--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংগীত জগতৰ এক উজ্জ্বল  নক্ষত্ৰ হাৰ্ডি সন্ধু।সুললিত কণ্ঠৰ জৰিয়তে তেওঁ বহু খ্যাতি আৰু যশস্যা অৰ্জন কৰিছে।শেহতীয়াকৈ হাৰ্ডি-এ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেনেকৈ এবাৰ তেওঁ নিৰ্যাতনৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছিল আৰু সেই সময়ছোৱাত তেওঁ কি অনুভৱ কৰিছিল।

হিন্দুস্তান টাইমছৰ সৈতে হোৱা সাক্ষাৎকাৰত হাৰ্ডি সন্ধুৱে তেওঁৰ লগত সংঘটিত এক ঘটনাৰ কথা উল্লেখ কৰে। হাৰ্ডি-এ কয় যে তেওঁ এখন বিয়াত মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু তাৰ পাছত এগৰাকী আদবয়সীয়া মহিলাই তেওঁক নিৰ্যাতন চলাইছিল। তেওঁ ক’লে- ডেৰ-দুবছৰ আগতে বিয়াৰ অনুষ্ঠান এটা আছিল। মোৰ সন্মুখত প্ৰায় ৪০-৪৫ বছৰ বয়সৰ এগৰাকী মহিলা আছিল। তেওঁ নাচি নাচি মোক কৈ আছিল যে মহিলাগৰাকীয়ে মোৰ সৈতে মঞ্চত আহিব বিচাৰে।পাছত তেওঁ মঞ্চলৈ আহি তেওঁ মোক সাৱটি ধৰিলে আৰু মোৰ কাণখন চেলেকি দিয়ে।'

উল্লেখ্য যে হাৰ্ডি সন্ধুৰ প্ৰকৃত নাম হাৰ্ডবিন্দৰ সিং সিন্ধু। ‘টকিলা শ্বট’ গীতটোৰ জৰিয়তে তেওঁৰ গায়কী যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু ২০১৩ চনত মুক্তি পোৱা ‘সচ’ গীতটোৰ পৰাই তেওঁ সামাজিক স্বীকৃতি লাভ কৰে। এতিয়া তেওঁ বলীউড উদ্যোগত কাম কৰি ১০ বছৰ সম্পূৰ্ণ কৰিছে আৰু এই সময়ছোৱাত তেওঁ ‘তিতলিয়ান ভাৰ্গা’, ‘নাহ’, ‘বিজলী বিজলী’ আৰু ‘কিয়া বাত এ’ আদি বহু গীতেৰে অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান