপূৰ্বকভাৱে উলিয়াই বিক্ৰী কৰিছে ক’লা বজাৰত। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ক’লা বজাৰত মানৱ অংগ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে চীনে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ ‘হেৰাৰ্ল্ড ছান’ নামৰ সংবাদ পত্ৰত এই বিস্ফোৰক বাতৰি প্ৰকাশ পাইছে। সংবাদ পত্ৰখনত এই বাতৰি প্ৰকাশৰ পাছতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে। এই অভিযোগ সঁচা প্ৰমাণিত হ’লে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ৰোষৰ বলি হ’ব পাৰে ৰঙা চীন। সংবাদ পত্ৰখনে দাবী কৰিছে যে, উইঘুৰৰ এটা সুস্থ লিভাৰ চীনে ক’লা বজাৰত বিক্ৰী কৰিছে ১,৬০০০০মাৰ্কিন ডলাৰত। এই নিষিদ্ধ বেহাৰ পৰা চীনৰ বাৰ্ষিক আয় হৈছে ১বিলিয়ন মাৰ্কিন ডলাৰ।


উল্লেখ্য য়ে, চীনৰ সংখ্যালঘু মুছলমান কিমান শোষিত,নিস্পেষিত তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। চীনত নাই হতভগীয়া সংখ্যালঘুৰ কোনো অধিকাৰ। পদে পদে ৰাষ্ট্রযন্ত্ৰই হনন কৰে সংখ্যালঘুৰ মানৱ অধিকাৰ। সংখ্যালঘুৰ মানৱ অধিকাৰ হনন কৰায়ে নহয় এইবাৰ চীনে সংখ্যালঘু মুছলমানক বন্দী কৰি তেওঁলোকৰ অংগৰ ব্যৱসায় কৰা আৰম্ভ কৰিছে। উইঘুৰ মুছলমান বন্দীৰ লিভাৰ বিক্ৰী কৰে চীনা ৰাষ্ট্রযন্ত্ৰই ভাৰতীয় টকাৰ হিচাপত ১ কোটিৰো অধিক দামত বিক্ৰী কৰাৰ বিপৰীতে কিডনী বিক্ৰী হয় ইয়াতকৈ কম দামত।


উল্লেখ্য যে ছিনজিয়াং প্ৰদেশৰ বাসিন্দা উইঘুৰ মুছলমান সম্প্ৰদায়ৰ ২০ লাখ লোকক চীনে বন্দী কৰি ৰাখিছে। উইঘুৰ মুছলমানৰ ৰাজনৈতিক অধিকাৰৰ দাবী কৰাৰ বাবে। চীনে বন্দী কৰি ৰাখিছে হাজাৰ হাজাৰ সংখ্যালঘুক। এই বন্দীৰ অংগ বলপূৰ্বকভাৱে সংগ্ৰহ কৰি বিক্ৰী কৰে চীনে। চীনৰ কমিউনিষ্ট পাৰ্টিৰ চৰকাৰে বেআইনীভাৱে বছৰে অতি কমেও ৭ হাজাৰ কোটি টকাৰ অংগৰ ব্যৱসায় কৰে। চীনৰ বিভিন্ন বন্দী শিৱিৰত ২০ লাখ তুর্কিভাষী উইঘুৰ মুছলমানক বন্দী কৰি ৰাখিছে চীনে। বন্দী মহিলাক ধৰ্ষণ আৰু পুৰুষক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ অভিযোগ চীনৰ বিৰুদ্ধে।

উল্লেখ্য যে ৪০ ৰ দশকত পূব তুৰ্কিস্তান দখল কৰি ছিনজায়াং প্ৰদেশ নামাকৰণ কৰে চীনে। তাৰ পাছত তাৰ বাসিন্দা উইঘুৰ মুছলমানৰ ওপৰত দখলদাৰী চীনে কৰি আহিছে অকথ্য নিৰ্যাতন আৰু অত্যাচাৰ। চীনৰ বিৰুদ্ধে উঠা এই গুৰুতৰ অভিযোগক আন্তঃৰাষ্ট্ৰীয় মহলে এতিয়া কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু