--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ অধিকাৰ উলংঘনৰ ভয়ংকৰ ঘটনাই জোকাৰিছে বিশ্বক। পুনৰ ভংয়কৰ অভিযোগ ৰঙা চীনৰ বিৰুদ্ধে। দেশখনৰ ধৰ্মীয় সংখ্যালঘু উইঘুৰ মুছলমানসকলৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ নজিৰ সৃষ্টি কৰা চীনে এইবাৰ আৰু এখোপ ওপৰলৈ গৈছে। এইবাৰ মানৱ অংগৰ ক’লা বেহাত নামিছে চীন। চীনে বন্দী কৰি ৰখা লাখ লাখ উইঘুৰ লোকৰ অংগ বলপূৰ্বকভাৱে উলিয়াই বিক্ৰী কৰিছে ক’লা বজাৰত। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি ক’লা বজাৰত মানৱ অংগ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে চীনে। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ ‘হেৰাৰ্ল্ড ছান’ নামৰ সংবাদ পত্ৰত এই বিস্ফোৰক বাতৰি প্ৰকাশ পাইছে। সংবাদ পত্ৰখনত এই বাতৰি প্ৰকাশৰ পাছতে বিশ্বজুৰি আলোড়নৰ সৃষ্টি হৈছে। এই অভিযোগ সঁচা প্ৰমাণিত হ’লে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ৰোষৰ বলি হ’ব পাৰে ৰঙা চীন। সংবাদ পত্ৰখনে দাবী কৰিছে যে, উইঘুৰৰ এটা সুস্থ লিভাৰ চীনে ক’লা বজাৰত বিক্ৰী কৰিছে ১,৬০০০০মাৰ্কিন ডলাৰত। এই নিষিদ্ধ বেহাৰ পৰা চীনৰ বাৰ্ষিক আয় হৈছে ১বিলিয়ন মাৰ্কিন ডলাৰ।


উল্লেখ্য য়ে, চীনৰ সংখ্যালঘু মুছলমান কিমান শোষিত,নিস্পেষিত তাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। চীনত নাই হতভগীয়া সংখ্যালঘুৰ কোনো অধিকাৰ। পদে পদে ৰাষ্ট্রযন্ত্ৰই হনন কৰে সংখ্যালঘুৰ মানৱ অধিকাৰ। সংখ্যালঘুৰ মানৱ অধিকাৰ হনন কৰায়ে নহয় এইবাৰ চীনে সংখ্যালঘু মুছলমানক বন্দী কৰি তেওঁলোকৰ অংগৰ ব্যৱসায় কৰা আৰম্ভ কৰিছে। উইঘুৰ মুছলমান বন্দীৰ লিভাৰ বিক্ৰী কৰে চীনা ৰাষ্ট্রযন্ত্ৰই ভাৰতীয় টকাৰ হিচাপত ১ কোটিৰো অধিক দামত বিক্ৰী কৰাৰ বিপৰীতে কিডনী বিক্ৰী হয় ইয়াতকৈ কম দামত।


উল্লেখ্য যে ছিনজিয়াং প্ৰদেশৰ বাসিন্দা উইঘুৰ মুছলমান সম্প্ৰদায়ৰ ২০ লাখ লোকক চীনে বন্দী কৰি ৰাখিছে। উইঘুৰ মুছলমানৰ ৰাজনৈতিক অধিকাৰৰ দাবী কৰাৰ বাবে। চীনে বন্দী কৰি ৰাখিছে হাজাৰ হাজাৰ সংখ্যালঘুক। এই বন্দীৰ অংগ বলপূৰ্বকভাৱে সংগ্ৰহ কৰি বিক্ৰী কৰে চীনে। চীনৰ কমিউনিষ্ট পাৰ্টিৰ চৰকাৰে বেআইনীভাৱে বছৰে অতি কমেও ৭ হাজাৰ কোটি টকাৰ অংগৰ ব্যৱসায় কৰে। চীনৰ বিভিন্ন বন্দী শিৱিৰত ২০ লাখ তুর্কিভাষী উইঘুৰ মুছলমানক বন্দী কৰি ৰাখিছে চীনে। বন্দী মহিলাক ধৰ্ষণ আৰু পুৰুষক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ অভিযোগ চীনৰ বিৰুদ্ধে।

উল্লেখ্য যে ৪০ ৰ দশকত পূব তুৰ্কিস্তান দখল কৰি ছিনজায়াং প্ৰদেশ নামাকৰণ কৰে চীনে। তাৰ পাছত তাৰ বাসিন্দা উইঘুৰ মুছলমানৰ ওপৰত দখলদাৰী চীনে কৰি আহিছে অকথ্য নিৰ্যাতন আৰু অত্যাচাৰ। চীনৰ বিৰুদ্ধে উঠা এই গুৰুতৰ অভিযোগক আন্তঃৰাষ্ট্ৰীয় মহলে এতিয়া কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ